চপয়(ইংৰাজী: sopoy) এবিধ চতুষ্পদী ছন্দৰ কবিতা ৷ “এই ছন্দত চাৰি ফাঁকি থাকে। ৰাগ অনুসাৰে ইয়াৰ প্ৰত্যেক ফাঁকিত দহ, এঘাৰ, বাৰ, তেৰলৈকে বা তাতোকৈ বেছি আখৰ থাকিব পাৰে আৰু দুই পদৰ শেষৰ আখৰৰ মিল থাকে৷”[1] চপয় পৰস্পৰে মিল হোৱা চাৰি ফাকিৰ এবিধ ছন্দেৰে ৰচনা কৰা বিষ্ণুৰ স্তৱ ।[2][3] ছন্দত ৰচিত স্তৱ বা গুণ বৰ্ণনাৰ নামেই চপয়৷[4]শঙ্কৰদেৱে তিনিপ্ৰকাৰ ভটিমা ৰচনা কৰিছিল৷ তাৰ ভিতৰৰ দুটিমান দেৱভটিমাত এই দুৰ্লভ চপয় ছন্দ প্ৰয়োগ কৰিছিল । তেনে এটা দেৱভটিমাৰ চপয় ছন্দৰ এটা অংশৰ উদাহৰণ:--

জয় জয় জগজন জীৱন মুৰাৰি৷
কংস কেশী বক অঘ অন্তকাৰী৷
সেৱে যাক বিভু ব্ৰহ্মা অধিকাৰী৷
ভুকুতি মুকুতি নিত্য কৰতু তোহাৰি৷৷[5]

(হামাকু?) কুণ্ডিন নগৰী অনুপাম।
আছে কন্যা এক ৰুকমিনী নাম॥
ভীষ্মক-ৰাজ-নন্দিনী বৰ বালা।
বাঢ়য় নব জিনি চান্দক কলা॥

কি কহব ৰমণীক ৰূপ প্ৰচুৰ।
বদনক হেৰি চান্দ ভেল দূৰ॥
নয়নক পেখি পাই বড়ি লাজ।
কৰল ঝম্প কমল জল মাঝ॥[1]

  • আন এটা চপয় ছন্দৰ ভটিমা হ’ল,

শুণ শুণ ৰুকমিণী আই ৷
কৃষ্ণ গুণ কহন নাযাই ৷।
মুখ ইন্দু কৌটি পৰকাশ ৷
দশন মেতিম মন্দ হাস ৷।[6][1]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 বৰা, সত্যনাথ (১৯২৬). বহল ব্যাকৰণ. অম্বিকানাথ বৰা. পৃষ্ঠা. ৩০০. 
  2. হেমকোষ, হেমচন্দ্ৰ বৰুৱা, পৃ;নং; ৪৭২, সম্পা: দেবানন্দ বৰুৱা, হেমকোষ প্ৰকাশন, ২০১৫
  3. ভটিমা মাধুৰী, মহেন্দ্ৰনাথ শইকীয়া, পৃ:নং; ৮০, বেদকণ্ঠ,২০১৪
  4. "মহাপুৰুষদুজনাৰ বৰগীত আৰু অন্যান্য গীতসমূহ". https://xahitya.org/borgeet2/। আহৰণ কৰা হৈছে: 10 September 2024. 
  5. ভটিমা মাধুৰী, মহেন্দ্ৰনাথ শইকীয়া, পৃ:নং;৪৯, বেদকণ্ঠ, ২০১৪
  6. https://www.asomiyarasana.com/2021/09/sankardev.html[সংযোগবিহীন উৎস]