গণেশগুৰি
গণেশগুৰি (Ganeshguri) গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এক প্ৰধান ব্যৱসায়িক অঞ্চল। ই অসমৰ গুৱাহাটী চহৰত অৱস্থিত। [1] ইয়াৰ দক্ষিণাংশত অৱস্থিত গণেশ মন্দিৰটোৰ বাবেই এই ঠাইখন গণেশগুৰি নামে পৰিচিত হৈ পৰিল। গণেশগুৰিৰ মূল চাৰিআলিতেই বিষ্ণু প্ৰসাদ ৰাভা উৰণীয়া সেতু আছে ৷ এই উৰণীয়া সেতুখনৰ তলতেই ২০০৮ চনৰ ৩০ অক্টোবৰত এক ভয়াবহ বোমা বিষ্ফোৰণ সংঘটিত হৈছিল, য’ত প্ৰায় ৩০ জনৰ অধিক নিহত আৰু ততোধিক লোক আহত হৈছিল । নিহতসকলৰ স্মৃতিচাৰণৰ উপলক্ষে এক ভাস্কৰ্য নিৰ্মাণ কৰা হৈছে সেতুখনৰ মাজভাগৰ তলত ৷ বাকী ঠাইসমূহ পাৰ্কিং আস্থান ৷


উল্লেখযোগ্য স্থান
সম্পাদনা কৰকইয়াত গণেশ মন্দিৰ, বিশাল মেগা মাৰ্ট, দিশপুৰ হস্পিতাল, দিশপুৰ পলিক্লিনিক, দিশপুৰ মহাবিদ্যালয়, গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাৰোৱাড়ী মন্দিৰ, গণেশগুৰি পাচলি বজাৰ আদি অৱস্থিত ৷
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "আৰ্কাইভ কপি". Archived from the original on 2012-04-26. https://web.archive.org/web/20120426071904/http://www.indiatravelnext.com/places/guwahati/ganeshguri-in-guwahati/। আহৰণ কৰা হৈছে: 2013-01-21.