গোলাপী চুতীয়ানী(ইংৰাজী: Golapi Chutiyani) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী৷ এই সংগ্ৰামত পুলিচৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ পিছত তেওঁৰ মৃত্যু হৈছিল৷ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ আশ-পাশৰ বিভিন্ন ঠাইৰ পৰা সমদল কৰি হাজাৰ হাজাৰ নাৰী-পুৰুষ ওলাই আহিছিল৷ এই সমদলত গোলাপী চুতিয়ানীও আছিল৷ সমদলকাৰীক ছত্ৰভংগ দিয়াবলৈ পুলিচে লাঠিচালনা আৰু গুলীচালনা কৰিছিল৷ এই লাঠিচালনাতে গোলাপী আঘাতপ্ৰাপ্ত হয় আৰু পিছত তেওঁৰ মৃত্যু হয়৷[1]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. "দেশৰ হকে প্ৰাণ ত্যাগ কৰা .....". https://blog.mygov.in/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%95%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 25 August 2023.