গান্ধী গ্লবেল ফেমিলি (ইংৰাজী: Gandhi Global Family, চমুকৈ জি জি এফ) হৈছে ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী যোগাযোগ বিভাগৰ স্বীকৃত এটি শান্তি এন জি অ' যি যুৱসকলৰ মাজত মহাত্মা গান্ধী, মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু নেলছন মেণ্ডেলাৰ আদৰ্শ প্ৰচাৰ কৰে। ই তৃণমূল স্তৰত বন্ধুত্ব বৃদ্ধি কৰাত নিজকে সহযোগিতা কৰে, আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ যোগাযোগ স্থাপন কৰে।

ইংলেণ্ডত গান্ধী গ্লবেল ফেমিলিৰ কিছু সদস্য

জিজিএফে যুৱপ্ৰজন্মক বিতৰ্ক, কুইজ, এছডিজি, নেতৃত্ব কাৰ্য্যসূচী, দুঃসাহসিক ভ্ৰমণ, ৰাজ্য সভা আৰু সংসদত মিনি ডেমক্ৰেটিক অধিবেশন আদিত অংশগ্ৰহণ কৰিবলৈ নিয়োজন কৰে। জিজিএফৰ আঁচনিখনে ভাৰতৰ স্কুল, কলেজ আৰু বিশ্ববিদ্যালয় পৰ্যায়ত "সত্য আৰু অহিংসাৰ ওপৰত আলোচনা", "গান্ধী মেণ্ডেলা ক্ৰিকেট শান্তি শৃংখলা", "শান্তি যাত্ৰা" আৰু "UN কুইজ" আদি অনুষ্ঠানৰ ওপৰত কাম কৰে।

জিজিএফে দেশজুৰি স্থানীয় শান্তি বাৰ্তাবাহকসকলক চিনাক্ত কৰিবলৈ আৰু সম্প্ৰীতিৰ সৌহাৰ্দ্য ৰখা আৰু আন্তঃবিশ্বাস বিশ্বাস বিস্তাৰ কৰাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ চেষ্টা কৰে। এন জি অ'টোৱে ৰাষ্ট্ৰসংঘৰ সহযোগত বিভিন্ন পৰিসৰৰ সামাজিক সজাগতা কাৰ্য্যসূচী গ্ৰহণ কৰে। আৰম্ভণিত থকা এনে এটা কাৰ্য্যসূচীত দেশৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানী চহৰৰ ১৭খন বিদ্যালয় অন্তৰ্ভুক্ত থাকে। প্ৰকল্পটোৰ উদ্দেশ্য হৈছে দেশৰ শিক্ষাৰ্থী সমাজৰ মাজত ৰাষ্ট্ৰসংঘৰ ১৭ বিধ বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি)-ৰ বাৰ্তা বিস্তাৰ কৰা। ইয়াৰ উপৰিও, এনে কাৰ্যসূচীৰ এক মুখ্য আকৰ্ষণ হৈছে যুৱ প্ৰজন্মক সমাজ কল্যাণৰ হকে কাম কৰিবলৈ সহযোগ কৰা আৰু ইয়াৰ দ্বাৰা বিশ্বব্যাপী শান্তি ৰক্ষা কৰা।

আনুষ্ঠানিক গান্ধী মেডেল সম্পাদনা কৰক

  • শিক্ষাৰ্থীৰ বাবে আনুষ্ঠানিক গান্ধী দূত মেডেল আৰু গ্ৰাছ ৰুত স্তৰত গ্ৰাম্য সমাজৰ বাবে কাম কৰা আৰু যুৱ প্ৰজন্ম আৰু গ্ৰাম্য সমাজত সজাগতা অনাৰ বাবে কাম কৰা আৰু গান্ধীৰ আদৰ্শেৰে কামত উচৰ্গিত কৰ্মীলৈ গান্ধী সেৱা মেডেল।[1]
  • ২০০৬ চনৰ ৩০ জানুৱাৰীত জম্মুত ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাৰ প্ৰধানসকললৈ "মহাত্মা গান্ধী" বঁটা উচৰ্গা কৰা হয়। জম্মু আৰু কাশ্মীৰৰ ২০০৫ চনৰ ভূমিকম্পৰ ধ্বংসলীলাৰ সময়ত তেওঁলোকৰ প্ৰশংসনীয় কাৰ্যৰ বাবে সেই সময়ৰ মুখ্যমন্ত্ৰী ঘোলাম নবী আজাদৰ দ্বাৰা বঁটাটো দিয়া হয়।
  • দালাই লামা, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণন, মঙ্ক ভেন প্ৰজাভৱনভিসুধ, ছোনিয়া গান্ধী, লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰ, ছাৰ্কৰ সাধাৰণ সম্পাদক হেমন্ত বাট্ৰা, কিৰণ মেহৰা কাৰপেলাম, YHAIৰ সভাপতি শ্ৰী হৰিশ চাক্সেনা, আৰু শান্ত নিৰাকাৰী মিছনৰ প্ৰধান বাবা হৰদেভ সিং ২০১৩, এই সকলক এই মেডেলেৰে বিভূষিত কৰা হৈছে।

তথ্যউৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক