চাপচাৰকূট উছৱ উত্তৰ পূৰ্বাঞ্চলৰ মিজো জনগোষ্ঠীয় লোকসকলৰ এক বসন্তকালীন আনন্দ উৎসৱ৷ চাপচাৰকূট উছৱত নৃত্য-গীতে আৰু ৰং-ৰহইচেই প্ৰধান বিষয়৷ মিজোসকলৰ তিনিটা প্ৰধান উৎসৱ প’লকূট, চাপচাৰকূট আৰু মীমকূট৷ এই তিনিওটা উৎসৱ অসমৰ বিহুৰ সমসাময়িকভাৱে পালিত হৈছিল৷ প’লকূট মাঘমাহত, চাপচাৰকূট ব’হাগ মাহত আৰু মীমকূট কাতিমাহমানত পালিত হৈছিল৷[1] এই তিনিওটা উৎসৱৰ বৈশিষ্টও অসমৰ তিনিটা বিহুৰ দৰে একে৷ প’লকূটত চিকাৰ আৰু ভোজ প্ৰধান বিষয়, চাপচাৰকূটত নৃত্য-গীত, খেল-ধেমালি প্ৰধান বিষয় আৰু মীমকূটত পূৰ্বপুৰুষসকলৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে সকলোৰে অপায়-অমঙ্গল দূৰ কৰিবলৈ পৰমেশ্বৰৰ ওচৰত মিনতি কৰা হয়৷

বিশেষত্বসম্পাদনা কৰক

বসন্তকালীন চাপচাৰকূট উৎসৱ ঝুম খেতি শেষ হোৱাৰ পিছত মুঠ পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয়৷ এই উৎসৱৰ লগত নানা সাংস্কৃতিক অনুষ্ঠান উদ্যাপন কৰে৷ চাপচাৰকূট সৃষ্টিৰ আঁৰত এক ইতিহাস আছে৷ ১৪৫০-১৭০০ চনৰ মাজত ’ছোৱাই পুই’ নামৰ গাঁৱৰ এজন “কাওলনি’’(মুৰব্বী)য়ে পোনপ্ৰথমে অনুষ্ঠিত কৰিছিল৷ মিজো ডেকাসকলক উৎপাদনমুখী কৰ্মৰ বাবে উৎসাহিত কৰিবলৈ আৰু নিজৰ দেশ ৰক্ষাৰ বাবে ডেকাসকলক সদাজাগ্ৰত কৰিবলৈ এই উৎসৱ পতা হৈছিল৷ ডেকাসকলৰ মাজত উদযাপিত এই উৎসৱত অসমীয়া ৰঙালী বিহুৰ লগত বহুখিনি সাদৃশ্য লক্ষ্য কৰা যায়৷ ৰঙালী বিহু মূলতঃ ডেকা-গাভৰুসকলৰ আনন্দ ধেমালিৰ উৎসৱ৷ বিহুগীত গোৱা, বিহুনচা, বিহুৱান দিয়া, প্ৰেম-পীৰিতি যচা আদিৰ দৰে চাপচাৰকূট উৎসৱতো মিজো ডেকা-গাভৰুসকলে গীত গাই, নাচি আনন্দ উল্লাস কৰে৷ এই উৎসৱৰ প্ৰথম দিনা গাহৰিৰ মঙহেৰে ডাঙৰ ভোজ এটাৰ আয়োজন কৰা হয়৷ উৎসৱৰ তৃতীয় দিনক “চেইনি’’ বোলে৷ সেইদিনা কেৱল নৃত্য-গীত অনুষ্ঠিত কৰা হয়৷ চতুৰ্থ দিনক “জুপুই নি’’ বোলা হয়৷ পঞ্চম দিনটোক “জু থিং চাৱাই নি’’ বোলা হয়৷ সেইদিনা সকলোৱে স্থানীয়ভাবে প্ৰস্তুত কৰা ’জু’ নামৰ পানীয় সেৱন কৰে৷ চাপচাৰকূট উৎসৱত ’ছেহলাম নৃত্য’ প্ৰদৰ্শন কৰা হয় আৰু ’ছেহ-লা’ নামৰ এবিধ গীত গোৱা হয়৷ গায়কজনে অংশগ্ৰহণকাৰীসকলৰ মাজত থিয় হৈ বিভিন্ন ভংগীমাত নৃত্য প্ৰদৰ্শন কৰে৷[2]

নৃত্যসম্পাদনা কৰক

চাপচাৰকূট উৎসৱত মিজোসকলে তেওঁলোকৰ জাতীয় ৰংবিৰঙৰ কাপোৰ পিন্ধি ছেহলাম নাচ নাচে৷ ঢোলৰ বোলত বৰ্তুলাকাৰ হৈ থিয় হৈ থকা মানুহৰ মাজৰ পৰা হঠাতে এজন শিল্পীয়ে দেওলগা মানুহৰ দৰে আচৰণ কৰি সম্মুখলৈ আহে আৰু ভৰি দুখন বেঁকা কৰি উৰন্ত বাহুৰে ঘূৰি ঘূৰি নাচে৷ দৰ্শকসকলে হাতচাপৰি বজায় আৰু ঢুলীয়াই ঢোলত বোল দিয়ে৷[3] এয়ে মিজোসকলৰ ছেহলাম নৃত্য৷

  1. মিজো, লেখকঃ চিত্ৰ মহন্ত, অসমৰ জনজাতি সম্পা; শ্ৰী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য
  2. উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি, মৃগেন শৰ্মা
  3. অসমৰ লোকসংস্কৃতি, চাও লোকেশ্বৰ গগৈ৷