অসমৰ বিভিন্ন পৰিচ‌য়সমূহৰ ভিতৰত চাহখেতি অন্যতম। চাহ শব্দটো চীনা শব্দৰ পৰা অহা। চীনদেশত চাহক ‘চা' বুলি কয় । চাহৰ ইংৰাজী প্ৰতিশব্দ Tea । চিংফৌ ভাষাত চাহক ‘ফিনাপ' অথবা ‘ফালাপ' বুলি কয়। আহোম ভাষাত ‘নাম - ফালাপ' বুলি কয়। ‘নাম' মানে পানী আৰু ‘ফালাপ' মানে চাহ । সম্ভৱতঃ এইদৰেই অসমত চাহ পাত পানীত দি উতলাই খোৱা ৰসবিধক চাহ-পানী বুলি কোৱা হয়।

 চাহ খেতি আৰু প্ৰস্তুতকৰণৰ লগত জড়িত বিভিন্ন দিশ সম্পাদনা কৰক

পুলি ৰোপন:     

     চাহ গছৰ বংশ বৃদ্ধি দুই প্ৰকাৰে কৰা হয় - কাটিং আৰু গুটিৰ পৰা। উপযুক্ত স্থান নিৰ্বাচন কৰি, মাটি প্ৰস্তুত কৰি কাটিং ৰোপন কৰা বা গুটি পচোৱা হয়। চাহ পুলি ৰোপন কৰাৰ আগেয়ে মাটিডৰাৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণসমূহৰ পৰীক্ষা কৰি মাটিডৰা চাহ খেতিৰ বাবে উপযুক্ত হয়নে নহয় থিৰাং কৰে। মাটিডৰাত থকা ডাঙৰ গছ-গছনিবোৰ উভলা, হালবোৱা, মৈয়াই মাটিডৰা সমান কৰা ইত্যাদি কাম নিৰ্দিষ্ট নিয়ম অনুসৰি কৰা হয়।

    নলা ব্যৱস্থা: 

  চাহ বাগিচা এখনৰ কেঁচাপাত উৎপাদনত বাগিচাখনৰ নলা ব্যৱস্থাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। মাটিৰ উপৰিভাগ তথা গছৰ শিপা অঞ্চলৰপৰা অতিৰিক্ত পানীভাগ যাতে বাধাহীনভাৱে ওলাই যাব পাৰে তাৰ বাবে সু নলাৰ ব্যৱস্থা কৰা হয়। সু নলা ব্যৱস্থাৰ দ্বাৰা মাটিৰ খহনীয়া বহু পৰিমাণে ৰোধ হয় আৰু গছৰ শ্ৰীবৃদ্ধি হয়। অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী।

       ছাঁ-গছ ৰোপন:     

 অসমৰ ভৌগোলিক অৱস্থানৰ ফলত সৃষ্টি হোৱা বায়ুমণ্ডলৰ উচ্চ তাপমাত্ৰা আৰু বতাহৰ স্তিমিত গতিৰ বাবে অসমৰ চাহ খেতিত ছাঁ-গছ ৰোপন কৰা হয়। ছাঁ-গছবোৰে চাহ গছৰ পাতৰ উষ্ণতা হ্ৰাস কৰে, মাটিত জৈৱিক পদাৰ্থ আৰু আন মৌলৰ যোগান ধৰে, পানী সংৰক্ষণ কৰাৰ উপৰি চাহ গছবোৰত কিছুমান কীট-পতংগৰ উপদ্ৰৱ হ্ৰাস কৰে। তেনে ছাঁ-গছ কিছুমানৰ নাম যেনে - নীল গছ, ঘোঁৰা নিম, ৰঙা চন্দন, শিল কৰৈ বা চাম কৰৈ আদি। অৱশ্যে অসমৰ কিছুসংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাগিচাত মাইফাক , তামোল , নাহৰ , চিৰিজ আদিক ছাঁগছ হিচাপে ব্যৱহাৰ কৰা দেখা যায় |

সাৰ প্ৰয়োগ:   

    সাধাৰণতে মাৰ্চ-এপ্ৰিল মাহত বছৰৰ প্ৰথমজাক বৰষুণ অহাৰ পাছতেই সাৰ প্ৰয়োগ কৰে। অৱশ্যে পৰিস্থিতি সাপেক্ষে স্প্ৰেয়িং যন্ত্ৰৰ সহায়ত চাহ পাতত সাৰ প্ৰয়োগ কৰা হয়।

     পাত তোলা কাৰ্য: ‌     

    চাহ গছৰ পাত তোলা হৈছে ইয়াৰ খেতি চপোৱা কাৰ্য। পাত তুলি থাকিলেহে গছজোপাৰ পৰা নতুনকৈ পোখা মেলে আৰু এক নিৰ্দিষ্ট সময়ৰ অন্তৰত পুনৰ সেই পোখাবোৰ চিঙা হয়, যাক পাততোলা বোলে।

        কলম:       

  কলম কৰা কাৰ্য চাহ খেতিৰ বাবে অপৰিহাৰ্য। ডিচেম্বৰ-জানুৱাৰী মাহত চাহ গছৰ কলম কৰা হয়। কলম কৰিলেহে চাহ গছজোপাই নতুনকৈ চাহ উৎপাদন কৰিব পাৰে। মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট,‌ ছেপ্তেম্বৰ, নৱেম্বৰ - এই সময়ছোৱাত চাহপাত উৎপাদন হয়।

         কলঘৰলৈ প্ৰেৰণ:   

    পাত তোলাৰ পাছত কলঘৰলৈ প্ৰেৰণ কৰাৰ আগেয়ে তোলা পাতবোৰ ভালদৰে বতাহ চলাচল কৰিব পৰা খেৰীঘৰত অথবা গছৰ ছাঁত বাঁহৰ চাঙৰ ওপৰত পাতলীয়াকৈ মেলি থয়। কলঘৰলৈ কেঁচাপাত পৰিবহন কৰা বাহনবোৰত টুকুৰী বা বেগত পাত কঢ়িয়াই নিয়ে;‌ কাৰণ বাহনবোৰত হেঁচি হেঁচি পাত পৰিবহন কৰিলে পাতৰ গুণাগুণ হ্ৰাস পায়। বাগিচাৰ পৰা কলঘৰলৈ দিনটোত এবাৰ দুপৰীয়া আৰু এবাৰ আবেলি মুঠ দুবাৰ কেঁচাপাত প্ৰেৰণ কৰা হয়।

           চাহ প্ৰস্তুত :       

   পোনপ্ৰথমে কেঁচা পাতবোৰ কলঘৰৰ ৱেট ব্ৰীজ (Weight bridge)ত ওজন কৰা হয়। পাতবোৰ ট্ৰাফ (Trough)ত ঢালি দি ফেন চলাই বতাহ দিয়া হয় যাতে পাতত থকা অতিৰিক্ত পানীভাগ আঁতৰি যায়। লগতে ইন্ধনৰ জৰিয়তে পাতবোৰ শুকোৱাৰ ব্যৱস্থা কৰা হয়। ট্ৰাফ (Trough)ৰ পৰা পাতবোৰ Rotarvane নামৰ যন্ত্ৰত ঢলা হয় যাতে ট্ৰাফত দিয়াৰ পাছতো পাতত ৰৈ যোৱা পানী সম্পূৰ্ণ শুকাই যায়। তাৰ পাছত C.T.C ( Crush tea curl) যন্ত্ৰত পাতবোৰ কটা হয়। Ghoogi নামৰ যন্ত্ৰত কটা পাতবোৰ দানা আকাৰ কৰা হয়। C.F.M ( Continuous Fermenting Machine)ত পাতৰ দানাবোৰত oxidation প্ৰক্ৰিয়া সংঘটিত হয়, যাৰ ফলত চাহত বিভিন্ন সুৱাদ (flavour) আহে। ইয়াৰ পিছত Dryer (V.F.B.D. ,Vibro Fluid Bed Dryer) যন্ত্ৰত চাহ শুকান কৰা হয় আৰু ইয়াৰ দ্বাৰা চাহে ক'লা ৰং পাবলৈ সক্ষম হয়। Sorting নামৰ যন্ত্ৰত প্ৰস্তুত কৰা চাহবোৰ বিভিন্ন আকাৰৰ চালনিৰ মাজেৰে চলা হয়, যাৰ ফলত আমি বজাৰত উপলব্ধ সৰু বৰ আকাৰৰ চাহ দেখিবলৈ পাওঁ। চাহৰ চাহিদা অনুসৰি কলঘৰতেই চাহৰ বিভিন্ন ধৰণৰ পেকেট তৈয়াৰ কৰি বিভিন্ন কোম্পানীলৈ বিক্ৰী কৰে।

উপযোগিতা সম্পাদনা কৰক

সাধাৰণতে আমি আমাৰ শৰীৰ আৰু মন সতেজ ৰাখিবৰ বাবে চাহ খাওঁ। ইয়াৰোপৰি বৈজ্ঞানিকসকলৰ মতে,‌ চাহে মানুহৰ হাওঁফাওঁৰ ৰোগ, কেন্সাৰ,‌ হাইজা, টাইফয়ড আদি ৰোগ হোৱাৰ সম্ভাৱনা কম কৰে।

অসমত চাহখেতি সম্পাদনা কৰক

পোনপ্ৰথমে চাহ খেতি চীন দেশত আৰম্ভ হৈছিল। চীনৰ পিছতেই ভাৰত, শ্ৰীলংকা, জাপান আদি বিশ্বৰ বহু দেশত লাহে লাহে এই চাহখেতিৰ আৰম্ভণি হয়।

           জনা যায় যে, ১৮২৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজেন্ট মেজৰ ৰবাৰ্ট ব্ৰুচ চাহাবক চিংফৌৰ কোনোবা এজন ৰজাই দুটা চাহৰ পুলি উপহাৰ দিয়ে। ইয়াৰ পিছতে ব্ৰুচ চাহাবে অসমত চাহৰ সন্ধান কৰিবলৈ লয়। ব্ৰুচ চাহাবৰ এই কামত অসমৰ এজন ব্যক্তিয়ে সহায় কৰে। তেখেত হৈছে অসমৰ স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান। ১৮৩৯ চনত ইষ্ট ইণ্ডি‌য়া কোম্পানীয়ে প্ৰথমবাৰ অসমত চাহ খেতিৰ আৰম্ভ কৰে। অসমৰ প্ৰথমখন চাহ বাগিছা হৈছে - “চাবুৱা চাহ বাগিছা" । আনহাতে অসমৰ প্ৰথমজন চাহ খেতিয়ক হৈছে - মণিৰাম দেৱান। তেখেতে ১৮৫৩ চনত অসমত দুখন চাহ বাগিছা স্থাপন কৰে । প্ৰথমখন “ চিনামৰা চাহ বাগিছা " আৰু দ্বিতীয়খন “ চেলেং চাহ বাগিছা "।  অসমৰ চাহ বিশ্বৰ বজাৰত  নিজস্ব এক পৰিচয় আছে। কোৱা হয় যে, চাহৰ বাবে ইংৰাজসকলে অসমত প্ৰথমবাৰ ১৮৮৫ চনত ৰেল যাতায়তৰ ব্যৱস্থা কৰে।

          অসমত প্ৰায় ৮০০‌খন চাহ বাগিচা আছে। তাৰে শিৱসাগৰত ৮৫ খন , তিনিচুকীয়াত ১২২ খন , গোলাঘাটত ৭৪ খন , কাৰ্বি আংলংত ১৫ খন , যোৰহাটত ৮৮ খন , ডিব্ৰুগড়ত ১৭৭ খন , ধুবুৰীত ৩ খন , বঙাইগাঁওত ১ খন , গোৱালপাৰাত ২ খন , ওদালগুৰিত ২৪ খন ,  কোকৰাঝাৰত ৩ খন , বাক্সাত ৪ খন , চিৰাঙত ১‌ খন , কামৰূপ (মেট্ৰ')ত ৩ খন , কামৰূপ (গ্ৰাম্য)ত ৩‌ খন , নগাঁৱত ২১ খন , শোণিতপুৰত ৫৯ খন , লখিমপুৰত ৯ খন , ধেমাজিত ২ খন , কাছাৰত ৫৬ খন , ডিমা হাছাওত ২‌ খন , কৰিমগঞ্জত ২৩ খন চাহ বাগিচা আছে।

অসমৰ কেইখনমান চাহ বাগিচাৰ নাম সম্পাদনা কৰক

১) শালমাৰি চাহ বাগিচা (Halmari Tea Estate)

     অৱস্থান- মৰাণ

     মাটিৰ পৰিমাণ- ৩৭৪ হেক্টৰ

২) মংগলাম চাহ বাগিচা (Mangalam Tea Estate)

     অৱস্থান- শিৱসাগৰ

     মাটিৰ পৰিমাণ- ১১৮ হেক্টৰ

৩) কৰামোৰ চাহ বাগিচা (Corramore Tea Estate)

      অৱস্থান- ওদালগুৰি, দৰং জিলা

      মাটিৰ পৰিমাণ- ৪৮০ হেক্টৰ

৪) মনাবাৰী চাহ বাগিচা (Monabari Tea Estate)

      অৱস্থান- বিশ্বনাথ চাৰিআলি

      মাটিৰ পৰিমাণ- ১৩৬৭.৩৮ হেক্টৰ

৫) আমচং চাহ বাগিচা (Amchong Tea Estate)

      অৱস্থান- পাণবাৰী মৌজা, কামৰূপ জিলা

      মাটিৰ পৰিমাণ- ১৭৮২ একৰ

৬) চাপৈ চাহ বাগিচা (Sapoi Tea Estate)

      অৱস্থান- শোণিতপুৰ

      মাটিৰ পৰিমাণ- ২৬০০ একৰ

৭) মনোহাৰী চাহ বাগিচা (Manohari Tea Estate)

       অৱস্থান-‌ ডিব্ৰুগড়

       মাটিৰ পৰিমাণ- ৩৪০.১২ হেক্টৰ

৮) নাগ্ৰিজুলি চাহ বাগিচা (Nagrijuli Tea Estate)

       অৱস্থান- বাক্সা

       মাটিৰ পৰিমাণ- ৬০৪.৬২ হেক্টৰ

৯) ননই চাহ বাগিচা (Nonoi Tea Estate)

       অৱস্থান- নগাঁও জিলা

       মাটিৰ পৰিমাণ- ৯৫৯.১৭ হেক্টৰ

১০) জালিংগা চাহ বাগিচা ( Jalinga Tea Estate)

       অৱস্থান- কাছাৰ জিলা

       মাটিৰ পৰিমাণ- ৬৫৬.৯৬ হেক্টৰ

১১) আমচৈ চাহ বাগিচা (Amsoi Tea Estate)

       অৱস্থান- নগাঁও জিলা

       মাটিৰ পৰিমাণ- ১৩৪.১১ হেক্টৰ

১২) টিপ্পুক চাহ বাগিচা (Tippuk Tea Estate)

       অৱস্থান- তিনিচুকীয়া জিলা

       মাটিৰ পৰিমাণ- ১৩৪.১১ হেক্টৰ

১৩) হাতীগড় চাহ বাগিচা (Hattigor Tea Estate)

       অৱস্থান- ওদালগুৰি জিলা

       মাটিৰ পৰিমাণ- ১৩৬০.৭০ হেক্টৰ

১৪) বৰবাম চাহ বাগিচা (Borbam Tea Estate)

      অৱস্থান- শিৱসাগৰ আৰু যোৰহাট জিলা

১৫) বৰপাত্ৰ চাহ বাগিচা (Borpatra Tea Estate)

      অৱস্থান- শিৱসাগৰ জিলা

১৬) চেলেং চাহ বাগিচা (Seleng Tea Estate)

      অৱস্থান- ভোগদৈ, যোৰহাট জিলা

১৭) বকুল চাহ বাগিচা (Bokel Tea Estate)

      অৱস্থান- বকুল, ডিব্ৰুগড় জিলা

১৮) বাগ্ৰদিয়া চাহ বাগিচা (Bagrodia Tea Estate)

      অৱস্থান- টেঙাখাত, ডিব্ৰুগড় জিলা

১৯) হেলেনবাৰী চাহ বাগিচা (Helenbari Tea Estate)

      অৱস্থান- টেঙাখাত, ডিব্ৰুগড় জিলা

                       

           বিশ্বনাথ চাৰিআলিৰ মনাবাৰী চাহ বাগিচা অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা।

শিক্ষাৰ ক্ষেত্ৰত চাহ সম্পাদনা কৰক

চাহৰ উৎপাদনৰ বিভিন্ন দিশ সম্পৰ্কে শিক্ষা প্ৰদান কৰিবলৈ ১৯৬৮ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, অসম চৰকাৰ, ভাৰতীয় চাহ বৰ্ড আৰু বিভিন্ন চাহ উৎপাদনকাৰী সংস্থাৰ যুটীয়া সহযোগত অসম কৃষি বিশ্ববিদ্যালয়ত “ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগ " স্থাপন কৰে। চাহ উদ্যোগৰ বাবে কাৰিকৰীভাৱে শিক্ষিত আৰু দক্ষ পৰিচালকৰ যোগান ধৰি চাহৰ মৌলিক আৰু ব্যৱহাৰিক গৱেষণাৰ বাবে এক শৈক্ষিক ভেঁটি গঢ়ি তোলাই হৈছে “ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগ "ৰ প্ৰধান লক্ষ্য। এই বিভাগৰ স্থাপনে বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰ লগতে অসমৰ অৰ্থনীতিলৈ অৰিহণা যোগোৱা চাহ উদ্যোগৰ যোগসূত্ৰ স্থাপনৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই বিভাগত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট পৰ্যায়ত অধ্যয়নৰ সুবিধা আছে। ইয়াৰোপৰি নিবনুৱা যুৱক-যুৱতী আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি লক্ষ্য ৰাখি এই বিভাগত এক ছমহীয়া বৃত্তিমূলক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে। এই বিভাগত অধ্যয়নৰ বাবে ভাৰতৰ বিভিন্ন প্ৰদেশৰ উপৰিও চাহ উৎপাদনকাৰী বিভিন্ন দেশৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সমাগম হয়। ছাত্ৰ-ছাত্ৰী আৰু খেতিয়কৰ শিক্ষা তথা ব্যৱহাৰিক জ্ঞান লাভৰ বাবে এই বিভাগৰ নিজা চাহ বাগিচা আৰু কলঘৰ আছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ “ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগ ”ৰ বিশেষজ্ঞসকলক লৈ ১৯৮৮ চনত গঠিত “ চাহ পৰামৰ্শ কোষ " আৰু পাছলৈ “ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰামৰ্শ কাৰ্যক্ৰম "এ অধিক সংখ্যক খেতিয়কক বিজ্ঞানসন্মত চাহখেতি আৰু উচ্চমান বিশিষ্ট কেঁচাপাত উৎপাদনৰ বিষয়ে প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰি আহিছে।

         ইয়াৰোপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত “ চাহ আৰু কৃষি অধ্যয়ন কেন্দ্ৰ " (Center for Tea and Agro Studies) ই চাহ খেতিৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে।

           যোৰহাটৰ টোকলাইত বিশ্বৰ প্ৰথম আৰু এছিয়াৰ সবাতোকৈ ডাঙৰ চাহৰ গৱেষণা কেন্দ্ৰ “ টোকলাই চাহ গৱেষণা কেন্দ্ৰ" (Tuklai Tea Research center) অৱস্থিত। শেহতীয়াকৈ ডিব্ৰুগড়ত এটি চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰে। গৱেষণা কেন্দ্ৰটি হ'ল- ‘Tea Tribe Research center’ ।

চাহখেতিৰ সুফল আৰু কুফল সম্পাদনা কৰক

  চাহ খেতি এক দীৰ্ঘম্যাদী খেতি। এবাৰ চাহ পুলি ৰুলে আগন্তুক ৪০-৫০ বছৰলৈ পুনৰ চাহপুলি ৰুব নালাগে। চাহ খেতিয়ে বহু পৰিমাণে অসমৰ নিবনুৱা সমস্যা দূৰ কৰা দেখা যায়। চাহ খেতি কৰাৰ লগতে চাহ কলঘৰত কাম কৰি বহু লোকে জীৱিকা নিৰ্বাহ কৰি আহিছে। চাহ খেতিয়ে এক বুজন সংখ্যক লোকক বৃত্তিমুখী হোৱাৰ উপায় উলিয়াই অসমৰ আৰ্থ-সামাজিক দিশত প্ৰভুত উন্নতি সাধিছে।

         অৱশ্যে ইয়াৰ বিপৰীতে চাহ খেতিৰ উন্নতিৰ ফলত কিছু সমস্যাও নোহোৱা নহয়। যেনে-‌ দিনে দিনে বাঢ়ি অহা অসংখ্য ক্ষুদ্ৰ চাহ বাগিচাই আন কিছুমান খেতিৰ পৰা খেতিয়কক আঁতৰাই আনিছে। চাহ খেতিৰ বাবে ওখ, পানী জমা নোহোৱা আৰু সাৰুৱা মাটিৰ দৰকাৰ। গতিকে ইয়াৰ বাবে গ্ৰামাঞ্চলত থকা বিভিন্ন বাঁহনি, কাঠনি,‌ কঠিয়াতলী আৰু অন্যান্য পথাৰ শস্য বা শাক-পাচলি অধিকৃত মাটি নতুনকৈ চাহখেতিৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত স্বাভাৱিকতে এই নতুন আন্তঃগাঁঠনিয়ে বিভিন্ন শাক-পাচলি আৰু ফলমূল ইত্যাদিৰ উৎপাদন হ্ৰাস কৰি আহিছে।

চাহ সঞ্চালকালয় সম্পাদনা কৰক

চাহ সঞ্চালকালয় অসম চৰকাৰৰ এটা অনুষ্ঠান। অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগৰ বিকাশ, সম্প্ৰসাৰণ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক তথা শ্ৰমিকসকলৰ উন্নয়নৰ বাবে ১৯৯২ চনত চাহ সঞ্চালকালয় স্থাপন হয়। অসমৰ চাহৰ গুণগত মানদণ্ডৰ প্ৰতি চকু দিয়া আৰু পৰ্যবেক্ষণ কৰাই হৈছে চাহ সঞ্চালকালয়ৰ লক্ষ্য। চাহ সঞ্চালকালয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে উচ্চ মানবিশিষ্ট আৰু অধিক উৎপাদনশীল কেঁচা চাহপাত উৎপাদন প্ৰযুক্তিৰ বিষয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত ৰাজ্যজুৰি বিজ্ঞানসন্মত প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰে। ২০১০ চনৰ পৰা প্ৰচলিত এক কল্যাণকামী নীতিৰ অধীনত বিভিন্ন আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়ক তথা শ্ৰমিকসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে চাহ সঞ্চালকালয়ে সহায়ৰ হাত আগবঢ়ায় আহিছে।

বায়’মেট্ৰিক কাৰ্ড সম্পাদনা কৰক

ভাৰতীয় চাহ ব'ৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চিনাক্তকৰণৰ বাবে বায়'মেট্ৰিক কাৰ্ড (Biometric Card) প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ওচৰৰ চাহ ব'ৰ্ডৰ‌‌‌ কাৰ্যালয়ৰ পৰা নিৰ্দিষ্ট প্ৰ-পত্ৰ সংগ্ৰহ কৰি প্ৰয়োজনীয় তথ্যপাতি দি আবেদন কৰিব লাগে। এই তথ্যপাতিৰ ভিত্তিত চাহ ব'ৰ্ডে খেতিয়কজনক বায়'মেট্ৰিক কাৰ্ড প্ৰদান কৰে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ কেঁচাপাত ওচৰৰ বাগিচাৰ কলঘৰ বা বটলিফ ফেক্টৰীত বিক্ৰী কৰিবলৈ হ'লে এই বায়'মেট্ৰিক কাৰ্ড থকাটো অপৰিহাৰ্য।

             আমাৰ অসমৰ অধিক সংখ্যক চাহ খেতিয়কে এই বায়'মেট্ৰিক কাৰ্ডৰ জৰিয়তে কলঘৰত নিজৰ কেঁচাপাত বিক্ৰী কৰে। আনহাতে যিসকলে এই কাৰ্ড সংগ্ৰহ কৰা নাই তেওঁলোকে কাৰ্ড থকা চাহ খেতিয়কসকলক নিজৰ কেঁচাপাত বিক্ৰী কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

গ্ৰন্থ প্ৰকাশক

“ চাহখেতিৰ দিহা ” চাহ সঞ্চালকালয় , অসম চৰকাৰ

দিশপুৰ , গুৱাহাটী ( অসম )

বাগ্ৰদিয়া ক্লনেল টি ফেক্টৰীৰ কৰ্মচাৰীৰ সহায় লোৱা হৈছে |

( স্থান : কাছ গাওঁ, টেঙাখাত ; ডিব্ৰুগড় জিলা , অসম )