গজবা-ই-হিন্দ হৈছে ইছলামৰ শেষ নবী মহম্মদৰ ভৱিষ্যদ্বাণী, য’ত কোৱা হৈছে যে ভাৰতীয় উপমহাদেশত মুছলমান আৰু অমুছলমানৰ মাজত যুদ্ধ হ’ব, য’ত মুছলমানসকলে বিজয়ী হ’ব।

নাছাৰ কৃত্ৰিম উপগ্ৰহৰ সহায়ত তোলা ভাৰতীয় উপমহাদেশৰ ছবি

অৰ্থ সম্পাদনা কৰক

"গজবা" শব্দটোৱে ইছলাম প্ৰচাৰৰ উদ্দেশ্যে কৰা সামৰিক অভিযান বুজায়, আৰু "হিন্দ" হৈছে ভাৰতৰ আৰবী প্ৰতিশব্দ।

ধৰ্মীয় গ্ৰন্থত বিৱৰণ সম্পাদনা কৰক

আবু হুৰায়ৰা দ্বাৰা বৰ্ণিত মুহাম্মাদ ভাৰতৰ (তৎকালীন সময়ত ভাৰত বুলি অভিহিত কৰোঁতে অখণ্ড ভাৰত নতুবা ভাৰতীয় উপমহাদেশক বুজোৱা হৈছিল) কথা উল্লেখ কৰিছিল লগতে কৈছিল যে:

নিশ্চয় আমাৰ এটা দলে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিব, আল্লাহে সেই গোটৰ যোদ্ধাসকলক সফলতা প্ৰদান কৰিব, আৰু তেওঁলোকে ৰজাসকলক শিকলিৰে বান্ধি টানিব। আল্লাহে সেই যোদ্ধাসকলক ক্ষমা কৰিব (এই মৰ্যাদাপূৰ্ণ যুদ্ধৰ বাবে)। সেই মুছলমান সকলে ঘূৰি আহিব তেওঁলোকে ছিৰিয়াত (শ্বাম) যীচু ইবনে মৰিয়মক বিচাৰি পাব।

তদুপৰি হাদিসত এই বিষয়ে উল্লেখ পোৱা যায়। মুহাম্মাদে কৈছিল:

"মোৰ উম্মাহৰ দুটা গোট, আল্লাহ তাআলাই তেওঁলোকক জাহান্নামৰ পৰা ৰক্ষা কৰিব। হিন্দুস্তানত জেহাদ চলাব পৰা এটা গোট, আৰু ইছা ইবনে মৰিয়মৰ লগত থকা এটা গোট।" [1][2]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক