গোৰাক্ষাট্টাৰী (Gorakshattary) অসমৰ এখন লুইতপৰীয়া গাঁও। অসমৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত গোৰাক্ষাট্টাৰী (৩ নং লাৰকুছি) গাঁওখন বাৰেৰহণীয়া সংস্কৃতিৰে অসমীয়া সমাজ জীৱনৰ এক উল্লেখযোগ্য নিদৰ্শন। গাঁওখন কোঁচ, যোগী আৰু ৰবিদাস এই তিনিটা জনজাতিৰে ভৰপুৰ। গাঁওখনত সৰ্বমুঠ এহেজাৰ (১০০০) অৰো অধিক জনসংখ্যা আছে।