চম্পাৱতী
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
চম্পাৱতী (ইংৰাজী: Champavati) অসমীয়া সমাজ জীৱনৰ এটি চিনাকি নাম৷ সাধুকথা, নাটক, কবিতা, মালিতা, কথাছবি সকলোতে চম্পাৱতী নামৰ এক চৰিত্ৰই স্থান লাভ কৰি আহিছে৷ চম্পাৱতী লোককথাৰ নায়িকা৷ চম্পাৱতীৰ প্ৰকৃত অৱস্থিতি কোনেও নাজানে৷ অসমীয়া লোককথাৰ নাৰী “চম্পাৱতী’’ক পোনতে লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি ছপাৰূপত প্ৰকাশ কৰে৷ অসমীয়া লোককথাত চম্পাৱতী এক সাউদৰ জীয়েক৷ সাউদৰ দুজনী পত্নী আছিল৷ দুয়োৰে দুজনী ছোৱালী আছিল৷ সাউদৰ লাগী ঘৈণীয়েকৰ কুমন্ত্ৰণাত চম্পাৱতী আৰু মাকক ঘৰৰ বাজ কৰি বাৰীচুকতে এটা ঘৰ সাজি থাকিবলৈ দিছিল৷ মাহীমাকৰ অত্যাচাৰত চম্পাৱতী আৰু মাকে বৰ কষ্টেৰে জীৱন যাপন কৰিছিল৷ মাক-জীয়েক দুয়ো আছিল সৎ প্ৰকৃতিৰ৷
এবাৰ পিতৃ সাউদে চম্পাৱতীক পথাৰত ধান ৰখিবলৈ পঠিয়ালে৷ বতা চৰায়ে পকা ধান খাই অনিষ্ট কৰিছিল৷ চম্পাৱতী পথাৰলৈ গ’ল আৰু বতা চৰাইবোৰ খেদিবলৈ কাকূতি কৰি গাবলৈ ধৰিলে;
হুৰ হুৰ বতা চৰাই,
মোৰে ধান নাখাবি,
তোক দিম গোটেকৰাই৷
তাইৰ গীত শুনি ধাননিৰ মাজৰ পৰা কোনো মধুৰ কণ্ঠই উত্তৰ দিলে,
ধানো খাম চাউলো খাম
চম্পাৱতীক বিয়া কৰাই ঘৰলৈ যাম৷