গুঞ্জন চাক্সেনা (জন্ম ১৯৭৫)[1] এগৰাকী ভাৰতীয় বায়ুসেনা বাহিনীৰ অফিচাৰ আৰু হেলিকপ্টাৰ পাইলট। ১৯৯৬ চনত বায়ুসেনা বাহিনীত যোগদান কৰা চাক্সেনা ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ প্ৰবীণ সৈনিক।[2][3][4] সমুখ সমৰত উৰাজাহাজ চলোৱা প্ৰথম মহিলাসকলৰ ভিতৰত তেওঁ অন্যতম। কাৰ্গিল যুদ্ধৰ সময়ত তেওঁৰ মূল ভূমিকা আছিল কাৰ্গিলৰ পৰা আহতসকলক উলিয়াই অনা, সামগ্ৰী পৰিবহণ কৰা, আৰু চোৰাংচোৱাগিৰিত সহায় কৰা।[2] তাৰ পাছত কাৰ্গিলৰ পৰা আহত আৰু মৃত ৯০০ৰো অধিক সৈন্যক উলিয়াই অনাৰ অভিযানত অংশ লৈছিল। ২০০৪ চনত আঠ বছৰ পাইলট হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত হেলিকপ্টাৰ পাইলট হিচাপে তেওঁৰ কেৰিয়াৰৰ অন্ত পৰে; তেওঁৰ সময়ত মহিলাসকলৰ বাবে স্থায়ী নিযুক্তি উপলভ্য নাছিল। [4][5]

Flight Lieutenant
গুঞ্জন চাক্সেনা
প্ৰকৃত নাম गुंजन सक्सेना
জন্ম ১৯৭৫ (বয়স ৪৮–৪৯)[1]
আনুগত্য  ভাৰত
চাকৰি/শাখা  Indian Air Force
চাকৰিৰ কাৰ্যকাল ১৯৯৪-২০০৪
পদমৰ্যদা ফ্লাইট লেফটেনেণ্ট
যুদ্ধ-বিগ্ৰহ কাৰ্গিল যুদ্ধ

কিৰণ নিৰ্বাণৰ সৈতে তেওঁ লিখা আত্মজীৱনী দ্য কাৰ্গিল ৱাৰৰ সৈতে চিনেমাখনো পেংগুইন প্ৰকাশনে মুকলি কৰিছিল।

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

সেনাবাহিনীৰ পৰিয়ালত জন্মগ্ৰহণ কৰা [6] ছাক্সেনাৰ পিতৃ লেফটেনেণ্ট কৰ্ণেল অনুপ কুমাৰ ছাক্সেনা আৰু ভাতৃ লেফটেনেণ্ট কৰ্ণেল অংশুমান দুয়োজনেই ভাৰতীয় সেনাবাহিনীত কৰ্মৰত আছিল।[4] চাক্সেনাই নতুন দিল্লীৰ দিল্লী বিশ্ববিদ্যালয়ৰ হন্সৰাজ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত বিজ্ঞান স্নাতক ডিগ্ৰী লাভ কৰে।

ভাৰতীয় বায়ুসেনা

সম্পাদনা কৰক

১৯৯৬ চনত ভাৰতীয় বায়ুসেনাত পাইলট হিচাপে যোগদান কৰা ছয়গৰাকী মহিলাৰ ভিতৰত চাক্সেনা অন্যতম। ভাৰতীয় বায়ুসেনাৰ মহিলা প্ৰশিক্ষাৰ্থীৰ সেয়া চতুৰ্থ বৰ্ষ আছিল। [4] ছাক্সেনাৰ প্ৰথম পোষ্টিং আছিল উধামপুৰত, ১৩২ ফৰৱাৰ্ড এৰিয়া কণ্ট্ৰলৰ অংশ হিচাপে ফ্লাইট লেফটেনেণ্ট হিচাপে।‌[3][5]


তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 "Watched 'Gunjan Saxena: The Kargil Girl'? Here's the story of the woman it is based on". Indian Express. https://indianexpress.com/article/who-is/who-is-gunjan-saxena-6553605/। আহৰণ কৰা হৈছে: 2020-08-20. 
  2. 2.0 2.1 Bhadani, Priyanka (26 July 2020). "Gunjan Saxena never thought in her wildest dreams she would inspire a film" (en ভাষাত). The Week. https://www.theweek.in/news/entertainment/2020/07/26/gunjan-saxena-never-thought-in-her-wildest-dreams-she-would-inspire-a-film.html। আহৰণ কৰা হৈছে: 1 August 2020. 
  3. 3.0 3.1 Menon, Smitha (16 June 2020). "The story of Gunjan Saxena, one of India's first women in combat" (en-IN ভাষাত). Condé Nast Traveller India. https://www.cntraveller.in/story/real-story-gunjan-saxena-one-india-first-women-combat-netflix-janhavi-kapoor/। আহৰণ কৰা হৈছে: 1 August 2020. 
  4. 4.0 4.1 4.2 4.3 Javaid, Arfa (10 June 2020). "Gunjan Saxena Biography: Early Life, Education, Career, Awards and Unknown Facts". Jagranjosh.com. https://www.jagranjosh.com/general-knowledge/gunjan-saxena-biography-1591793632-1। আহৰণ কৰা হৈছে: 1 August 2020. 
  5. 5.0 5.1 Rawat, Rachna Bisht (17 July 2019). "Meet Flying Officer Gunjan Saxena, India's only woman warrior in the Kargil war" (en-US ভাষাত). Scroll.in. https://scroll.in/article/930744/meet-flying-officer-gunjan-saxena-indias-only-woman-warrior-in-the-kargil-war। আহৰণ কৰা হৈছে: 1 August 2020. ""She has attained the glory of being in the two woman involved in the Kargil War."" 
  6. Talwar, Shikha (9 June 2020). "This is the real story of Saxena, the Kargil girl who has inspired Janhvi Kapoor's next film" (en-IN ভাষাত). GQ India. https://www.gqindia.com/get-smart/content/this-is-the-real-story-of-gunjan-saxena-the-kargil-girl-who-has-inspired-janhvi-kapoors-next-film। আহৰণ কৰা হৈছে: 1 August 2020.