চামচুদ্দিন আহমদ শ্বাহ
চামচুদ্দিন আহমদ শ্বাহ (শাসনকাল ১৪৩৩-১৪৩৬) আছিল বংগৰ এজন শাসক।। তেওঁ চুলতান জালালউদ্দিন মুহাম্মদ শ্বাহৰ পুত্ৰ। পিতৃৰ মৃত্যুৰ পিছত, তেওঁ চৈধ্য বছৰ বয়সত সিংহাসনত বহিল।[1]
ইতিহাস
সম্পাদনা কৰকআহমদ শ্বাহে কেৱল তিনি বছৰ শাসন কৰিলে। তেওঁৰ শাসনকালত অৰাজক অৱস্থাই বিৰাজ কৰিছিল। মুহাম্মদ কাচিম হিন্দু শ্বাহৰ কথা মতে তেওঁ দেউতাকৰ উদাৰ নীতি, ন্যায়বিচাৰ আৰু দানশীলতা আগবঢ়াই লৈ গ'ল।[2] তেওঁৰ শাসনকালত নাচিৰুদ্দিন মাহমুদ শ্বাহৰ আগ্ৰাসন হৈছিল। পিছলৈ আহমদ শ্বাহৰ শক্তিশালী অভিজাত চাদী খাঁ আৰু নাচিৰ খাঁৰ হাতত ১৪৩৬ত মৃত্যু হ'ল।[1] তেওঁৰ মৃত্যুৰ পিছত চাদী খাঁ আৰু নাচিৰ খাঁৰ মাজত বিবাদ হ'ল, আৰু কোনো সিংহাসনলৈ নাহিল। ইলিয়াচ শ্বাহীৰ বংশৰ এজন বংশধৰে ১৪৩৭ত নাচিৰউদ্দিন মাহমুদ শ্বাহৰ নাম ধাৰণ কৰি সিংহাসন দখল কৰিলে।[2]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 MA Taher, Shamsuddin Ahmad Shah, Banglapedia: The National Encyclopedia of Bangladesh, Asiatic Society of Bangladesh, Dhaka, Retrieved: 2011-04-26
- ↑ 2.0 2.1 Majumdar, R.C. (ed.) (2006). The Delhi Sultanate, Mumbai: Bharatiya Vidya Bhavan, p.211