গাভৰু চাং
গাভৰু চাং (ইংৰাজী: Gabharu Chang) অসমত প্ৰাচীন কালৰেপৰা বসবাস কৰি অহা কিছুমান জনজাতীয় সমাজত প্ৰচলিত এক ব্যৱস্থা। এই ব্যৱস্থাৰ দ্বাৰা একোখন গাঁৱত অবিবাহিতা গাভৰুসকলৰ বাবে একোখন উমৈহতীয়া চাংঘৰ থাকে৷ এই চাংঘৰতে গাভৰুসকলে সাংসাৰিক আৰু সামাজিক সকলো বিষয়ৰ শিক্ষা লাভ কৰে৷ ডেকা চাং যিদৰে ডেকাসকলৰ বাবে সাংসাৰিক শিক্ষাৰ আখৰাথলী ঠিক তেনেদৰে গাভৰু চাং গাভৰুসকলৰ বাবে শিক্ষা-দীক্ষা, হস্তশিল্প আৰু সাংসাৰিক জ্ঞানৰ পঢ়াশালিস্বৰূপ। কেতিয়াৰপৰা জনজাতিসকলৰ মাজত গাভৰু চাঙৰ প্ৰচলন হৈছিল জনা নাযায় যদিও এই অনুষ্ঠানে গাভৰু বা যুৱতীসকলৰ ব্যৱহাৰিক জ্ঞান বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে। গাভৰু চাঙত গাভৰুসকলৰ উপৰি বিধবা মহিলা যদি পুনৰ বিবাহত নবহে তেন্তে সদস্যা হ'ব পাৰে। গাভৰু চাং কেৱল গাভৰুসকলৰ বাবেহে। ইয়াত কোনো পুৰুষৰে প্ৰৱেশ নিষিদ্ধ। গাভৰু চাঙৰ জ্যেষ্ঠসকলৰ কথা কনিষ্ঠসকলে মানি চলিবলগীয়াটো এক অঘোষিত নিয়ম। জ্যেষ্ঠসকলে কনিষ্ঠসকলক এই গাভৰু চাঙতে বিভিন্ন হাতৰ কামৰ শিক্ষা দিয়ে। এসময়ত গাভৰু চাং পৰ্বতীয়া জনজাতিসকলৰ মাজত বহুলভাৱে প্ৰচলিত আছিল যদিও আজিকালি এই অনুষ্ঠান বিলুপ্ত হোৱাৰ দৰে হ'ল। নাগালেণ্ডৰ টাংখুল নগাসকল আৰু জেলিয়াংসকলৰ লগতে অৰুণাচল প্ৰদেশৰ টাংছা জনজাতিৰ মাজত গাভৰু চাঙৰ ব্যৱস্থা আছিল। টাংছাসকলৰ গাভৰুচাঙক 'লিকপ্যা' বোলে।[1][1] আবৰসকলৰ মাজত প্ৰচলিত গাভৰু চাঙক 'ৰাশ্বেং' বোলা হয়।
তথ্যসূত্ৰ
সম্পাদনা কৰক- 'অসমৰ সংস্কৃিত কোষ' — ড° নাৰায়ণ দাস (মুখ্য সম্পাদক), ড° পৰমানন্দ ৰাজবংশী (সম্পাদক), প্ৰাগজ্যোজ্যোতিষ মহাবিদ্যলয়ৰ হৈ জ্যোতি প্ৰকাশন, পাবজাৰ, গুৱাহাটী-১, প্ৰথম প্ৰকাশ : মাৰ্চ, ২০০৯, পৃষ্ঠা, ১৭১, ১৭২।
- ↑ 1.0 1.1 ভট্টাচাৰ্য, ড° প্ৰমোদ চন্দ্ৰ (১৯৬২). অসমৰ জনজাতি. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২৫৪, ২৬৪.