অতীতত নামনি অসমত দৰাই বিয়া কৰাবলৈ কন্যাঘৰলৈ যাওঁতে দৰাৰ লগে লগে বাৰগোপালৰ উদ্দেশ্যে এখন ভাৰ ল’ব লাগিছিল ৷ এই ভাৰখনৰ নাম গৰখীয়া ভাৰ ৷ গৰখীয়া ভাৰৰ এটা টেকেলিবোকা চাউল (কোমল চাউল), অথবা চিৰা, আন এটাত ভাল দৈ, তৃতীয়টোত পকা লাডু, এআশী কল আৰু আন এটা টোপোলাত এপোণ তামোল আৰু এটা পাণ ৰখা হয় ৷ লাডুবোৰ আকাৰত টান আৰু ডাঙৰ হ’ব লাগে ৷ গাখীৰত পানী উঠিলে নাইবা টেঙা পৰিলে কইনাঘৰত উপস্থিত থকা গৰখীয়া ল’ৰাহঁতে দৰাক পদুলিমুখতে বাধা দি ৰাখে আৰু দৰাক দণ্ড বিহে ৷ গৰখীয়া ল’ৰা সন্তুষ্ট হ’লে ভগবান শ্ৰীকৃষ্ণ সন্তুষ্ট হোৱা বুলি ভবা হয় ৷ সেয়ে দৰাঘৰে পৰাপক্ষত গৰখীয়া ভাৰখন ভালদৰেই লগত লৈ যায় ৷ সময়ৰ পৰিৱৰ্তনৰ প্ৰেক্ষাপটত আজিকালি গৰখীয়া ভাৰে মেলানি মাগিলে৷[1]



তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ১০২)