অসমৰ চাহ জনগোষ্ঠীসমূহৰ মাজৰ অন্যতম চাওতাল জনগোষ্ঠী৷ এই জনগোষ্ঠীৰ অন্যতম জাতীয় উৎসৱ চহৰাই পৰৱ৷ ই শৰতকালৰ অন্যতম কৃষিভিত্তিক উৎসৱ৷ কাতি মাহক চাওতাল জনগোষ্ঠীয়ে চহৰাই চান্দু বোলে আৰু এই মাহতে খেতিপথাৰ সোণবৰণীয়া হোৱাৰ পৰত মহা-আড়ম্বৰেৰে চহৰাই উৎসৱ পাতে৷ এই উৎসৱক ব’হাগ বিহুৰ গৰু বিহুৰ লগত তুলনা কৰিব পাৰি৷ আগৰ দিনত গৰু ম’হেই আছিল কৃষি কাৰ্যৰ প্ৰধান সম্বল৷ সেয়ে চহৰাই পৰৱত গৰু আৰু গোৱালসকলক বিশেষভাবে মান-সৎকাৰ কৰা হয়৷ সেই দিনা গোহালী পৰিস্কাৰ কৰি মাহ-প্ৰসাদ দি ছাগলী হাঁহ কুকুৰা আদি ’গৰইয়া বাবা’ৰ নামত বলি দিয়ে৷ এই পৰৱক দেৱালী পৰৱো বোলে৷ লোক বিশ্বাস মতে এই ৰাতি কেউফালে আলোকেৰে উজ্জল কৰি পূৰ্বপুৰুষৰ নামত বন্তি প্ৰজ্জলন কৰে আৰু নিশা ফুলজাৰি, ফটকা আদি ফুটায়৷ ফটকাৰ শব্দত ভূত-প্ৰেত আদি পলায় আৰু অপায় অমঙ্গল দূৰ কৰে বুলি বিশ্বাস৷[1] এই উৎসৱ চাওতাল জনগোষ্ঠীয়ে একেটা দিনতে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰে৷ ই লখিমী আদৰাৰ উৎসৱ৷ পৰম্পৰাগত নৃত্য-গীত পৰিৱেশনেৰে এই জনগোষ্ঠী অধ্যুষিত এলেকাসমূহ উৎসৱমুখৰ হৈ পৰে৷ পৰৱৰ দিনা পুৱাই গড় টান্দি নামে পূজাথলীত নাইকেই(পুৰোহিত) পূজা-পাতল কৰে আৰু ৰাইজে আশীৰ্বাদ লয়৷ গাঁৱৰ বয়োজ্যোষ্ঠ লোকসকলে জাহোলী গীত বা চহৰাই গীত গাই গাঁৱৰ ঘৰে ঘৰে আনন্দ উৎসৱ কৰে৷ বলিৰ মাংসৰে সন্ধ্যা লগে ভাগে ভোজ খায় আৰু তাৰপিছত সমূহীয়াকৈ গীত নৃত্য কৰে৷ [2] চহৰাই পৰৱৰ শেষ হোৱাৰ লগে লগে শীত বেছি হয়৷ ঠাণ্ডাত জুই জ্বলাই বহুতে জুইৰ সেক লয় আৰু ’ঘেৰ’ নামৰ এবিধ বাদ্য বজায়৷ এইবিধ বাদ্য ঘূৰণীয়া কাঁহীৰ দৰে৷ ইয়াৰ এটা ফাল ছাগলীৰ ছালেৰে ছেওৱা হয়৷ ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগ, যেনে, ঘেৰ, ডাফা, দাম্ফি, ডাফলি আদি৷

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. শ্ৰমিক জীৱনত উৎসৱৰ প্ৰভাৱ, মাখনলাল বাঢ়ৈ, জনমভূমি-২২ নৱেম্বৰ, ২০১৬
  2. পল্লবী দত্ত, mahabahoo.com