গ্ৰেণ্ড শ্লাম (টেনিছ)

(গ্ৰেণ্ড শ্লামৰ পৰা পুনঃনিৰ্দেশিত)

গ্ৰেণ্ড শ্লাম (ইংৰাজী: Grand Slam) টুৰ্ণামেণ্ট হৈছে বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ চাৰিখন বাৰ্ষিক টেনিছ টুৰ্ণামেণ্ট বা ক্ৰীড়া প্ৰতিযোগিতা। এই টুৰ্ণামেণ্টসমূহক মেজৰ নামেৰেও জনা যায়। গ্ৰেণ্ড শ্লামসমূহত আটাইতকৈ বেছি ৰেংকিং পইণ্ট আৰু প্ৰাইজমানি প্ৰদান কৰা হয়। টেনিছৰ অনুৰাগী আৰু সংবাদ মাধ্যমৰ গুৰুত্বও ই অধিক পৰিমাণে লাভ কৰাৰ লগতে কোৰ্ট বা খেলপথাৰৰ আকাৰ-আকৃতিও বৃহত্তম। এই টুৰ্ণামেণ্টসমূহত বিজয়ী হ'বলৈ পুৰুষৰ বাবে ৫ খন ছেট বা খেলাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ধাৰ্য কৰা হৈছে। অৰ্থাৎ অন্য টেনিছ প্ৰতিযোগিতাত মুঠ ৩খনৰ ২খন জিকিলেই খেলুৱৈ এগৰাকী জয়ী হোৱাৰ বিপৰীতে পুৰুষ খেলুৱৈসকলে ইয়াত ৫টা ছেটৰ ৩টাত জিকিলেহে চূড়ান্ত বিজয়ী হ'ব পাৰে। এই চাৰিখন টুৰ্ণামেণ্ট হৈছে জানুৱাৰীৰ মধ্যভাগত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন, মে'ৰ শেষৰভাগৰপৰা জুনৰ প্ৰথমভাগৰ ভিতৰত অনুষ্ঠিত ফ্ৰেন্স অপেন, জুনৰ শেষৰভাগৰপৰা জুলাইৰ প্ৰথমভাগৰ ভিতৰত অনুষ্ঠিত উইম্বলডন, আৰু আগষ্ট-ছেপ্টেম্বৰ মাহত অনুষ্ঠিত ইউ এছ অপেন। এই টুৰ্ণামেণ্টসমূহ দুসপ্তাহ ধৰি চলে।

গ্ৰেণ্ড শ্লাম
খেলসমূহ

(জানুৱাৰী)

(মে'-জুন)

(জুন-জুলাই)

(আগষ্ট-ছেপ্টেম্বৰ)

টুৰ্ণামেণ্টসমূহ সম্পাদনা কৰক

অষ্ট্ৰেলিয়ান আৰু ইউ এছ অপেন কঠিন পৃষ্ঠ অৰ্থাৎ হাৰ্ড কোৰ্টৰ টেনিছ। [lower-alpha 1] ইয়াৰ বিপৰীতে ফ্ৰেন্স অপেনৰ পৃষ্ঠভাগ মাটিৰ (ক্লে) আৰু উইম্বলডনৰ পৃষ্ঠভাগ প্ৰাকৃতিকভাৱে গজা ঘাঁ‌হৰ।

চাৰিওখনৰ ভিতৰত উইম্বলডনেই হৈছে সবাতোকৈ পুৰণি আৰু ইয়াৰ প্ৰতিষ্ঠা হৈছিল ১৮৭৭ চনত। ইউ এছ অপেন আৰু ফ্ৰেন্স অপেন প্ৰতিষ্ঠা কৰা হয় যথাক্ৰমে ১৮৮১ আৰু ১৮৯১ চনত। অষ্ট্ৰেলিয়ান অপেন আটাইতকৈ পিছত ১৯০৫ চনত স্থাপন হয়। ১৯২৪-২৫ চনৰ আগলৈকে ফ্ৰেন্স অপেনক গ্ৰেণ্ড শ্লামৰ মৰ্যাদা দিয়া হোৱা নাছিল। ১৯৮২ চনৰ আগৰ সময়ছোৱাত অধিক দূৰত্ব, বৰদিন আৰু নৱবৰ্ষৰ আগমণৰ সময়ত অনুষ্ঠিত হোৱা, তূলনামূলকভাৱে কম প্ৰাইজমানি ইত্যাদিৰ কাৰণে অষ্ট্ৰেলিয়ান অপেন বহু খেলুৱৈয়ে খেলিবলৈ আগ্ৰহ কৰা নাছিল[1]

পৰিচালনা সম্পাদনা কৰক

অন্যান্য টেনিছ টুৰ্ণামেণ্টৰ দৰে গ্ৰেণ্ড শ্লামসমূহ এচ'ছিয়েশ্ব্যন অফ টেনিছ প্ৰ'ফেশ্ব্যনেলছ বা এটিপি আৰু ৱিমেনছ টেনিছ এচ'ছিয়েশ্ব্যন বা ডব্লিউটিএই পৰিচালনা নকৰে। ইয়াৰ বাবে ইণ্টাৰনেশ্ব্যনেল টেনিছ ফেডাৰেচন বা চমুকৈ আইটিএফ বুলি এক সুকীয়া সংস্থা আছে।[2][3] অৱশ্যে, প্ৰধান খেলসমূহৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি এটিপি আৰু ডব্লিউটিএই খেলুৱৈ এগৰাকীৰ ৰেংকিং পইণ্ট সংযোগ কৰে।[4][5]

গ'ল্ডেন শ্লাম, ছুপাৰ শ্লাম আৰু বক্সড ছেট সম্পাদনা কৰক

আৰম্ভণিতে গ্ৰেণ্ড শ্লাম বুলিলে এটা বছৰতেই আটাইকেইখন প্ৰধান টুৰ্ণামেণ্টৰ খিতাপ জয় কৰাৰ বিৰল কৃতিত্বৰ কথা বুজোৱা হৈছিল। এই জয় এগৰাকী খেলুৱৈয়ে পুৰুষ আৰু মহিলাৰ একক শাখা, দ্বৈত শাখা আৰু পুৰুষ-মহিলা সানমিহলি শাখা এই আটাইকেইটাৰ মাধ্যেমেৰে কৰিব পাৰিছিল।[6][7][8] কেৰিয়াৰত চাৰিখন গ্ৰেণ্ড শ্লামৰ খিতাপ জয় কৰিলে ইয়াক কোৱা হয় কেৰিয়াৰ গ্ৰেণ্ড শ্লাম। আনহাতে একেটা কেলেণ্ডাৰ বৰ্ষতে আটাইকেইটা গ্ৰেণ্ড শ্লাম জয় কৰিলে ইয়াক কেলেণ্ডাৰ গ্ৰেণ্ড শ্লাম বুলি কোৱা হয়। ইয়াৰ উপৰিও কেলেণ্ডাৰ বৰ্ষটোত গ্ৰীষ্মকালীন অলিম্পিকৰ স্বৰ্গপদকো জয় কৰিলে ইয়াক গ'ল্ডেন গ্ৰেণ্ড শ্লাম বা গ'ল্ডেন শ্লাম বোলা হয়। আনহাতে এই খিতাপসমূহৰ লগতে খেলুৱৈ এগৰাকীয়ে একক আৰু দ্বৈত উভয় শাখাত এটিপি ফাইনেলছ (পুৰুষ) বা ডব্লিউটিএ ফাইনেলছৰ (মহিলা) খিতাপ জয় কৰিলে ইয়াক কোৱা হয় ছুপাৰ শ্লাম। আটাইকেইখন গ্ৰেণ্ড শ্লাম খিতাপ আটাইকেইটা শাখাতে অৰ্জন কৰিলে ইয়াক বক্সড ছেট বোলা হয়।

টোকা সম্পাদনা কৰক

  1. ইয়াৰে প্ৰথমখন গ্ৰেণ্ড শ্লাম প্লেক্সিকুশ্বন আৰু দ্বিতীয়খন ডেক'টাৰ্ফৰ ওপৰত খেলোৱা হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Q. What is the points breakdown for all tournament categories?". RANKINGS: Frequently Asked Questions (10). ATP World Tour – Official Site of Men's Professional Tennis (atpworldtour.com). Retrieved 7 March 2014.
  2. "About The ITF". fedcup.com. Archived from the original on 10 March 2020. https://web.archive.org/web/20200310092906/https://www.fedcup.com/en/organisation/about-the-itf.aspx। আহৰণ কৰা হৈছে: 1 March 2020. 
  3. Ginsburg, Yeshayahu (5 March 2014). "Why Indian Wells Is Almost (But Not Quite) a Fifth Slam". tennisviewmag.com. http://www.tennisviewmag.com/tennis-view-magazine/article/why-indian-wells-almost-not-quite-fifth-slam. 
  4. Campigato, Jesse (9 September 2019). "Bianca Andreescu is the best in the world — it's just not official (yet)". CBC. https://www.cbc.ca/sports/tennis/bianca-andreescu-whats-next-1.5276352. 
  5. Clarey, Christopher (2 November 2012). "At Year's End, a Final Tennis Showdown for Top Men". nytimes.com. https://www.nytimes.com/2012/11/03/sports/tennis/03iht-sratlead03.html. 
  6. USOpen.org. Archived 1 September 2006 at the Wayback Machine
  7. Grandslamhistory.com "STATS". Grand Slam History Reference Book (grandslamhistory.com). Retrieved 7 March 2014.
  8. Crowe, Jerry (22 May 1994). LA Times "Return to Grand Slam Glory: Rod Laver Was the Last Man to Sweep Four Major Titles and Thinks It Can Be Done Again". Los Angeles Times. Retrieved 7 March 2014.