গোল্ডী ব্ৰাৰ

কানাডা-ভিত্তিক ভাৰতীয় গেংষ্টাৰ
(গোল্ডি ব্ৰাৰৰ পৰা পুনঃনিৰ্দেশিত)

সতীন্দৰজিৎ সিং (ইংৰাজী: Satinderjeet Singh; জন্ম: ১১ মাৰ্চ ১৯৯৪), এজন কুখ্যাত, কানাডা-ভিত্তিক ভাৰতীয় গেংষ্টাৰ আৰু অপৰাধী, যি গোল্ডী ব্ৰাৰ নামেৰেও জনাজাত।[2][3] তেওঁ পঞ্জাবৰ মুক্তসৰ জিলাত জন্মগ্ৰহণ কৰিছিল। হত্যা, হত্যাৰ চেষ্টা আৰু ড্ৰাগচ সৰবৰাহৰ গোচৰত তেওঁক ভাৰতীয় আৰক্ষীয়ে বিচাৰি ফুৰিছে। তেওঁ পঞ্জাবী মূলৰ আন এজন গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ সৈতে জড়িত আছিল যিজন বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে। কানাডাৰ বিঅ'এলঅ' কাৰ্যসূচীয়ে ব্ৰাৰক ইয়াৰ শীৰ্ষ ২৫জন ম'ষ্ট ৱাণ্টেড পলাতকৰ ভিতৰত স্থান দিছিল।[4] ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) এক প্ৰতিবেদনত বিষ্ণোই গেং আৰু ব্ৰাৰৰ খালিস্তান পন্থী সংগঠনৰ সৈতেও সম্পৰ্ক থকাৰ কথা প্ৰকাশ পাইছে।[5]

গোল্ডী ব্ৰাৰ
জন্ম সতীন্দৰজিৎ সিং
১১ মাৰ্চ, ১৯৯৪ (৩০ বছৰ)
শ্ৰী মুক্তসৰ চাহিব, পঞ্জাব, ভাৰত
জনা যায় সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ লগত জড়িত[1]
অপৰাধৰ স্থিতি সক্ৰিয়

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

সতীন্দৰজিৎ সিঙৰ জন্ম হৈছিল ১৯৯৪ চনৰ ১১ মাৰ্চ তাৰিখে পঞ্জাবৰ শ্ৰী মুক্তসৰ চাহিব জিলাত।[6] তেওঁৰ দেউতাক চমছেৰ সিঙে পঞ্জাব আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কাম কৰিছিল।[7] পিছত তেওঁ পঞ্জাবৰ ফৰিদকোট জিলাৰ বুৰ্জ হৰি কে নামৰ গাঁৱলৈ গুচি যায়।

ব্ৰাৰে কানাডাৰ ছাত্ৰ ভিছা লাভ কৰি ২০১৭ চনত কানাডালৈ যায়।[8]

অপৰাধী জীৱন

সম্পাদনা কৰক

ব্ৰাৰ পঞ্জাৱৰ অন্যতম কুখ্যাত অপৰাধী, লৰেন্স বিষ্ণোইৰ গেঙৰ এজন সদস্য। কেইবাজনো উচ্চ পদস্থ আৰক্ষী বিষয়াৰ হত্যাকে ধৰি বহুকেইটা ডাঙৰ অপৰাধৰ সৈতে এই গেংটো জড়িত।[4] ২০২০ চনত তেওঁৰ সম্পৰ্কীয় ভায়েক এজনৰ মৃত্যুৰ পিছত এই গেংটোৰ সৈতে ব্ৰাৰৰ ঘনিষ্ঠতা বৃদ্ধি পায়।[8]

২০২২ চনৰ মে’ মাহত ফৰিদকোটৰ আদালতে জিলা যুৱ কংগ্ৰেছৰ সভাপতি গুৰলাল সিং পেহলৱানক হত্যা কৰাৰ অভিযোগত ব্ৰাৰৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল।[9] ইয়াৰ পিছত, ২০২২ চনৰ ২৯ মে'ত ব্ৰাৰে ভাৰতীয় কণ্ঠশিল্পী সিদ্ধু মুছে ৱালাক হত্যা কৰাৰ অভিযোগ উত্থাপিত হয়।[1] এটা ফেইচবুক পোষ্টৰ মতে, ব্ৰাৰে গুলীচালনাৰ দায়িত্ব লৈছিল।[10]

ভাৰত চৰকাৰে ২০২২ চনৰ জুন মাহত তেওঁৰ বিৰুদ্ধে ৰেড নোটিচ জাৰি কৰিছিল। অৰ্থাৎ, ইণ্টাৰপোলৰ সদস্য যিকোনো দেশৰ পৰা তেওঁক গ্ৰেপ্তাৰ তথা প্ৰত্যৰ্পণ কৰিব পৰা যাব।[11][6] ব্ৰাৰৰ বিৰুদ্ধে আনৰ সৈতে ষড়যন্ত্ৰ কৰি অবৈধ আগ্নেয়াস্ত্ৰ আহৰণ তথা যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে। লগতে সেই আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি হত্যা আৰু হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে।[11]

ভাৰতৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সিদ্ধু মুছে ৱালাৰ হত্যাকাণ্ডৰ তথাকথিত মাষ্টাৰমাইণ্ড ব্ৰাৰক বেআইনী কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত সন্ত্ৰাসবাদী হিচাপে অভিহিত কৰা হৈছে।[1] বব্বৰ খালছা ইণ্টাৰনেশ্যনেল (এটা তালিকাভুক্ত সন্ত্ৰাসবাদী সংগঠন)ৰ সৈতে তেওঁৰ সম্পৰ্ক, হত্যাকাণ্ড, সীমান্তপাৰৰ বেআইনী কাৰ্যকলাপ, অস্ত্ৰ সৰবৰাহ আৰু ভাবুকিপূৰ্ণ কল কৰা আদিৰ সৈতে জড়িত থকাৰ কথা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে। এই পদক্ষেপটোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি অনুভূত ভাবুকিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।[12] ব্ৰাৰক বিঅ'এলঅ'ই শীৰ্ষ ২৫জন ম'ষ্ট ৱাণ্টেড পলাতকৰ ভিতৰত স্থান দিছে। লগতে, তেওঁলোকে ব্ৰাৰক গ্ৰেপ্তাৰ কৰা সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে ৫০,০০০ ডলাৰৰ পুৰস্কাৰো আগবঢ়াইছে।[4]

ব্ৰাৰৰ মৃত্যুৰ উৰাবাতৰি

সম্পাদনা কৰক

ব্ৰাৰে বৰ্তমান ভাৰত আৰু কানাডা কৰ্তৃপক্ষৰ পৰা পলাই ফুৰিছে। ২০২৪ চনৰ ৩০ এপ্ৰিলত কেলিফৰ্ণিয়াৰ ফ্ৰেছনোত তেওঁক গুলীয়াই হত্যা কৰা বুলি উৰাবাতৰি ওলাইছিল। ভাৰতীয় সংবাদ মাধ্যমত তেওঁৰ মৃত্যুৰ বাতৰি প্ৰকাশ পাইছিল যদিও আমেৰিকান কৰ্তৃপক্ষই নিশ্চিত কৰা নাছিল।[13] পৰৱৰ্তী সময়ত ভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে তেওঁৰ মৃত্যুৰ বাতৰিটো ভুৱা আছিল। ব্ৰাৰ বুলি ভুলকৈ চিনাক্তকৰণ কৰা মৃত লোকজন আচলতে জেভিয়াৰ গ্লেডনী আছিল।[14][15] ফ্ৰেছনো আৰক্ষী বিভাগৰ লেফটেনেণ্টে স্পষ্ট কৰি দিয়ে যে গুলীয়াই হত্যা কৰা ব্যক্তিজন ব্ৰাৰ নহয় আৰু সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি সেয়া “অসত্য” বুলি কয়। কোনো সত্যাপন নকৰাকৈ ভাৰতৰ সামাজিক আৰু সংবাদ মাধ্যমত এই ভুল তথ্য কোনে প্ৰচাৰ কৰিছিল, সেইবিষয়ে এতিয়াও অজ্ঞাত।[16]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 "সিদ্ধু মুছেৱালাৰ হত্যাকাৰীৰ পৰা এইবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিলে য়’ য়’ হানি সিঙে! আতংকিত হৈ পৰিছে গায়কগৰাকী". https://pragnews.com/entertainment-assamese/Goldy-Brar-Honey-Singh-Death-Threat। আহৰণ কৰা হৈছে: ১৮ অক্টোবৰ ২০২৪. 
  2. "গেংষ্টাৰ গোল্ডি ব্ৰাৰক ভাৰতে সন্ত্ৰাসবাদী ঘোষণা কৰে". https://www.assam.awazthevoice.in/stories-news/gangster-goldy-brar-declared-terrorist-by-india-9689.html. 
  3. "Who is Goldy Brar? Know about Canada-based gangster believed to be behind Punjabi singer Sidhu Moosewala's murder" (en ভাষাত). Free Press Journal. https://www.freepressjournal.in/india/who-is-goldy-brar-know-about-canada-based-gangster-believed-to-be-behind-punjabi-singer-sidhu-moosewalas-murder। আহৰণ কৰা হৈছে: 30 May 2022. 
  4. 4.0 4.1 4.2 Chhina, Man Aman Singh (2 May 2023). "Gangster Goldy Brar now among Canada's most wanted criminals". The Indian Express. https://indianexpress.com/article/cities/chandigarh/goldy-brar-named-among-top-25-canadian-fugitives-8587369/। আহৰণ কৰা হৈছে: 22 September 2023. 
  5. "NIA files chargesheet against Lawrence Bishnoi, Goldy Brar on terror nexus case" (en ভাষাত). Hindustan Times. 24 March 2023. https://www.hindustantimes.com/india-news/nia-files-chargesheet-against-lawrence-bishnoi-goldy-brar-on-terror-nexus-case-101679653719751.html। আহৰণ কৰা হৈছে: 8 November 2023. 
  6. 6.0 6.1 "Red Notices: Singh, Satinderjeet". Interpol. https://www.interpol.int/en/How-we-work/Notices/Red-Notices/View-Red-Notices#2022-35371%20। আহৰণ কৰা হৈছে: 22 September 2023. 
  7. "Who is Goldy Brar, Sidhu Moose Wala's alleged killer, ex-cop's son who reached Canada on student visa?" (en ভাষাত). Hindustan Times. 1 January 2024. https://www.hindustantimes.com/india-news/who-is-goldy-brar-sidhu-moose-walas-alleged-killer-ex-cops-son-who-reached-canada-on-student-visa-101704114105070.html. 
  8. 8.0 8.1 Shekhar, Raj (2 May 2024). "Goldy Brar shot? US shooting sets off buzz of gangster". Times of India. https://timesofindia.indiatimes.com/india/goldy-brar-shot-us-shooting-sets-off-buzz-of-gangster-death/articleshow/109763043.cms. 
  9. "2 shooters held in Faridkot Cong leader Gurlal Singh Pehalwan murder case" (en ভাষাত). Tribuneindia News Service. https://www.tribuneindia.com/news/punjab/2-shooters-held-in-faridkot-cong-leader-gurlal-singh-pehalwan-murder-case-240532। আহৰণ কৰা হৈছে: 30 May 2022. 
  10. "Sidhu Moose Wala Killing: Who are Goldy Brar, Lawrence Bishnoi, Suspects in Punjabi Singer's Murder?" (en ভাষাত). News18. 30 May 2022. https://www.news18.com/news/india/sidhu-moose-wala-who-are-gangsters-goldy-brar-and-lawrence-bishnoi-allegedly-involved-in-punjabi-singers-murder-5272447.html। আহৰণ কৰা হৈছে: 30 May 2022. 
  11. 11.0 11.1 "Interpol issues Red Corner Notice against Goldy Brar". The Hindu. 10 June 2022. https://www.thehindu.com/news/national/interpol-issues-red-corner-notice-against-goldy-brar/article65513545.ece। আহৰণ কৰা হৈছে: 22 September 2023. 
  12. "MHA Declares Moosewala Murder Mastermind Goldy Brar a 'Terrorist' Under UAPA" (en ভাষাত). TheQuint. 1 January 2024. https://www.thequint.com/news/india/goldy-brar-uapa-terrorist-sidhu-moosewala-murder-latest-news। আহৰণ কৰা হৈছে: 1 January 2024. 
  13. "Goldy Brar, gangster behind Sidhu Moosewala's murder, shot dead in US: Reports" (en-us ভাষাত). WION. 1 May 2024. https://www.wionews.com/world/goldy-brar-gangster-behind-sidhu-moosewalas-murder-shot-dead-in-us-reports-717078. 
  14. "US Police deny reports of Goldy Brar's murder: 'Incorrect'". https://www.indiatoday.in/india/story/terrorist-goldy-brar-sidhu-moosewala-murder-accused-shot-dead-reports-incorrect-2534238-2024-05-02. 
  15. "क्या अमेरिका में मारा गया गैंगस्टर गोल्डी बराड़? आई US पुलिस की सफाई". AajTak. 2 May 2024. https://www.aajtak.in/india/news/story/goldi-brar-murdered-news-us-what-police-said-on-golid-brad-killing-in-america-ntc-1935713-2024-05-02. 
  16. "Goldy Brar Not The Gangster Killed In California Shootout: US Police". NDTV. 2 May 2024. https://www.ndtv.com/world-news/misinformation-us-police-deny-gangster-goldy-brars-murder-reports-5569324. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক