গণতন্ত্ৰ (ইংৰাজী: Democracy) হ’ল কোনো ৰাষ্ট্ৰৰ (বা কোনো সংগঠনৰ) এনে এটি শাসন ব্যৱস্থা য'ত প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে। গণতন্ত্ৰত আইন প্ৰস্তাৱনা, প্ৰণয়ণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰ অংশগ্ৰহণৰ সমান অধিকাৰ আছে যিটো সচৰাচৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ মাধ্যমেৰে হয়। যদিও শব্দটি সাধাৰণতে ৰাজনৈতিক ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় যদিও অন্যান্য সংস্থা বা সংগঠনৰ ক্ষেত্ৰটো এইটো প্ৰযোজ্য।

গণতন্ত্ৰ বা ডেমোক্ৰেচী শব্দটো আহিছে গ্ৰীক শব্দ ডেমোক্ৰেচিয়া (δημοκρατία)-ৰ পৰা, যাৰ অৰ্থ জনগণৰ শাসন।[1] ডেমোচ মানে হ’ল জনগণ আৰু ক্ৰাটোচ মানে ক্ষমতা। খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকামানৰ পৰাই গ্ৰীচ দেশত এই শব্দটিৰ ব্যৱহাৰ হৈ আহিছে।

আব্ৰাহাম লিংকনৰ মতে গণতন্ত্ৰ সংজ্ঞা, “গণতন্ত্ৰ হ'ল ৰাইজৰ দ্বাৰা, ৰাইজৰ হকে গঠিত, ৰাইজৰ চৰকাৰ।”

প্ৰায় আঢ়ৈহাজাৰ বছৰ আগতে বিশ্বৰ প্ৰথম গণতন্ত্ৰ সৃষ্টি হয় গ্ৰীচৰ নগৰ ৰাষ্ট্ৰ এথেন্সত। এথেন্সত গণতন্ত্ৰৰ সূচনা কৰিছিল ক্লেইস্থেনিছে ৫০৮-৫০৭ খ্ৰীষ্টপূৰ্বত। ক্লেইস্থেনিছক এথেনীয়ান গণতন্ত্ৰৰ পিতৃপুৰুষ হিচাপে জনা যায়।

বিশেষত্ব

সম্পাদনা কৰক

আইনগত সমতা (legal equality), ৰাজনৈতিক স্বাধীনতা (political freedom), আইনৰ নীতি (rule of law)-ক গণতন্ত্ৰৰ মুখ্য বিশেষত্ব বুলি চিনাক্ত কৰা হৈছে।[2][3] গণতন্ত্ৰত সকলো নাগৰিকেই আইনৰ চকুত সমান আৰু যিকোনো আইনী প্ৰক্ৰিয়াত সমান সুবিধা লাভ কৰিব।

ৰাজনীতি বিজ্ঞানী লেৰী ডায়মণ্ডৰ মতে গণতন্ত্ৰ চাৰিটা মূল অংশ থাকে:

  1. এটা ৰাজনৈতিক ব্যৱস্থা যাৰ জৰিয়তে মুক্ত আৰু নিকা নিৰ্বাচন পদ্ধতিৰে চৰকাৰ বাছনি আৰু সলনি কৰিব পাৰি
  2. নাগৰিকৰ দ্বাৰা ৰাজনীতি আৰু সাধাৰণ জীৱনত সক্ৰিয় অংশগ্ৰহণ
  3. সকলো নাগৰিকৰ মানৱ অধিকাৰ সুৰক্ষিত ৰখা
  4. সকলো নাগৰিকৰ ওপৰত সমানে প্ৰযোজ্য হোৱা এটা আইনী ব্যৱস্থা[4]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. δημοκρατία in Henry George Liddell, Robert Scott, "A Greek-English Lexicon", at Perseus
  2. Liberty and justice for some at Economist.com
  3. O'Donnell, G., In Diamond, L.; Morlino, L., Assessing the Quality of Democracy, JHU Press, 2005, p. 3.
  4. Diamond, L., Lecture at Hilla University for Humanistic Studies January 21, 2004: "What is Democracy"