চিতিপটি হৈছে মহিলা সকলে মূৰত বা শিৰত পৰিধান কৰা এবিধ অলংকাৰ। ইয়াক বিশেষকৈ বিয়াৰ দিনা আৰু নোৱাই -তোলনী বিয়াৰ দিনা কাইনাক পিন্ধোৱা হয়। ইয়াৰ তিনিটা ভাগ থাকে। মাজৰ ভাগ শিৰৰ সেওঁতাৰে পিন্ধাই দিয়া হয় আৰু কাষৰ হাৰ দুডালে কইনাৰ মুখখন বাওৰে বন্ধাৰ দৰে বান্ধি ৰাখে। চিতিপটিৰ লটকনটো কপালৰ মাজভাগত অলপ ওপৰৰ ফালে পৰি থকাকৈ পৰিধান কৰা হয়। ই মহিলাৰ শিৰৰ শোভাবৰ্ধন কৰে। সেইবাবে চিতিপটিৰ শিৰশোভাও বোলা হয়। প্ৰাচীন কালৰ চিতিপটিৰ লটকনটো তৰাৰ গঢ়ৰ আছিল। ধ্ৰুবতৰাই চন্দ্ৰ অদিক জ্যোতিষ্মান কৰাৰ দৰে কপালৰ তৰাগঢ়ী চিতিপটি লটকনটোৱে তিৰোতামানুহৰ মুখখন অধিক উজ্জ্বল কৰি তোলে বুলিয়েই তৰাসদৃশ লটকনটো চিতিপটিত আঁৰি লোৱা হৈছিল। পিছত তৰা সলনি অনেক ন ন আৰ্হিৰে ইয়াক তৈয়াৰ কৰিবলৈ লোৱা হ'ল। কিছুমান বাখৰ খটোৱা গঢ়ৰ লটকনো ওলায়। ই মহিলাৰ কপালত জিলিকি থাকে। চিতিপটিৰ হাৰৰ শেষৰ অংশ চুলিত মাৰিবলৈ হাকোটা লগোৱা থাকে। চিতিপটিৰ পৰিধান কৰাৰ আঁৰত এটি জনবিশ্বাস প্ৰচলিত আছে। সেইটো হৈছে তিৰোতা মানুহৰৰ মূৰত জেঠী পৰাটো মংগলৰ চিন সেয়েহে অসমীয়া তিৰোতাৰ মূৰত জেঠীনেজীয়া চিতিপটি পৰিধান কৰিছিল। সুৱৰ্ণৰ জেঠী বুলি জেঠীনেজীয়া চিতিপটি এবিধৰো পূৰ্বতে প্ৰচলন আছিল। নৃত্য পৰিৱেশন কৰোঁতে প্ৰয়োজন অনুসাৰে শিল্পী গৰাকীয়ে চিতিপটি ব্যৱহাৰ কৰে।[1]

  1. সৰি বা সুঁৱৰি (২৭মে,১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ,পাণবজাৰ,গুৱাহাটী -১.