চাবাণ্টু

কিছু তুৰ্কী লোকৰ গ্ৰীষ্মকালীন উৎসৱ


ছাবাণ্টুয় বা চাবাণ্টু (ইংৰাজী: Sabantuy) হৈছে তাটাৰ, ইডেল-উৰালয়ান, বাছকিৰ আৰু কাজাখসকলৰ গ্ৰীষ্মকালীন উৎসৱ৷ এই উৎসৱ ভলগা বুলগেৰিয়ান যুগৰ পৰাই আৰম্ভ হয়। প্ৰথমতে ছাবাণ্টু গ্ৰাম্য অঞ্চলৰ কৃষকসকলৰ উৎসৱ আছিল, কিন্তু পিছলৈ ই ৰাষ্ট্ৰীয় বন্ধলৈ পৰিণত হয় আৰু এতিয়া চহৰতো ইয়াক ব্যাপকভাৱে পালন কৰা হয়। ২০১২ চনত কাজান ছাবণ্টুক ২৩ জুনত উদযাপন কৰা হয়।[1] তাটাৰভাষীসকলে বন্ধৰ দিনটোক Sabantuy বুলি কয়, বা অধিক শুদ্ধকৈ ক'বলৈ গ'লে Saban tuyi বোলে৷ ভলগাৰ কাষত বাস কৰা আন তুৰ্কী জনগোষ্ঠীৰ লোকসকলেও এই বন্ধৰ দিনটো পালন কৰে। বাছকিৰ-ভাষীসকলে ইয়াক হাবন্তয় আৰু চুৱাছভাষীসকলে — আকাতুয় (Акатуй) বুলি কয়।

ছাবণ্টুৰ উৎপত্তি প্ৰাক-ইছলাম যুগৰ পৰাই হোৱা বুলি ভবা হয়, যেতিয়া ইয়াক বীজ সিঁচা বতৰৰ আগতে উদযাপন কৰা হৈছিল। ৯২১ চনৰ পৰাই ইবন ফাডলানে ছাবাণ্টুইৰ উপস্থিতি লক্ষ্য কৰিছিল। ছাবাণ্টুই পৰম্পৰাগত গীত আৰু অন্যান্য ৰীতি-নীতিৰ সম্ভৱতঃ সেই সময়ত ধৰ্মীয় অৰ্থ আছিল। পিছলৈ তাটাৰ আৰু বাছকিৰ আৰু খ্ৰীষ্টান চুৱাছ লোকসকলৰৰ মাজত ইছলাম ধৰ্ম বিয়পি পৰাৰ লগে লগে ই ধৰ্মনিৰপেক্ষ বন্ধত পৰিণত হয়। প্ৰতিটো অঞ্চলতে গাঁওবোৰে পাল পাতি বন্ধৰ দিনটো উদযাপন কৰিছিল। ২০ শতিকাৰ আৰম্ভণিতে ছাবাণ্টুইয়ে টাটাৰসকলৰ জাতীয় উৎসৱ হিচাপে স্বীকৃতি লাভ কৰে। ছোভিয়েট কৰ্তৃপক্ষই এই উৎসৱত অনুমোদন জনাইছিল সম্ভৱতঃ ইয়াৰ পৰিশীলিত গ্ৰাম্য উৎপত্তিৰ বাবে। কিন্তু তেওঁলোকে ছাবাণ্টুইক বীজ সিঁচাৰ পিছৰ বতৰলৈ লৈ যায়, এইদৰে ইয়াক প্ৰাচীন গ্ৰীষ্মকালীন উৎসৱ চিৰিলিকৰ সৈতে একত্ৰিত কৰে। শেহতীয়াকৈ মস্কোৱে ২০০৭ চনত মানৱতাৰ মৌখিক আৰু অমূৰ্ত ঐতিহ্যৰ শ্ৰেষ্ঠ কৃতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে ছাবাণ্টুইক মনোনীত কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে।

সামাজিক পৰম্পৰা

সম্পাদনা কৰক

বিশেষকৈ সৰু সৰু গাঁৱত এই উদযাপন কেইবাদিনো হ’ব পাৰে কাৰণ উৎসৱৰ প্ৰস্তুতিও উদযাপনৰ অংশ বুলি গণ্য কৰা হয়। এই প্ৰস্তুতিসমূহ অতি বৈচিত্ৰময়। কোনো কোনো ঠাইত শিশুৱে কণী সংগ্ৰহ কৰি ৰং কৰে। এইবোৰ প্ৰতিযোগিতাসমূহত পুৰস্কাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি বা উৎসৱৰ বাবে ধন আগবঢ়োৱাত সহায় কৰিবলৈ বিক্ৰী কৰিব পাৰি। আন ঠাইত আনক কপ্ৰা বটকাছি (карга боткасы) বা জেৰে বটকাছি (зэрэ боткасы) নামেৰে জনাজাত কাছা (кашa) আগবঢ়োৱা আদি কাম হয়। কাছা প্ৰস্তুত কৰাৰ এই অনুষ্ঠানত, এখন গাঁৱত সামূহিকভাৱে দাইল প্ৰস্তুত কৰা হয় আৰু প্ৰতিটো ঘৰে এই কাৰ্যত কিছু শস্যৰ বৰঙণি আগবঢ়ায়। বহু ঠাইত প্ৰস্তুতিৰ ক্ষেত্ৰত পুৰস্কাৰ সংগ্ৰহ কৰাটোও অন্তৰ্ভুক্ত কৰা হয়, আৰু এইবোৰ প্ৰায়ে জটিল বেজীৰ কামৰ কাপোৰ। ছাবানাটুয়ৰ আগতে এবছৰৰ ভিতৰত বিবাহপাশত আবদ্ধ হোৱা মহিলাসকলে কৰা বেজীৰ কাম বিশেষভাৱে মূল্যৱান বুলি গণ্য কৰা হয়।[2]

খেল ধেমালি

সম্পাদনা কৰক

মুকলি ময়দানত অনুষ্ঠিত হোৱা ছাবাণ্টুইৰ আটাইতকৈ উজ্জেজনা আৰু আকৰ্ষণীয় অংশ হৈছে উত্তাল খেল আৰু প্ৰতিযোগিতাৰ দ্বাৰা সিদ্ধান্ত কৰা। উৎসৱত ঘোঁৰা দৌৰ প্ৰায় সদায় প্ৰথমে অনুষ্ঠিত হয়। টাটাৰসকল ঐতিহাসিকভাৱে ঘোঁৰা চলোৱাৰ বাবে পৰিচিত আৰু ঘোঁৰাক শ্ৰেষ্ঠ পুৰস্কাৰ দি আহিছে, গতিকে ঘোঁৰা দৌৰে বেছিভাগ ছাবাণ্টুই উদযাপনৰ চিহ্নিত কৰে। গাঁৱে-ভূঞে ৮ বছৰৰ পৰা ১২ বছৰ বয়সৰ সৰু ল’ৰাবোৰে ছাবাণ্টুইৰ বাবে ঘোঁৰা দৌৰত অংশগ্ৰহণ কৰে। প্ৰতিযোগীসকলে গাঁওখন এৰি কেইবামাইলমান দূৰলৈ ৰাস্তাৰে ষ্টাৰ্ট লাইনলৈ যায়। তাৰ পিছত সেই বিন্দুৰ পৰা দৌৰি গাঁওখনলৈ উভতি আহে য’ত গাঁৱৰ মানুহে বিজয়ীক উদযাপন কৰিবলৈ অপেক্ষা কৰি থাকে। দৌৰৰ বিজয়ীক শ্ৰেষ্ঠ এম্ব্ৰয়ডাৰী কাপোৰেৰে সন্মানিত কৰা হয় আৰু স্থানীয় নায়ক হিচাপে উদযাপন কৰা হয়। প্ৰতিযোগিতা আৰু খেলসমূহৰ ভিন্নতা আছে আৰু বহুতো যিবোৰ প্ৰথম অৱস্থাত ছাবাণ্টুইৰ অংশ নাছিল, সেইবোৰ পিছলৈ ১৯ আৰু ২০ শতিকাৰ সময়ছোৱাত উৎসৱত অন্তৰ্ভুক্ত কৰা হৈছিল। মৌলিক প্ৰতিযোগিতা বুলি বুজা কিছুমান প্ৰতিযোগিতা হ’ল খোজকাঢ়ি দৌৰ, জাম্পিং প্ৰতিযোগিতা, ধনুৰ্বিদ্যা, বাহু মল্লযুঁজ ইত্যাদি৷

পৰম্পৰাগতভাৱে টাটাৰ বুলি গণ্য কৰা অন্যান্য প্ৰতিযোগিতা আৰু খেলসমূহ তৰ্কসাপেক্ষভাৱে ৰাছিয়াৰ মেলাৰ পৰা ছাবাণ্টুলৈ আহিছিল। ইয়াৰ ভিতৰত বিন বেগ দৌৰ, চামুচত কণী লৈ দৌৰা, দোল খাই থকা, ঢিলাকৈ বান্ধি থোৱা বীমত খোজ কঢ়া, দুটা বাল্টি পানী কঢ়িয়াই লৈ দৌৰা, কাঠৰ খুঁটাত বগাই যোৱা (প্ৰায়ে ওপৰত পুৰস্কাৰ ওলোমাই থোৱা থাকে), তিনিঠেঙীয়া দৌৰ, ৰছী টনা, চকুত কাপোৰ বান্ধি টেকেলি ভঙা, আৰু ৰশ্মিৰ ওপৰত ভাৰসাম্য ৰক্ষা কৰি ইজনে সিজনক বস্তাৰে আঘাত কৰা।

পিছৰ দুখন প্ৰতিযোগিতা বিশেষভাৱে চিৰস্থায়ী আৰু জনপ্ৰিয় কাৰণ ইয়াত বহুতো কমিক দৃশ্যৰ ব্যৱস্থা কৰা হৈছে। প্ৰথমটোত প্ৰতিযোগীজনে চকুত কাপোৰ বান্ধি লাঠি এডালেৰে মাটিৰ পাত্ৰ এটাৰ পৰা ১০-১২ খোজ আঁতৰত আগবাঢ়ি গৈ ১৮০ ডিগ্ৰী ঘূৰি থকা দেখা যায়। ইয়াৰ পিছত প্ৰতিযোগীয়ে লাঠিডালেৰে মাটিৰ পাত্ৰটো ভাঙিবলৈ চেষ্টা কৰে আৰু ভঙাসকলে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। দ্বিতীয়টো হৈছে এক প্ৰকাৰৰ মহিমামণ্ডিত আৰু জটিল আঠুৱাৰ যুঁজ। দুজন প্ৰতিযোগীয়ে মাটিৰ পৰা কেইবাফুট দূৰৈত থকা এটা বীমত বহি থাকে (যথেষ্ট ওখ যাতে তেওঁলোকৰ ভৰিয়ে মাটি স্পৰ্শ নকৰে) আৰু তেওঁলোকৰ হাতত ঘাঁহেৰে ভৰা বস্তা বা আঠুৱাৰ আৱৰণ দিয়া হয়। তাৰ পিছত প্ৰতিযোগীসকলে ইজনে সিজনক ঘাঁহৰ বস্তাৰে আঘাত কৰে, একে সময়তে নিজৰ পৰা নপৰি নিজৰ প্ৰতিদ্বন্দ্বীক বিমৰ পৰা নমাই পেলাবলৈ চেষ্টা কৰে। আন এটা জনপ্ৰিয় খেল হ’ল হাত ব্যৱহাৰ নকৰাকৈ কাটিক (катык) নামৰ কিম্বন কৰা গাখীৰৰ সামগ্ৰীৰ বাটি এটাত মুদ্ৰা বিচাৰিবলৈ চেষ্টা কৰা।[3]

ৰাজনৈতিক পৰম্পৰা

সম্পাদনা কৰক

মল্লযুঁজ কোৰাছ, হৈছে ছাবাণ্টুইৰ মূল প্ৰতিযোগিতা। মল্লযুঁজাৰুসকলে টাৱেল ব্যৱহাৰ কৰে আৰু লক্ষ্য হৈ পৰে প্ৰতিদ্বন্দ্বীক হৰুৱাই দিয়া। সাধাৰণতে সৰু ল’ৰাবোৰে প্ৰতিযোগিতা আৰম্ভ কৰে। ছাবাণ্টুইৰ শেষত উৎসৱৰ মূল অনুষ্ঠান হৈছে “কোৰাছ’’ৰ ফাইনেল। বিজয়ীজন ছাবাণ্টুইৰ নায়ক হয়৷ সৰু গাঁৱত ৰামৰ পৰা আৰম্ভ কৰি ডাঙৰ চহৰৰ উদযাপনত গাড়ীলৈকে বিভিন্ন পুৰস্কাৰ দিয়া হয়। [1] ছাবাণ্টুই তাটাৰ্স্তানৰ প্ৰতীক। এই কাৰণেই গণৰাজ্যখন ভ্ৰমণ কৰা প্ৰতিজন ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কাজানত অনুষ্ঠিত হোৱা ছাবাণ্টুইত অংশগ্ৰহণ কৰে। ১৯৯০ চনৰ মাজভাগত কাজান ভ্ৰমণৰ সময়ত বৰিছ য়েলচিন ছাবাণ্টুই উৎসৱৰ মনোযোগৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল যেতিয়া তেওঁ পৰম্পৰাগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, য'ত অংশগ্ৰহণকাৰীসকলে চকুত কাপোৰ বান্ধি মাটিৰ টেকেলী ভঙাৰ চেষ্টা কৰিছিল। ভ্লাদিমিৰ পুটিনে এই হাস্যৰসময়ী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ হাত ব্যৱহাৰ নকৰাকৈ এটা মুদ্ৰা মাছ ধৰি উলিয়াবলৈ sour milk ভৰ্তি জাৰ এটাত মুখখন ডুবাই দিবলৈ চেষ্টা কৰিছিল।[4]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 Drayton, James (4 July 2012). co.uk/2012/07/sabantuy.html "Sabantuy". home to roam. http://hometoroam.blogspot. co.uk/2012/07/sabantuy.html। আহৰণ কৰা হৈছে: 11 July 2012. [সংযোগবিহীন উৎস]
  2. https://folkways.today/sabantuy_tatar_festival/
  3. https://folkways.today/sabantuy_tatar_festival/
  4. { {উদ্ধৃতি ৱেব|url=http://2001.novayagazeta.ru/nomer/2001/41n/n41n-s07.shtml%7Ctitle=Новая[সংযোগবিহীন উৎস] газета - Novayagazeta.ru|ৱেবছাইট=Новая газета - Novayagazeta.ru}}