চাং
চাং ‘বস্তু তুলি থ’বৰ কাৰণে বা মানুহ শুবলৈ অলপ ওখকৈ বাঁহ বা কাঠেৰে সজা যতন' বিধৰ নাম চাং। [1]
ৱিৱৰণ
সম্পাদনা কৰক‘চাং’ক মচা, পাভটি নামেৰেও পৰিচিত। বড়ো ভাষাত ই বচাং নামে আৰু নামনিত আতালনামে জনাজাত। সাধাৰণতে লাও, কোমোৰা, জিকা, ভোল আদি বগাবলৈ বাঁহেৰে দিয়া হেদালিৰো একেই নাম। পাশ্চাত্য সভ্যতাৰ প্ৰভাৱ পৰাৰ পূৰ্বে লুইতপৰীয়া অসমীয়াই বেলেগ বেলেগ চাং সাজি ভিন্ন কামত তাক ব্যৱহাৰ কৰিছিল। তেনে কেইবিধমান চাং হ’ল—
[2]
(ক) চোৰ চাং – আগৰদিনত শোৱা চাঙৰ ওপৰত কেইবা তৰপ গাধৈৰে মজবুত বেৰ দি ধনী লোকসকলে তাত বহুমূলীয়া বস্তু ৰাখিছিল। নামটো চাং যদিও আচলতে সি এটা সৰু কোঠাহে।
(খ) ধোঁৱা চাং- জুহাল আৰু আখলৰ ওপৰত সজা চাংখনি ধোঁৱা চাং। এই চাঙৰ বয়-বস্তু সেমেকি নাযায়, পোক-পৰুৱাই নধৰে।
(গ) বৰ চাং-বৰঘৰৰ ভিতৰত শোৱাৰ উপযোগীকৈ সজা ওখ বাঁহ-কাঠৰ যতনেই বৰচাং।
(ঘ) হেদালি চাংঘৰুৱা সৰু সুৰা বস্তু তুলি থ’বলৈ সজা চাংখনি হেদালি চাং ৰূপে পৰিচিত। অঞ্চল বিশেষে ইয়াক বাদুলি চাঙো বোলে।
(ঙ) পানী চাং-সাধাৰণতে আখলত পানীৰ কলহ ৰখাৰ বাবে সজা চাংখন।
(চ) হদলা চাং-ভঁৰালৰ ভিতৰত ধান থোৱা চাংখন হৃদলা চাং ৰূপে পৰিচিত।
চাং শব্দৰ আন আন ব্যৱহাৰো মন কৰিবলগীয়া। যেনে ৰজাঘৰীয়া চাং (ৰাজহাউলীৰ অন্তৰ্ভাগ), ডেকা চাং (বিভিন্ন জনজাতিৰ ডেকাসকলে গাঁও, পহৰা দিয়াৰ বাবে আৰু অবিৱাহিত কালত থকাৰ বাবে সজা ঘৰ)[3], নগা চাং (নগাসকলৰ গাঁও), গাভৰু চাং (জনজাতীয় অবিবাহিতা গাভৰু থকা চাংঘৰ) আদি। চাং শব্দলৈ অসমীয়াত সৃষ্টি হোৱা খণ্ডবাক্যবোৰ এনেধৰণৰ চাং পতা কথা, অকাশত চাং পতা কথা (মিছাকথা যোৰা দি মৰা ফিতাহি), চাঙত উঠ (নৰীয়াৰ ভাও জুৰি কাম নকৰি শুই থকা লোক), চাঙত তুলি থ (আলসুৱাকৈ ৰাখ), চাঙত তুলি ধোঁৱা দে (ধোঁৱা দি আদৰুৱাকৈ ৰাখ (ব্যংগ), ইত্যাদি। [4]
তথ্য উৎস
সম্পাদনা কৰক- ↑ দাস, নাৰায়ণ (মুখ্য সম্পাদক) আৰু ৰাজবংশী, পৰমানন্দ (সম্পাদক) (২০০৯). অসমৰ সংস্কৃিত কোষ. প্ৰকাশক পাবজাৰ, গুৱাহাটী-১: প্ৰাগজ্যোজ্যোতিষ মহাবিদ্যলয়ৰ হৈ জ্যোতি প্ৰকাশন. পৃষ্ঠা. ১৭১, ১৭২.
- ↑ দাস, নাৰায়ণ (মুখ্য সম্পাদক) আৰু ৰাজবংশী, পৰমানন্দ (সম্পাদক) (২০০৯). অসমৰ সংস্কৃিত কোষ. প্ৰকাশক পাবজাৰ, গুৱাহাটী-১: প্ৰাগজ্যোজ্যোতিষ মহাবিদ্যলয়ৰ হৈ জ্যোতি প্ৰকাশন. পৃষ্ঠা. ১৭১, ১৭২.
- ↑ "ডেকা চাং". http://www.xobdo.org/dic/%E0%A6%A1%E0%A7%87%E0%A6%95%E0%A6%BE-%E0%A6%9A%E0%A6%BE%E0%A6%82.
- ↑ শশী শৰ্মা, নলবাৰী, ডেকা আৰু ডেকা (সম্পাদকদ্বয়) (২০০৮). অসমীয়া সংস্কৃতিত জনজাতীয় উপাদান, ৰচনা প্ৰৱাহ. প্ৰকাশক তিনিচুকীয়া, অসম: মিত্ৰ এজেঞ্চি এণ্ড কোং. পৃষ্ঠা. ২৬৮, ২৭০.