গেটওৱিয়ান(English : Gatewayian) হৈছে গেটৱে একাডেমী জুনিয়ৰ কলেজ,বাইহাটা চাৰিআলিৰ পৰা প্ৰকাশিত ই-মুখপত্ৰ । অসমৰ ভিতৰত এইখনেই প্ৰথমখন কোনো কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰভাৱে প্ৰকাশিত ই-মুখপত্ৰ ।

গেটওৱিয়ানৰ প্ৰথমটি সংখ্যাৰ শীৰ্ষচিত্ৰ(Header Image)

লক্ষ্য আৰু উদ্দেশ্য : সম্পাদনা কৰক

ইউনিকোডত লিখা-মেলা আৰু সাহিত্য চৰ্চাৰ বিষয়ে জীৱনৰ প্ৰথমখন খেলপথাৰতে ছাত্ৰ-ছাত্ৰীক আভাস দিয়াই গেটওৱিয়ানৰ মূল লক্ষ্য আৰু উদ্দেশ্য । ইয়াৰ বাহিৰেও গেটওৱিয়ানৰ অইন কেতবোৰ উদ্দেশ্য হৈছে -

  • সকলোস্তৰৰ সকলো পাঠক-পাঠিকাকে সকলো সময়তে বিনামূলীয়াকৈ আলোচনীখনৰ পঠনৰ সুযোগ দিয়া ।
  • আলোচনীত থকা মন্তব্য আৰু মেইলৰ সুবিধাৰ যোগেদি পঢ়ুৱৈক তাক্ষণিক আৰু পোনপটীয়াভাৱে মতামত প্ৰকাশৰ ব্যৱস্থা কৰা ।
  • আলোচনীৰ উপাদেয় লেখাবোৰ যাতে সময়ৰ গৰাহত হেৰাই নাযায় তাৰ বাবেও গেটওৱিয়ানে সংৰক্ষকৰ কাম কৰিব ।
  • সাধাৰণ আলোচনীত স্থানাভাৱত যোগ্য লেখা প্ৰকাশ কৰিব নোৱাৰাৰ অসুবিধাৰ পৰা ই-আলোচনী গেটওৱিয়ান মুক্ত ।


আলোচনীৰ লেখক-লেখিকা : সম্পাদনা কৰক

গেটওৱিয়ানত মুখ্যতঃ ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ লেখাহে প্ৰকাশ কৰা হয় যদিও অতিথি লেখকৰ নিৰ্বাচিত লেখা, সাক্ষাৎকাৰ আদিও প্ৰকাশ কৰাৰ হয় । লেখনিসমূহ সংগ্ৰহ কৰি, বাচনি কৰি, প্ৰয়োজনবোধে হাত ফুৰোৱাৰ আৰম্ভ কৰি পৰা আপলোড কৰালৈকে দায়িত্বসমূহ কাৰিকৰী সমিতিকে সম্পাদনা সমিতিৰ বিভিন্ন উপ-সমিতি সমূহে নিয়াৰিকৈ কৰে । লেখা প্ৰকাশৰ ক্ষেত্ৰত সম্পাদকৰ সিদ্ধান্তই চৃড়ান্ত সিদ্ধান্ত ।

নকল লেখাক কেতিয়াও প্ৰশ্ৰয় দিয়া নহয় আৰু কোনোবাই উপযুক্ত প্ৰমাণসহ আঙুলিয়াই দিয়ামাত্ৰেই তেনে লেখা মচি পেলোৱাৰ ব্যৱস্থা কৰা হয় ।

আলোচনীত প্ৰকাশিত লেখাসমূহ লেখক আৰু গেটওৱিয়ানৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।

সম্পাদকৰ তালিকা : সম্পাদনা কৰক

সদ্যহতে প্ৰতি বছৰে মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ দিনা প্ৰকাশ পাবলগীয়া আলোচনীখনৰ প্ৰতিটো সংখ্যাৰ বাবে মহাবিদ্যালয়ত অধ্যয়নৰত যিকোনো এগৰাকী যোগ্য শিক্ষাৰ্থীক সম্পাদকৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । ২০১৮ চনৰ পৰা আত্মপ্ৰকাশ কৰা গেটওৱিয়ানৰ সম্পাদকৰ তালিকা এনেধৰণৰ -

বৰ্ষ সম্পাদকৰ নাম
২০১৮-১৯ প্ৰিয়ম প্ৰীতম

গেটওৱিয়ান কেনেকৈ পঢ়িব পাৰিব ? সম্পাদনা কৰক

http://gatewian.com Archived 2019-02-04 at the Wayback Machine এই লিংকত ক্লিক কৰি আপোনালোকে যিকোনো ঠাইৰ পৰা যিকোনো ডিভাইছৰ সহায়েৰে গেটওৱিয়ানৰ শেহতীয়া সংখ্যাত চকু ফুৰাব পাৰে । গেটওৱিয়ান Archived 2019-02-04 at the Wayback Machineত আপোনাৰ ব্যক্তিগত তথ্যসমূহ সম্পূৰ্ণ সুৰক্ষিত ।