গান্ধী মেণ্ডেলা পুৰস্কাৰ

গান্ধী মেণ্ডেলা পুৰস্কাৰ (ইংৰাজী: Gandhi Mandela Awards) হৈছে এটা অতি সন্মানীয় আন্তৰ্জাতিক পুৰস্কাৰ৷ এই পুৰস্কাৰৰ জৰিয়তে গান্ধীবাদ আৰু নেলছন মেণ্ডেলাৰ আদৰ্শক প্ৰচাৰ কৰা হয়৷[1] বিচাৰকৰ আসন শুৱনি কৰা বিশিষ্ট আইনজ্ঞ কে.জি. বালকৃষ্ণণ, ন্যায়াধীশ দীপক মিশ্ৰ, কেদাৰ নাথ উপাধ্যায়, এম ডি তফজ্জুল ইছলাম, জ্ঞান সুধা মিশ্ৰৰ দ্বাৰা বঁটাপ্ৰাপকৰ নাম নিৰ্বাচিত কৰা হয়৷ এই বঁটাটো ২০১৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল৷ বঁটা প্ৰৱৰ্তন কৰিছিল "ইণ্টাৰএক্টিভ ফ'ৰাম অন ইণ্ডিয়ান ইক'ন'মি" আৰু "দ্য গান্ধী মেণ্ডেলা ফাউণ্ডেছনে"৷ [2] এই পুৰস্কাৰটো প্ৰতি বছৰে মুঠ সাতটা শিতানত প্ৰদান কৰা হয় আৰু সাধাৰণতে এছিয়া তথা আফ্ৰিকান দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী অথবা কোনো প্ৰখ্যাত আন্তৰ্জাতিক ব্যক্তিত্বই উক্ত পুৰস্কাৰ প্ৰদান কৰে৷ [3][4]

বিৱৰণ সন্মানীয় আন্তৰ্জাতিক পুৰস্কাৰ৷ এই পুৰস্কাৰৰ জৰিয়তে গান্ধীবাদ আৰু নেলছন মেণ্ডেলাৰ আদৰ্শক প্ৰচাৰ কৰা হয়৷ শান্তি, সামাজিক কল্যাণ, সংস্কৃতি, স্বাস্থ্য সেৱা, ক্ৰীড়া, শিক্ষা আৰু উদ্ভাৱন-এই সাতটা শিতানত উক্ত বঁটা প্ৰদান কৰা হয়৷
প্ৰদান কৰোঁতা "ইণ্টাৰএক্টিভ ফ'ৰাম অন ইণ্ডিয়ান ইক'ন'মি" আৰু "দ্য গান্ধী মেণ্ডেলা ফাউণ্ডেছন"
শ্ৰেষ্ঠাংশ
সৰ্বমুঠ পুৰস্কাৰ দিয়া হৈছে ১২

পুৰস্কাৰ প্ৰদান সমাৰোহ প্ৰতি বছৰৰ ১৮ জুলাই (নেলছন মেণ্ডেলাৰ জন্ম দিৱস) আৰু ২ অক্টোবৰ (মহাত্মা গান্ধীৰ জন্ম দিৱস)ত অনুষ্ঠিত হয়৷[5]

মহাত্মা গান্ধী আৰু নেলছন মেণ্ডেলা আছিল কুৰি শতিকাত বৰ্ণবাদ আৰু ঔপনিৱেশিক শাসনৰ বিৰোধ কৰা দুগৰাকী স্মৰণীয় ব্যক্তি৷ দুয়োগৰাকীকেই দুয়োখন দেশত পিতৃৰূপে গণ্য কৰা হয়৷ [6][7][8]

বিচাৰক মণ্ডলী সম্পাদনা কৰক

  • ন্যায়াধীশ কে.জি বালকৃষ্ণণ (ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু NHRCৰ প্ৰাক্তন অধ্যক্ষ)
  • ন্যায়াধীশ দীপক মিশ্ৰ (ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ)
  • ন্যায়াধীশ কেদাৰ নাথ উপাধ্যায় (নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু NHRCনেপালৰ প্ৰাক্তন অধ্যক্ষ)
  • ন্যায়াধীশ এম ডি তফজ্জুল ইছলাম (নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ)
  • ন্যায়াধীশ জ্ঞান সুধা মিশ্ৰ (সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ)

(NHRC-National Human Rights Commission of India, ভাৰতৰ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ)

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Gandhi Mandela Award 2019 will honour Heads of State and Government" (en ভাষাত). Hindustan Times. 31 October 2019. https://www.hindustantimes.com/brand-post/gandhi-mandela-award-2019-will-honor-heads-of-state-and-government/story-zSwt8sKlAjYUThDvZmkvZP.html. 
  2. "Gandhi Mandela Award 2019, an initiative to commemorate All Time World Pioneers". Business Standard India. 25 October 2019. https://www.business-standard.com/article/news-ani/gandhi-mandela-award-2019-an-initiative-to-commemorate-all-time-world-pioneers-119102500976_1.html. 
  3. Corridors, Power. "BRICS Chamber of Commerce to be a part of Gandhi Mandela Award 2019" (en ভাষাত). www.powercorridors.in. Archived from the original on 2021-10-03. https://web.archive.org/web/20211003145921/https://www.powercorridors.in/society/brics-chamber-of-commerce-to-be-a-part-of-gandhi-mandela-award-2019। আহৰণ কৰা হৈছে: 2021-10-03. 
  4. "Gandhi Mandela Award 2019, an initiative to commemorate All Time World Pioneers" (en ভাষাত). www.aninews.in. https://www.aninews.in/news/business/gandhi-mandela-award-2019-an-initiative-to-commemorate-all-time-world-pioneers20191025173845/. 
  5. "Gandhi Mandela Award 2019, an initiative to commemorate All Time World Pioneers". News18. https://www.news18.com/news/press-release/gandhi-mandela-award-2019-an-initiative-to-commemorate-all-time-world-pioneers-2362551.html. 
  6. टाइम्स, पंचायती. "गाँधी-मंडेला अवार्ड्स 2019 में ब्रिक्स चैंबर ऑफ कॉमर्स भी सम्मिलित होगा" (en ভাষাত). www.panchayatitimes.com. Archived from the original on 2021-10-03. https://web.archive.org/web/20211003145919/https://www.panchayatitimes.com/newsdetail.php?id=746। আহৰণ কৰা হৈছে: 2021-10-03. 
  7. Corridors, Power. "Gandhi Mandela Award for excellence" (en ভাষাত). www.powercorridors.in. Archived from the original on 2021-10-03. https://web.archive.org/web/20211003145922/https://www.powercorridors.in/politics/gandhi-mandela-award-for-excellence-। আহৰণ কৰা হৈছে: 2021-10-03. 
  8. "Gandhi Mandela Award 2019, an initiative to commemorate All Time World Pioneers". News18. https://www.news18.com/news/press-release/gandhi-mandela-award-2019-an-initiative-to-commemorate-all-time-world-pioneers-2362551.html.