গৰখীয়া সবাহ প্ৰধানকৈ উজনি অসমত প্ৰচলিত এটা অনুষ্ঠান। এই অনুষ্ঠান ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবলৈ কৰা হয়।

পালন সম্পাদনা কৰক

এই উৎসৱত গাঁৱৰ মানুহে গৰখীয়াসকলক নিজ ঘৰলৈ নিমন্ত্ৰন কৰে আৰু সভক্তিৰে নানাবিধ খাদ্যসম্ভাৰেৰে আপ্যায়িত কৰে। ইয়াৰ ভিতৰত প্ৰধান হ’ল চাউলগুৰি, কল, গুড় আদিৰে তৈয়াৰী ঘোল বা মোহনভোগহিন্দু ধৰ্মমতে গৰুক ভগৱানৰূপে জ্ঞান কৰা হয় আৰু যিহেতু গৰু ভগৱান শ্ৰীকৃষ্ণৰ লগত সততে থাকে, গতিকে গৰখীয়াসকলক আপ্যায়িত কৰা মানেই ভগৱান শ্ৰীকৃষ্ণকো আপ্যায়িত কৰা হয় বুলি মানুহে বিশ্বাস কৰে। অসমৰ বিভিন্ন অঞ্চলত এই উৎসৱ পালন কৰাৰ ধৰণ কিছু বেলেগ হোৱা দেখা যায়। সাধাৰণতে বাৰজন গৰখীয়াক নিমন্ত্ৰণ কৰা হয়। আপ্যায়নৰ পিছত তেওঁলোকৰ প্ৰতিজনকে এডালকৈ সৰু লাঠি, এখনকৈ কটাৰী, নতুন কাপোৰ আৰ একোটাকৈ সিকি উপহাৰ দিয়াটো এক প্ৰকাৰৰ নিয়ম। [1]




তথ্য সংগ্ৰহ সম্পাদনা কৰক