গোবিন্দ বল্লভ পণ্ট

ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী

গোবিন্দ বল্লভ পণ্ট (ইংৰাজী: Govind Ballabh Pant; ১৮৮৭-১৯৬১) ভাৰতৰ অৰ্থ শাস্ত্ৰ, ৰাজনীতি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা দেখুওৱা বিশিষ্ট ব্যক্তি আছিল। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছিল। তেওঁৰ বিৰল প্ৰতিভাৰ বাবে ভাৰত চৰকাৰে ১৯৫৭ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল।[1]

গোবিন্দ বল্লভ পণ্ট
জন্ম ১০ চেপ্তেম্বৰ, ১৮৮৭ চন
খুঁটগাঁও, আলমোড়া, উত্তৰ প্ৰদেশ
মৃত্যু ১৯৬১
পেচা ওকালতি
ভাষা হিন্দী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা স্নাতক, আইনৰ স্নাতক
উল্লেখযোগ্য বঁটা ভাৰত ৰত্ন বঁটা (১৯৫৭)

জন্ম আৰু শিক্ষা

সম্পাদনা কৰক
 
ভাৰতৰ সংসদ ভৱনৰ ওচৰত স্থাপন কৰা গোবিন্দ বল্লভ পণ্টৰ প্ৰতিমূৰ্তি
 
নাইনিতালৰ মল ৰ'ডত স্থাপন কৰা গোবিন্দ বল্লভ পণ্টৰ প্ৰতিমূৰ্তি

গোবিন্দ বল্লভ পণ্টৰ জন্ম হয় ১৮৮৭ চনৰ ১০ ছেপ্তেম্বৰ তাৰিখে, উত্তৰ প্ৰদেশৰ আলমোড়া জিলাৰ খুঁট নামৰ গাঁৱত। তেওঁৰ পিতৃ আছিল মনোৰথ পণ্ট। সৰুকালৰ শিক্ষা তেওঁ মোমায়েকৰ ঘৰতে থাকি লাভ কৰিছিল। ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ এলাহাবাদ ম্যোৰ চেণ্ট্ৰেল কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে। সৰুতে তেওঁক গোখলেৰ মৰ্মস্পৰ্শী ভাষণে মুগ্ধ কৰে আৰু তেতিয়াৰে পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছলৈ মন ঢাল খায়। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ কেতিয়াও ব্ৰিটিছৰ তলত চাকৰি নকৰে। ইয়াৰ পিছত তেওঁ আইনৰ পৰীক্ষা দি ১৯০৯ চনত উত্তীৰ্ণ হয়। আইন পৰীক্ষা পাছ কৰি পোনতে তেওঁ আলমোড়াত আইন ব্যৱসায় কৰিছিল আৰু তাৰ পিছত ৰাণীখত, পিছলৈ কাশীপুৰলৈ যায়। নাইনিতালত ওকালতি কৰাৰ পিছত তেওঁৰ যশস্যা কেউফালে বিয়পি পৰে।[1]

ৰাজনৈতিক জীৱন

সম্পাদনা কৰক

লক্ষ্ণৌ কংগ্ৰেছ অধিবেশনত গোবিন্দ বল্লভ পণ্টে কুমায়ুণৰ কংগ্ৰেছ প্ৰতিনিধি হিচাপে যোগদান কৰাৰ পিছৰে পৰা তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯২৩ চনত মতিলাল নেহেৰুৱে তেওঁক উত্তৰ প্ৰদেশ বিধান পৰিষদৰ স্বৰাজ পাৰ্টিৰ নেতৃত্বৰ দায়িত্ব দিয়ে। ১৯২৭ চনত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হয়। ১৯২৮ চনত তেওঁ নেহেৰুৰ সৈতে চাইমন কমিচনৰ বিৰুদ্ধে বিক্ষোভ কৰি, লাঠীৰ কোব খাই চিৰদিনলৈ এখন হাত ঘুণীয়া কৰিছিল। ১৯৩০ চনত লোণ সত্যাগ্ৰহত ভাগ লৈ ছয় মাহ কাৰাবৰণ খাটিছিল। ১৯৩২ চনতো কাৰাবৰণ খাটিছিল। ১৯৩৪ চনত তেওঁ কেন্দ্ৰেীয় বিধান পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল। ১৯৩৭ চনত তেওঁ উত্তৰ প্ৰদেশৰ বিধান পৰিষদৰ নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য গ্ৰহণ কৰিছিল। ১৯৩৯ চনত তেওঁ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নিৰ্দেশমতে পদত্যাগ কৰিছিল। ১৯৪০-৪২ চনৰ আন্দোলনত যোগদান কৰি তেওঁ পুনৰ কাৰাবৰণ কৰিছিল। ১৯৪৬ চনত পুনৰ তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ১৯৫৪ চনত তেওঁ কেন্দ্ৰীয় কেবিনেটত যোগদান কৰি, ১৯৫৫ চনত তেওঁ গৃহমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। তেওঁ গৃহমন্ত্ৰী হৈ থকা কালত--কাশ্মীৰ প্ৰশ্ন, নগা বিদ্ৰোহ, ৰাজ্য পুনগঠনৰ সমস্যা, ভাষা কমিচনৰ সমস্যা, ৰাজস্থানৰ সমস্যা অদিয়ে দেখা দিছিল। তেওঁ জমিদাৰী প্ৰথাৰ বিৰোধী আছিল আৰু ১৯৫০ চনৰ পৰা ভৰতবৰ্ষত থকা জমিদাৰী প্ৰথা লোপ কৰিছিল। তেওঁ সদায় খেতিয়ক, বনুৱা আৰু হৰিজন সকলৰ মঙ্গলৰ কথা বিবেচনা সহকাৰে চিন্তা কৰিছিল। তেওঁ পাহাৰীয়া অনুন্নত অঞ্চলৰ কমাও সম্প্ৰদায়ৰ কাৰণেযথেষ্ট ত্যাগ স্বীকাৰ কৰি গৈছিল। তেওঁৰ চিন্তাই আছিল জনসাধাৰণৰ মঙ্গল সাধন কৰা আৰু এই চিন্তাৰ প্ৰতিফলন ঘটিছে ৰাজনীতি, অৰ্থনীতি, সমাজিক আৰু বৌদ্ধিক মহলৰ মাজত।[1]

পুৰস্কাৰ প্ৰাপ্ত বঁটা

সম্পাদনা কৰক
  • ভাৰত-ৰত্ন বঁটা (১৯৫৭ চন)

এই ৰাজনীতিজ্ঞ পণ্ডিত গোবিন্দ বল্লভ পণ্টৰ দেহাৱসান ঘটে ১৯৬১ চনত।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৩০,৩১. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক