গ্ৰন্থমেলাৰ সংজ্ঞা : গ্ৰন্থমেলা হ'ল এটা বাণিজ্যিক অনুষ্ঠান য'ত প্ৰকাশকে কিতাপ প্ৰদৰ্শন আৰু ব্যৱসায় কৰে। গ্ৰন্থ হ’ল আধুনিক যুগৰ আটাইতকৈ মহত্তম উপাদান। ছপাখানাৰ আৱিষ্কাৰৰ লগে লগে গ্ৰন্থৰ প্ৰচাৰ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত জ্ঞান-বিজ্ঞানৰ সীমা বিস্তৃত হ’বলৈ ধৰিলে। আগতে গ্ৰন্থ ৰচিত হৈছিল যদিও সেইবােৰ মুষ্টিমেয় মানুহৰ হাতত থুপ খাই আছিল। তাৰপৰা বাহিৰা মানুহ বৰ বিশেষ লাভৱান হ’ব পৰা নাছিল। এতিয়া বিশ্বৰ বিভিন্ন গ্ৰন্থ পাব পৰা হৈছে মুদ্ৰাযন্ত্ৰ আৰু যােগাযাগ ব্যৱস্থাৰ উন্নতিৰ কাৰণে গ্ৰন্থ সম্পৰ্কে আমাক এক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰে এই গ্ৰন্থমেলাসমূহে। [1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক