গৰখীয়া দৌল, নাজিৰা
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত গৰখীয়া দৌল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত নিৰ্মিত এটা মন্দিৰ-বিশেষ৷ আনহাতে, দৌলটো গড়গাঁও নগৰৰ পশ্চিম দিশত দিখৌ নৈৰ বিপৰীতে [দক্ষিণ পাৰে] আছে৷ এই দৌলটোক মহেশ্বৰ দৌল বা মহেশ্বৰৰ ঘৰ আৰু মাই দৌল বুলিও কোৱা হয়৷ স্বৰ্গদেউ প্ৰতাপ সিংহই ৰজা হোৱাৰ পাছত পূৰ্বতে পূজা কৰা শিৱলিংগটি নিজৰ পৰা নিলগাই গড়গাঁও নগৰৰ বিপৰীতে এই ঠাইত অষ্টকোণীয়া ভেটি-বিন্যাসেৰে দৌল নিৰ্মাণ কৰি থাপনা থাপি নিয়মিত পূজা-সেৱা কৰিছিল৷ ইটাৰে নিৰ্মিত দৌলটিৰ ইটাৰ মণ্ডপ আৰু চৌদিশৰ পকীবেৰৰ চিনচাব বৰ্তমান পাবলৈ নাই৷ ১৭ শতিকাৰ আগভাগত নিৰ্মিত এই স্থাপত্যটিত আহোম যুগৰ প্ৰথম পৰ্যায়ত বিকাশ লাভ কৰা ইটাৰ নিদৰ্শন পোৱা যায়৷
মহেশ্বৰ দৌলৰ শিৱলিংগটো এচটা শিলৰ ওপৰত থকাৰ বাবে ইয়াক পূজাশিল বুলিও কোৱা হয়৷ এই দৌলটো আহোম যুগৰ পিছৰ পৰ্যায়ত নিৰ্মিত দৌলসমূহতকৈ আকাৰত আপাততঃ সৰু যদিও প্ৰথম পৰ্যায়ত নিৰ্মিত দৌল হিচাপে ইয়াৰ গুৰুত্ব অপৰিসীম৷ এই দৌলৰ ভিতৰৰ প্ৰতিখন বেৰৰ দৈৰ্ঘ ১.২৫ মিটাৰ আৰু বাহিৰত ৩.৭০ মিটাৰ৷ পাদবিন্যাসৰ পৰা শিখৰলৈ উচ্চতা ৮ মিটাৰ৷ দৌলৰ শিখৰটো ওলোটাকৈ থোৱা চুপি আকৃতিৰ৷ গৰখীয়া দৌলৰ বাস্তুপুৰুষমণ্ডল বাহিৰে-ভিতৰে আঠকোণীয়া৷ পূৰ্বে ইয়াৰ সন্মুখত এটা সৰু আকাৰৰ আয়তক্ষেত্ৰাকাৰ মণ্ডপো আছিল৷ মণ্ডপৰ দীঘ বাহিৰে বাহিৰে ৫.৬৪ মিটাৰ আৰু প্ৰস্থ ৩.৭০ মিটাৰ আছিল৷ বৰ্তমান পুৰণি মণ্ডপৰ কোনো চিন-মোকাম পাবলৈ নাই৷ দৌলত অলংকৰণ হিচাপে বেৰৰ মাজত পথালিয়ে দুশাৰী সমান্তৰাল দেৱকোষ্ঠ কটা আছে৷ এই দেৱকোষ্ঠবোৰ দেখাত সাধাৰণ যদিও মধ্যযুগীয় মন্দিৰৰ গাত থকা দেৱকোষ্ঠতকৈ বেলেগ৷ দেৱকোষ্ঠৰ সামগ্ৰিক পৰিকল্পনা সমসাময়িক মোগল স্থাপত্যৰ অনুকৰণ বুলি ক’ব পৰা যায়৷ দেৱকোষ্ঠবোৰত কোনো ভাস্কৰ্য অনুপস্থিত আৰু নক্সা অগভীৰ৷ এইটো কাৰণতেই ইয়াত আৰম্ভণিৰ পৰাই কোনো ভাস্কৰ্য নথকাৰ কথাটো বোধগম্য হয়৷ সম্ভৱতঃ দেৱকোষ্ঠবোৰ উকাকৈ ৰখাটোৱেই এই দৌলৰ অলংকৰণ আছিল৷ এই দৌলৰ শিখৰৰ পৰিকল্পনাতো পৰম্পৰাগত হিন্দু মন্দিৰ-স্থাপত্যৰ প্ৰভাৱ একেবাৰে কমকৈ পৰা পৰিলক্ষিত হয়৷ কাৰণ দৌলৰ শিখৰৰ বাস্তুপুৰুষমণ্ডল বৃত্তাকাৰ যদিও ইয়াৰ কৌণিক অংশবোৰত প্ৰাপ্ত মুকলি ঠাইত অংগশিখৰ বহুওৱা হোৱা নাই৷ সাধাৰণতে হিন্দু মন্দিৰৰ এনে অংশত অংগশিখৰ বহুওৱা দেখা যায়৷ এই দৌলত উত্তৰ ভাৰতৰ নাগৰ স্থাপত্যবোৰৰ লক্ষণ ফুটি উঠা দেখা নাযায়৷ আনহাতে, ইছলামীয় স্থাপত্যত প্ৰচুৰভাৱে ব্যৱহাৰ হোৱা অষ্টভুজী মণ্ডলৰ ব্যৱহাৰৰ ইংগিত এই দৌলৰ পৰিকল্পনাই বহন কৰে৷ কিন্তু দৌলৰ দেৱকোষ্ঠবোৰৰ পৰিকল্পনা ইছলামীয় প্ৰভাৱযুক্ত হোৱাৰ বাবে এই স্থাপত্য-কলা ইছলামীয় স্থাপত্য-কলাৰ প্ৰভাৱযুক্ত বুলি প্ৰমাণ দাঙি ধৰিব পাৰি৷ ঐতিহাসিক দৃষ্টিকোণৰ পৰা চালেও এই কথাৰ সত্যতাৰ বিষয়ে নিশ্চিত হ’ব পৰা যায়৷ কাৰণ গদাধৰ সিংহ ৰজা হোৱাৰ আগলৈকে অৰ্থাৎ ১৬৮০ খ্ৰিষ্টাব্দৰ আগলৈকে অসমৰ স্থাপত্য-কলাৰ কোনো ধাৰাবাহিক গতি নাছিল আৰু সেয়ে স্থাপত্য-শিল্পীৰ দল এটা জীয়াই থকাৰ পৰিৱেশো নাছিল৷ ফলস্বৰূপে পশ্চিমীয়া স্থপতি আমদানি কৰাটো খুবেই স্বাভাৱিক আছিল আৰু সেই স্থপতিবিদৰ নিৰ্মাণশৈলীত ইছলামীয় প্ৰভাৱ পৰাটো এশ শতাংশই নিশ্চিত৷
শেষ মধ্যযুগৰ প্ৰথম অৱস্থাত নিৰ্মিত গুৰুত্বপূৰ্ণ স্থাপত্য-কলা হিচাপে বিবেচিত মহেশ্বৰ দৌলৰ মণ্ডপ অংশ ইতিমধ্যে ভাগি পৰিছে৷ এই দৌলৰ কাষতে এটা পুখুৰীও খন্দা হৈছিল৷ সেই পুখুৰী বৰ্তমানে পোত গৈ সামান্য অৱশেষহে বাকী ৰৈছেগৈ৷ দৌলত বৰ্তমানেও পূজা-সেৱা কৰা হয়৷ চৰকাৰী নথিত ৫১ নম্বৰ দাগত এই দৌলৰ বাবে সংৰক্ষিত মাটি-কালি ৪ কঠা ১০ লোচা৷
এই দৌলৰ প্ৰৱেশ-পথ পশ্চিমলৈ আছে৷ দৌলৰ গাত দুয়োফালে জগমোহনৰ ভগ্নাংশ দেখা পোৱা যায়৷ বৰ্তমান জগমোহনৰ ঠাইত ৰাইজে টিঙৰ চালি, লোহাৰ খুঁটা-পাৰ্লিঙেৰে মণ্ডপ সাজি লৈছে৷
দৌলৰ অন্তৰাল ইংৰাজী 'ইউ' বৰ্ণৰ ওলোটা প্ৰতিৰূপৰ৷ অন্তৰালৰ প্ৰৱেশ-পথৰ বাহিৰৰ দুয়োফালে ১ খনকৈ মুঠ ২ খন দেৱকোষ্ঠ আছে৷ দেৱকোষ্ঠৰ ভিতৰত এটা খলপাৰ ওপৰৰ ফালে ত্ৰিভুজাকৃতিৰ ভাস্কৰ্য থকা ঠাই আছে৷
দৌলৰ গৰ্ভগৃহৰ ভিতৰৰ বেৰবোৰ ভগ্ন৷ উত্তৰফালৰ পৰা ওপৰভাগলৈ দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু ষষ্ঠ বেৰত ১ টাকৈ মুঠ ৩ টা কুন্দ্ৰাক্ষ আছে৷ আনহাতে, উত্তৰফালৰ পৰা দ্বিতীয় আৰু ষষ্ঠ বেৰত ১ টাকৈ মুঠ ২ টা চাকি থোৱা খোলৰ ভগ্নাংশ ভাগি-ছিগি শেষ হৈ যোৱা অৱস্থাত আছে৷
এই দৌলৰ অধিস্থানৰ পিৰা আৰু পিৰাৰ ওপৰত লিনতেল দেখা পোৱা নাযায়৷ ইয়াৰ কাৰণ হৈছে দিখৌ নৈৰ পলস পৰি সেই অংশবিশেষ পোত খাই গৈছে৷ জংঘা অংশত প্ৰতি বেৰত দুটা শাৰীত দুশাৰী দেৱকোষ্ঠ আছে৷ ০৩-০৮-২০১৬ তাৰিখৰ জোখ-মাখ অনুসৰি মাটিৰ পৰা ১ ফুট ১১ ইঞ্চি উচ্ছতাত প্ৰথম শাৰীৰ দেৱকোষ্ঠসমূহ আছে৷ প্ৰথম শাৰীৰ পৰা চাৰে এঘাৰ ইঞ্চি উচ্চতাত দ্বিতীয় শাৰীৰ দেৱকোষ্ঠসমূহ দেখা পোৱা যায়৷ জংঘাৰ উচ্ছতা ১১ ফুট ৩ ইঞ্চি, মেৰে ৯৮ ফুট ৬ ইঞ্চি৷ দ্বিতীয় শাৰীৰ দেৱকোষ্ঠৰ পৰা ২ ফুট ২ ইঞ্চি উচ্চতাত ১ টা সৰু লিনতেলেৰে জংঘা শেষ হৈছে৷ জংঘাৰ বহিঃবেৰত, প্ৰৱেশ-পথৰ বাওঁফালৰ পৰা ক্ৰমান্বয়ে ১ নং বেৰত ২ খন দেৱকোষ্ঠ আৰু জগমোহনৰ ভগ্ন অংশ, ২ নং বেৰত দুশাৰীত ৪ খনকৈ ৮ খন দেৱকোষ্ঠ আছে৷ ৩ নং, ৪ নং, ৫ নং আৰু ৬ নং বেৰ ২ নং বেৰৰ সৈতে সমান দেৱকোষ্ঠযুক্ত আৰু ৭ নং বেৰ ১ নং বেৰৰ বৰ্ণনাৰ সৈতে একেই৷
জংঘাৰ লিনতেলৰ ওপৰত কিছু সোমাই ২ টা লিনতেল সদৃশ খণ্ডৰ ওপৰত জিকাসিৰৰ গণ্ডী স্থাপিত৷ ইয়াত ৪৬ ডাল জিকাসিৰ আছে৷ এই সিৰবোৰ জংঘাৰ ওপৰৰ ফালৰ গণ্ডীত আৰম্ভ হৈ গণ্ডীৰ প্ৰায় মাজভাগতে বিলীন হৈছে৷ গণ্ডী অংশ সাইলাখ মৌচাক গঢ়ৰ৷
এখন ৰথচক্ৰৰ পাটেৰে মস্তক আৰম্ভ হৈছে৷ তাৰ ওপৰত আন এখন ৰথচক্ৰৰ পাট আছে৷ পাটৰ ওপৰত কলচী আৰু আয়ুধ নাই৷ সম্ভৱতঃ প্ৰাকৃতিক দুৰ্যোগত ভাগিল৷[1][2]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ বুঢ়াগোহাঁই, নবীন, "আহোম যুগৰ দৌল আৰু ইয়াৰ স্থাপত্য-কলা", বনলতা, নৱেম্বৰ, ২০২১, পৃ. ৮১-৮৭, ISBN: 978-93-91060-74-9
- ↑ "সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ". অসম চৰকাৰ. https://culturalaffairs.assam.gov.in/portlet-innerpage/protected-archaeological-sites-and-monuments। আহৰণ কৰা হৈছে: 6 August 2019.