ঘিলা খেল অসমৰ অতি প্ৰাচীন আৰু জনপ্ৰিয় খেল৷ মধ্যযুগৰ অসমৰ বহু পুথিত আৰু লোকগীতি সাহিত্যত ঘিলা খেলৰ বিৱৰণ পোৱা যায়৷ ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীতত ঘিলা খেলিবলৈ যোৱা আৰু ঘিলা খেলৰ অন্তত নৈত গা ধোৱাৰ উল্লেখ পোৱা যায়৷ শ্ৰীকৃষ্ণৰ শিশুকালৰ ক্ৰীড়া বৰ্ণনাতো ঘিলা খেলৰ বিষয়ে উল্লেখ কৰা আছে৷ অসমৰ জনজাতীয় লোকসকলৰ মাজতো ঘিলাখেল অতি জনপ্ৰিয়৷ ডিমা হাচাও জিলাৰ ডিমাছা, কুকি লোকসকলৰ ল’ৰা-ছোৱালীৰ মাজত ঘিলাখেলৰ প্ৰচলন আছে৷ কুকিসকলৰ মাজত ইয়াক পৰম্পৰাগতভাবে খেলা হয়৷ তেওঁলোকে ঘিলাৰ দ্বাৰা তৈয়াৰী টাকুৰীত সূতা মেৰিয়াই মাটিলৈ দলিয়াই ’লাটুম’ খেল খেলে৷[1]

ঘিলা খেল

ঘিলা খেলৰ ঘিলাটো প্ৰকৃততে এটা গছৰ গুটি৷ এই গছ অসমৰ হাবিত পোৱা যায়৷ ঘিলাগছ দুবিধ৷ এবিধ কাঁইটীয়া লতাজাতীয় আৰু আনবিধ বৃক্ষ৷[2] লতাজাতীয় ঘিলাৰ নাম লতাঘিলা বা মাকৰি ঘিলা৷ লতাজাতীয় ঘিলাৰ বৈজ্ঞানিক নাম, Entada pursaetha. এইবিধ হোলোং গছত বগায়৷[3] ঘিলাগছ সাধাৰণতে পাহাৰীয়া ঠাইত হয় আৰু ইয়াৰ ফল হিচাপে ডালত দীঘল ছেঁই হয়৷ ছেঁইত পাঁছ-ছটামানকৈ গুটি থাকে৷ ছেঁইবোৰ পুৰঠ হ’লে গুটিবোৰ টান হয় ডাঠ মটীয়া বা ৰঙা-ক’লা ৰঙৰ হয় আৰু ছিৰা ফাটি পৰা গুটিবোৰ সংগ্ৰহ কৰি ঘিলা খেলা হয়৷ ঘিলাগছৰ গুটিৰে খেলা হয় বাবে এই খেলৰ নাম ঘিলাখেল৷

খেলৰ বিধি

সম্পাদনা কৰক

ঘিলা গছৰ গুটিৰ পৰা পোৱা ঘিলাগুটিৰে বিভিন্ন ধৰণে খেল খেলা হয়৷ প্ৰায় সকলোবোৰ খেলতে খেলুৱৈসকল দুটা ফৈদত ভাগ হয়৷ এবিধ খেলত এটা দলে ঘিলাগুটিবোৰ মাটিত আঁচ টানি শাৰী শাৰীকৈ পাতি দিয়ে আৰু প্ৰতিপক্ষই কিছু আঁতৰত নিৰ্দিষ্ট কৰি থোৱা ঠাইৰ পৰা আন এটা ঘিলা দলিয়াই শাৰী পাতি থোৱা ঘিলাবোৰ ওফৰাবলৈ যত্ন কৰে৷ তেনেদৰে শাৰীত পাতি থোৱা ঘিলা ওফৰাব পাৰিলে প্ৰতিপক্ষ জিকে৷ আন এটা খেলত, পৰৱৰ্তীকালৰ মাৰ্বল গুটি খেলৰ দৰে এটা গাঁত কৰি লোৱা হয় আৰু নিৰ্দিষ্ট দুৰত্বৰ পৰা খেলুৱৈয়ে ঘিলাগটি দলিয়াই গাঁতটিত পেলাবলৈ যত্ন কৰে৷ এনেদৰে দলিয়াওঁতে ঘিলা গাঁতত পৰিলে সংখ্যা হিচাপ কৰি পিছত হৰা-জিকা নিৰ্ধাৰণ কৰা হয়৷

ঘিলাখেলৰ খেলুৱৈ

সম্পাদনা কৰক

ঘিলাগছ যিহেতু অসমৰ হাবিতেই প্ৰচুৰ পৰিমাণে পোৱা গৈছিল, এই খেলৰ প্ৰচলনো অসমতেই আছিল বুলি ধৰিব পাৰি৷ সাধাৰণতে পথাৰত গৰু চাৰিবলৈ যোৱা গৰখীয়া ল’ৰাবোৰৰ মাজতেই ঘিলাখেল বেছিকৈ জনপ্ৰিয় আছিল৷ সেয়ে এই খেলক গৰখীয়া ল’ৰাৰে খেল বুলি অনুমান কৰিব পাৰি৷[4] হ’লেও ঘিলাখেল ঘৰুৱাভাৱেও ল’ৰা-ছোৱালী উভয়ে খেলে৷ ঘিলাগুটিৰ নিমজ আৰু আকৰ্ষণীয় আকাৰে গুটিটোৰ প্ৰতি এক সন্মোহন আনি দিয়ে, যাৰ ফলত অকল ল’ৰা-ছোৱালীয়ে নহয়, জিয়ৰী-বোৱাৰী আনকি প্ৰাপ্তবয়স্ক পুৰুষেও এই খেল নেখেলাকৈ থাকিব নোৱাৰে৷

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. উত্তৰ কাছাৰ পাহাৰৰ লোক-সংস্কৃতি, পৃ: নং ১৯০, ধৰ্মেশ্বৰ দুৱৰা, ১৯৮৮ চন
  2. অসমীয়া মানুহৰ ইতিহাস, পৃ: নং ৩৪১, নগেন শইকীয়া
  3. বিহু সংস্কৃতিৰ ইতিবৃত্ত, ৰঞ্জিত গগৈ
  4. অসমীয়া মানুহৰ ইতিহাস, পৃ: নং ৩৪১, নগেন শইকীয়া