গগনদীপ কাং এগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানী। তেওঁ ভেলুৰত অৱস্থিত খ্ৰীষ্টান মেডিকেল কলেজৰ গেষ্ট্ৰইণ্টেষ্টিনেল বিজ্ঞানৰ অধ্যাপক আৰু বৰ্তমান ফৰিদাবাদত অৱস্থিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ অন্তৰ্গত জৈৱপ্ৰযুক্তিবিদ্যা বিভাগৰ ট্ৰেন্সলেছন হেলথ্ চাইন্স এণ্ড টেকনলজি ইনষ্টিটিউটৰ কাৰ্যকৰী সঞ্চালক।[1] তেওঁ মুখ্যতঃ শিশুৰ ভাইৰেল ইনফেক্সন আৰু ৰেট্ৰ'ভাইৰেল টীকাৰ ওপৰত গৱেষণাৰ বাবে বিখ্যাত। তেওঁ ৰেট্ৰ'ভাইৰাচৰ প্ৰাকৃতিক ইতিহাস আৰু অন্যান্য সংক্ৰমণৰ ওপৰত কৰা গৱেষণাৰ স্বীকৃতি স্বৰূপে ২০১৬ চনত তেওঁ জীৱ বিজ্ঞানৰ ইন'ফচিছ প্ৰাইজ লাভ কৰিছিল।[1]

গগনদীপ কাং
জন্ম ০৩ নৱেম্বৰ, ১৯৬২ (৬১ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা এমবিবিএছ, এমডি, পিএইছডি, এফআৰচিপেথ
শিক্ষানুষ্ঠান খ্ৰীষ্টান মেডিকেল কলেজ, ভেলুৰ
পেচা চিকিৎসা বিজ্ঞানী
ৱেবছাইট
http://cmcwtrl.in/

২০১৯ চনত তেওঁ যুক্তৰাজ্যৰ বিখ্যাত বৈজ্ঞানিক প্ৰতিষ্ঠান ৰয়েল ছচাইটি অফ লণ্ডনৰ ফেল' বা সদস্যপদ লাভ কৰে। এই একাডেমীৰ ৩৫৯ বছৰীয়া ইতিহাসত ফেলশ্বিপ লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় মহিলা।

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "Infosys Prize - Laureates 2016 - Prof. Gagandeep Kang" (en ভাষাত). www.infosys-science-foundation.com. http://www.infosys-science-foundation.com/prize/laureates/2016/gagandeep-kang.asp। আহৰণ কৰা হৈছে: 2018-01-20. 

বাহ্যিক সংযোগ সম্পাদনা কৰক