গন্ধকচু

সপুষ্পক উদ্ভিদৰ প্ৰজাতি

গন্ধকচু অসমত পোৱা এবিধ সুগন্ধি উদ্ভিদ৷ ইয়াৰ বৈজ্ঞানিক নাম: Homalomena aromatica. ই কচু গোত্ৰৰ এটা প্ৰজাতি৷ এই প্ৰজাতিটো এৰেচী (Araceae) নামৰ পৰিয়ালৰ অন্তৰ্গত৷ অতি উচ্চ মানৰ সুগন্ধৰ বাবে এই কচুক সুগন্ধি কচু বোলা হয়৷ এই প্ৰজাতিৰ অন্য এটা বাণিজ্যিক নাম হ’ল সুগন্ধমন্ত্ৰী

Homalomena aromatica, গন্ধকচু

বৈশিষ্ট্য সম্পাদনা কৰক

গন্ধকচু স্থলজ, কন্দধাৰী, চিৰসেউজীয়া, ভেষজ, সুগন্ধি উদ্ভিদ৷ ই চুটি আৰু থিয় কাণ্ডৰ সৈতে প্ৰায় ৪০ৰ পৰা ৬০ ছেন্টিমিটাৰ পৰ্যন্ত ওখ হয়৷ পাত ২০ৰ পৰা ৩৫ ছেণ্টিমিটাৰ দীঘল আৰু ১৫ৰ পৰা ২৫ ছেণ্টিমিটাৰ বহল৷ গন্ধকচুৰ পুষ্পবিন্যাস গোটা, অনিয়ত আৰু পাতসমূহ সেউজীয়া৷ ইয়াৰ বীজ অসংখ্য হয় আৰু আকাৰ অতি সৰু৷[1]

উৎপত্তি সম্পাদনা কৰক

পৃথিৱীৰ বিভিন্ন ঠাইত গন্ধকচু পোৱা যায়৷ উত্তৰ থাইলেণ্ড, উত্তৰ-পূব ভাৰত, উত্তৰ ম্যানমাৰ, লাওচ, বাংলাদেশ, চীনদেশৰ ওয়াংচি অঞ্চল আৰু দক্ষিণ ইউনান অঞ্চলত গন্ধকচু পোৱা যায়৷ উত্তৰ-পূব ভাৰতৰ অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ নিম্ন উচ্চতা অঞ্চলত গন্ধকচু পোৱা যায়৷

ঔষধি গুণ সম্পাদনা কৰক

গন্ধকচুক গান্ধী শিপা বুলিও জনা যায়৷ ই এবিধ ঔষধি উদ্ভিদ৷ এইবিধ উদ্ভিদৰ আৱশ্যকীয় তেল উচ্চ বিশুদ্ধতাৰ বাবে জনাজাত আৰু ইয়াৰ এটা বৰ ভাল সুগন্ধি আছে যাৰ বাবে ইয়াক এৰোমাথেৰাপি প্ৰয়োগত ব্যাপকভাৱে ব্যৱহাৰ কৰে। থাইমল, পাইনেন, মিথাইল এন্থ্ৰানিলেট, ইণ্ডোল, বেনজাইল এলকহল আদিত গন্ধকচু ব্যৱহাৰ কৰা হয়৷ ই এন্টি-ইনফ্লেমেটৰী, এন্টি-স্পাচমোডিক, এন্টিডিপ্ৰেছনত সহায় কৰে, আধ্যাত্মিক নিৰাময়ৰ বাবে, স্নায়ু শান্ত কৰাতো ব্যৱহাৰ কা হয়৷। ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে চৰ্দি, সংক্ৰমণ, আঘাত বা আৱেগিক চাপৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয়। [2][1]

বাণিজ্যিক ব্যৱহাৰ সম্পাদনা কৰক

গন্ধকচুৰ শিপাৰ পৰা এবিধ তেল তৈয়াৰ কৰা হয় যাক প্ৰসাধন সামগ্ৰী, ঔষধ আদি প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়৷ এণ্টিছেপ্টিক, বিভিন্ন বিষ নিৰাময়ক আৰু ছালৰ ৰোগ নিৰ্মূলকৰণত ইয়াৰ পৰা ঔষধ তৈয়াৰ কৰা হয়৷ ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ কোনো কোনো লোকে ইয়াক মছলা হিচাপেও ব্যৱহাৰ কৰে৷ গৱেষণাত পোৱা তথ্যমতে গন্ধকচুৰ ৰাইজ’মৰ পৰা নিষ্কাশিত তেলত এতিয়ালৈকে ৫৫টা ৰাসায়নিক উপাদান চিনাক্ত কৰা হৈছে৷ সেইবোৰৰ কিছুমান হ’ল; লিনালুল(৬২.৫%), টাৰ্পেন-৪-অ’ল(৭.০৮%), δ-কেডিনেন(৫.৫৭%), টি-মুৰোলোল(৫.৩২%), ɑ-কেডিনোল(৩.৭১%), ভিৰিডিফ্লোৰোল(৩.৬৯%), এম-ছাইমেন(২.১৯%), স্পাটুলেনোল(১.৮১%) আৰু γ-মুৰোলেন(১.৮১%) আদি৷[1]

খেতি পদ্ধতি সম্পাদনা কৰক

গন্ধকচু আংশিকভাবে ছাঁ পৰা ঠাইত হয়৷ গছ-গছনিৰে আৱৰি থকা এঢলীয়া ঠাইৰ ৪০-৬০ শতাংশ ছাঁ পৰা ঠাই গন্ধকচুৰ বাবে উত্তম ঠাই৷ বাণিজ্যিকভাবে খেতি কৰিবলৈ জৈবৱিক গুণসমৃদ্ধ এছিডিক মাটি ইয়াৰ বাবে উপযুক্ত৷ গন্ধকচু ২০০০-৩০০০ মিলিমিটাৰলৈকে বৰষুণৰ সৈতে উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু বিচাৰে৷ ৩-৪ ছেণ্টিমিটাৰ আকাৰৰ সক্ৰিয় মুকুলৰ সৈতে সতেজ ৰাইজ’মৰ পৰা ৰোৱাৰ বাবে পুলি গজাব পাৰি৷ ২৫-৩০ দিনৰ ভিতৰতে ৰোৱাৰ বাবে উপযুক্ত হৈ পৰা গজালিবোৰ মে’ মাহত ৬০ ছেণ্টিমিটাৰ আঁতৰে আঁতৰে ৰুব লাগে৷ পাঁচ ছেণ্টিমিটাৰমান ওখ নোহোৱালৈকে মাটিৰে ঢাকি ৰাখিব লাগে৷[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 বৰুৱা, ড° সঞ্জীৱ (১ আগষ্ট ২০২৩). "উত্তৰ পূব ভাৰতৰ সংকটাপন্ন সুগন্ধি উদ্ভিদ ’গন্ধকচু’". প্ৰান্তিক: ৪৬. 
  2. "Homalomena Aomatica". https://indiabiodiversity.org/observation/show/391840। আহৰণ কৰা হৈছে: 10 August 2023.