গৰ্ভপাতৰ পিছৰ যত্ন (PAC) হৈছে গৰ্ভপাতৰ পিছত মহিলাসকললৈ দিয়া চিকিৎসা আৰু পৰামৰ্শ। ইয়াৰ ভিতৰত নিৰাময়মূলক যত্ন, যেনে গৰ্ভপাতৰ জটিলতাৰ চিকিৎসা, লগতে প্ৰতিৰোধমূলক যত্ন, যেনে ভৱিষ্যতে অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা আদি অন্তৰ্ভুক্ত।[1] গৰ্ভপাতৰ পিছৰ যত্নই গৰ্ভপাতৰ লগত জড়িত ৰোগ আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰে।[2]

প্ৰাদুৰ্ভাৱ সম্পাদনা কৰক

প্ৰায় ৭৫ মিলিয়ন মহিলাক বছৰি প্ৰৰোচিত আৰু স্বতঃস্ফূৰ্ত গৰ্ভপাত (গৰ্ভপাত)ৰ পিছত গৰ্ভপাতৰ পিছৰ যত্নৰ প্ৰয়োজন হয়।[3] সকলো দেশেই গৰ্ভপাতৰ পিছৰ জটিলতাৰ চিকিৎসা প্ৰদান কৰি গৰ্ভপাতৰ ফলত হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে, গৰ্ভপাত অবৈধভাৱে কৰা হৈছিল নে নাই সেইটো লক্ষ্য নকৰাকৈয়ে।[1] কিন্তু দহখন দেশ(বাংলাদেশ, হাইটি, কেনিয়া, মালাউই, নামিবিয়া, নেপাল, ৰুৱাণ্ডা, চেনেগাল, তাঞ্জানিয়া, আৰু উগাণ্ডা)ৰ বিশ্লেষণত দেখা গৈছে যে, দহখনৰ ভিতৰত সাতখন দেশে ১০%তকৈও কম প্ৰাথমিক চিকিৎসা সুবিধাই গৰ্ভপাতৰ পিছৰ মৌলিক যত্ন ল’ব পাৰে। নামিবিয়াত কোনো প্ৰাথমিক স্বাস্থ্যসেৱাৰ সুবিধাই গৰ্ভপাতৰ পিছৰ যত্ন প্ৰদান কৰা নাছিল; সৰ্বাধিক প্ৰাদুৰ্ভাৱ থকা মালাউইয়ে ২৯% প্ৰাথমিক সুবিধাত গৰ্ভপাতৰ পিছৰ যত্ন আগবঢ়াইছিল।[2]

উপাদান সম্পাদনা কৰক

গৰ্ভপাতৰ পাছৰ যত্নৰ বিষয়টোৰ ভিতৰত গৰ্ভপাতৰ পাছত জৰায়ুত বাকী থকা ভ্ৰুণৰ অৱশেষ বা মাতৃত্বৰ যিকোনো কলা আঁতৰাই অসম্পূৰ্ণ গৰ্ভপাতৰ চিকিৎসা কৰা হয়। ইয়াৰ ভিতৰত ভেকুৱাম এস্পিৰেচন (চুষণ) বা কিউৰেটেজ (স্ক্ৰেপিং) ব্যৱহাৰ কৰা হ’ব পাৰে। এস্পিৰেচনৰ ফলত কিউৰেটেজতকৈ প্ৰক্ৰিয়াৰ সময় কম হয়, বিষ কম হয় আৰু ৰক্তক্ষৰণ কম হয়। মিছ'প্ৰষ্টল ঔষধ হাতেৰে আঁতৰোৱা আৰু অসম্পূৰ্ণ গৰ্ভপাতৰ চিকিৎসাৰ বাবে ই আন এটা বিকল্প।[3] প্ৰতিৰোধমূলক যত্নৰ বাবে মহিলাসকলক পৰিয়াল পৰিকল্পনা পৰামৰ্শ আৰু সেৱা প্ৰদান কৰা হয়, কিয়নো পিএচি বিচৰা বেছিভাগ মহিলাই গৰ্ভধাৰণৰ সময়ত আধুনিক গৰ্ভনিৰোধক ব্যৱহাৰ নকৰে। জিম্বাবৱেত কৰা এক অধ্যয়নত দেখা গৈছে যে, পৰিয়াল পৰিকল্পনা পৰামৰ্শৰ সৈতে গৰ্ভপাতৰ পিছৰ যত্ন লোৱাৰ পিছৰ বছৰটোত অবাঞ্চিত গৰ্ভধাৰণ আৰু পুনৰাবৃত্তিমূলক গৰ্ভপাত যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে। কাচিৎহে, গৰ্ভপাতৰ পিছৰ যত্নৰ অংশ হিচাপে এইচ আই ভি পৰীক্ষাৰ দৰে যৌন স্বাস্থ্য পৰীক্ষা প্ৰদান কৰা হয় যদিও যৌন সংক্ৰমণ পৰীক্ষা কম আৰু ইয়াক পিএচিৰ অপ্ৰয়োজনীয়তা হিচাপে চিনাক্ত কৰা হৈছে।[3]

ইতিহাস সম্পাদনা কৰক

“গৰ্ভপাতৰ পিছৰ যত্ন’’ বাক্যাংশ সংজ্ঞা হিচাপে প্ৰথমবাৰৰ বাবে ১৯৯১ চনত বেচৰকাৰী সংস্থা (এন জি অ') ইপাছে দিছিল।[4] ১৯৯৩ চনত ইপাছে ঝপিগো(Jhpiego), এনজেণ্ডাৰহেল্থ(EngenderHealth), পাথফাইণ্ডাৰ ইণ্টাৰনেশ্যনেল(Pathfinder International), আৰু ইণ্টাৰনেশ্যনেল প্লেণ্ড পেৰেণ্টহুড ফেডাৰেচন(International Planned Parenthood Federation)ৰ সৈতে যোগ দি গৰ্ভপাতৰ পিছৰ যত্নৰ বাবে সংস্থা গঠন কৰে।[5]

১৯৯৪ চনত গৰ্ভপাতৰ পিছৰ যত্ন কনচৰ্টিয়ামৰ দ্বাৰা গৰ্ভপাতৰ পিছৰ যত্নৰ বাবে এটা মডেল প্ৰস্তুত কৰিছিল, য'ত তিনিটা মূল উপাদান আছিল, (১)কোনো এখন দেশত গৰ্ভপাতৰ বৈধতা থাককেই বা নাথাককেই, গৰ্ভপাত সম্পৰ্কীয় জটিলতাৰ জৰুৰীকালীন চিকিৎসা; (২) গৰ্ভপাতৰ পিছত পৰিয়াল পৰিকল্পনাৰ পৰামৰ্শ প্ৰদান কৰা আৰু সেৱা; আৰু (৩) জৰুৰীকালীন যত্ন আৰু অন্যান্য প্ৰজনন স্বাস্থ্য সেৱাৰ মাজত সংযোগ, যেনে যৌন সংক্ৰামক ৰোগ নিৰ্মূলৰ ব্যৱস্থাপনা।[6] ১৯৯৪ চনত ইউনাইটেড ষ্টেটছ এজেন্সী ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট (ইউএছএআইডি)-এ পিএচি মডেল গ্ৰহণ কৰে।[3] ২০০২ চনত ইয়াৰ লগত “পৰামৰ্শ প্ৰদান’’ আৰু “সম্প্ৰদায় জড়িতকৰণ’’ এই দুটা উপাদানো যোগ কৰা হয়।[7] ২০০৭ চনত ইউ এছ এ আই ডিয়ে “গৰ্ভপাতৰ পিছৰ যত্ন’’ৰ ওপৰত প্ৰথম গৱেষণা সংকলন প্ৰকাশ কৰিছিল, হোৱাট ৱৰ্কছ, এ পলিচি এণ্ড প্ৰগ্ৰেম গাইড টু দ্য এভিডেন্স অন প’ষ্টএবৰ্চন কেয়াৰ নামেৰে।[3]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Owolabi, Onikepe O.; Biddlecom, Ann; Whitehead, Hannah S. (2019). "Health systems' capacity to provide post-abortion care: A multicountry analysis using signal functions". The Lancet Global Health খণ্ড 7 (1): e110–e118. doi:10.1016/S2214-109X(18)30404-2. PMID 30503402. 
  2. 2.0 2.1 Temmerman, M. (2019). "Missed opportunities in women's health: Post-abortion care". The Lancet. Global Health খণ্ড 7 (1): e12–e13. doi:10.1016/S2214-109X(18)30542-4. PMID 30503403. 
  3. 3.0 3.1 3.2 3.3 3.4 Huber, Douglas; Curtis, Carolyn; Irani, Laili; Pappa, Sara; Arrington, Lauren (2016). "Postabortion Care: 20 Years of Strong Evidence on Emergency Treatment, Family Planning, and Other Programming Components". Global Health: Science and Practice খণ্ড 4 (3): 481–494. doi:10.9745/GHSP-D-16-00052. PMID 27571343. 
  4. Adams, Patrick (9 March 2021). "In Hospitals Across Africa, A Lack Of Post-Abortion Care". NPR. https://www.npr.org/sections/goatsandsoda/2021/03/09/936206516/in-hospitals-across-africa-a-lack-of-post-abortion-care. 
  5. Corbett, M. R.; Turner, K. L. (2003). "Essential elements of postabortion care: Origins, evolution and future directions". International Family Planning Perspectives খণ্ড 29 (3): 106–11. doi:10.1363/ifpp.29.106.03. PMID 14519586. 
  6. Rasch, Vibeke (2011). "Unsafe abortion and postabortion care - an overview". Acta Obstetricia et Gynecologica Scandinavica খণ্ড 90 (7): 692–700. doi:10.1111/j.1600-0412.2011.01165.x. PMID 21542813. 
  7. "USAID PAC Model, Results Framework, and Global and Country Indicators". Postabortion Care. https://www.postabortioncare.org/sites/pac/files/USAID_Model.pdf.