গোপীকাবল্লভ গোস্বামী
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
গোপীকাবল্লভ গোস্বামী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এজন অনুগামী। এক শৰণ হৰি নাম ধৰ্মত প্ৰৱেশ কৰা নানা বিসঙ্গতি লক্ষ্য কৰি শংকৰদেৱৰ ধৰ্মীয় দৰ্শনক শুদ্ধ ৰূপত প্ৰতিষ্ঠিত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা এজন ব্যক্তি পণ্ডিত শিৰোমণি গোপীকাবল্লভ গোস্বামী। [1]
জন্ম পৰিচয় আৰু শিক্ষা
সম্পাদনা কৰকগোপীকাবল্লভ গোস্বামীৰ জন্ম হয় ১৮৭৬ চনত। তেখেতৰ পিতৃ হৈছে গোলাঘাটৰ দিছিৰী গঞা সত্ৰৰ দশমজন সত্ৰাধিকাৰ হেড়েম্বশ্বৰ দেৱগোস্বামী।[1] গোপীকাবল্লভ গোস্বামীয়ে গোলাঘাটৰ বেজৰবৰুৱা স্কুলৰ পৰা দ্বিতীয় স্থানসহ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮৯৫ চনত উচ্চ শিক্ষা লোৱাৰ মানসেৰে কোচবিহাৰ ভিক্টোৰিয়া কলেজত নামভৰ্তি কৰে। পৰবৰ্তী কালত তেওঁ আইন বিষয়ত অধ্যয়ন কৰিছিল যদিও নানান কাৰণত সেইয়া অসমাপ্ত হৈ ৰয় আৰু এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰে। [1]
কৰ্মজীৱন
সম্পাদনা কৰকগোস্বামীয়ে নিজে অধ্যয়ন কৰা গোলাঘাট বেজবৰুৱা স্কুল আৰু নগাঁৱৰ শিলঘাট মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকবৃত্তিত নিয়োজিত হৈ কৰ্মজীৱন আৰম্ভ কৰে। সেই সময়তে আইনৰ পাঠ্যক্ৰমো সমাপ্ত কৰাৰ লগতে অতি কম দিনৰ ভিতৰত উকীলৰূপে সমাজত পৰিচয় দাঙি ধৰে। [1]
সংস্কাৰমুখী আন্দোলনত গোস্বামী
সম্পাদনা কৰকমহাপুৰুষীয়া ধৰ্মত প্ৰবেশ ঘটা বিসংগতি দূৰ কৰিবলৈ গঢ়ি তোলা সংস্কাৰমুখী আন্দোলনত হলধৰ ভূঞা আৰু ৰমাকান্ত মুক্তিয়াৰ আতাৰ সংগী আছিল গোপীকাবল্লভ গোস্বামী। [1] ৰায়চাহাব ঘনশ্যাম বৰুৱা নামৰ মহাপুৰুষীয়া ধৰ্মমতৰ এজন অনুৰাগীৰ প্ৰভাৱত গোপীকাবল্লভ গোস্বামীৰ মনলৈ আহিছিল সংস্কাৰমুখী আন্দোলনৰ দৃষ্টিভঙ্গী আৰু চিন্তা-চৰ্চা। গোপীকাবল্লভ গোস্বামীয়ে সমাজক সংস্কাৰমুখী কৰিবলৈ স্বগৃহত প্ৰায় বাৰ তেৰ বছৰ ধৰি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল। তেনে সময়তে ঘনশ্যাম বৰুৱাৰ অনুপ্ৰেৰণা লাভ কৰে আৰু মহাপুৰুষীয়া ধৰ্মক শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰাত ব্ৰতী হয়।[1]
গোপীকাবল্লভ গোস্বামীয়ে অসমৰ সমাজ জীৱনত শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্ম-দৰ্শনৰ অৱক্ষয় আৰু বিকৃত ৰূপ প্ৰত্যক্ষ কৰি এনেদৰে কৈছিল-"মহাপুৰুষৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত তাৰাৰ প্ৰচাৰিত পবিত্ৰ ধৰ্মৰ মাজত অসংখ্য সম্প্ৰদায় সৃষ্টি হ'ল। ইয়াৰ ফলত ঈৰ্ষা, ঘৃণা, বিদ্বেষ আৰু অভিমান আদিৰ উৎপত্তি হৈ প্ৰজাৰ ভিতৰত নানা প্ৰকাৰৰ অশান্তিৰ উদ্ভৱ হ'ল, নিৰ্মল পবিত্ৰ ধৰ্মৰ ঘোৰ লৰচৰ হ'ল। যি সমাজৰ এনেকুৱা অৱস্থা, সেই সমাজৰ অধঃপতন নোহোৱাকৈ পাৰে কেনেকৈ?"[1]
মৃত্যু
সম্পাদনা কৰক১৯৪৮ চনৰ ১৯ জুনত গোপীকাবল্লভ গোস্বামীৰ দেহাৱসান হয়। [1]
অন্যান্য ব্যক্তিৰ উক্তি
সম্পাদনা কৰকঅসমৰ বুৰঞ্জীবিদ, কবি হিতেশ্বৰ বৰবৰুৱাই তেওঁৰ ৰচিত বুৰঞ্জী আহোমৰ দিনত গোপীকাবল্লভ গোস্বামীৰ সম্পৰ্কে লিখিছে-"গোলাঘাটৰ নামজ্বলা উকীল, পণ্ডিত শ্ৰীযুত গোপীকা বল্লভ গোস্বামী দিছিৰা গঞা সত্ৰৰ কৃষ্ণমিশ্ৰ বংশৰেই পদুমফুল।" [1]