চিফিলিছ
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
চিফিলিছ (ইংৰাজী: Syphilis) হ’ল এটা যৌনসংগমৰ জৰিয়তে বিয়পা ৰোগ। ট্ৰিপ’নেমা পলিডাম নামৰ বিজাণুৰ পৰা এই ৰোগ হয়।
সিফিলিস | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
![]() Electron micrograph of Treponema pallidum | |
আই.চি.ডি.-10 | A50-A53 |
আই.চি.ডি.-9 | 090-097 |
ডিজিজেছ ডে'টাবে'ছ | 29054 |
মেডলাইন প্লাছ | 000861 |
ইমেডিচিন | med/2224 emerg/563 derm/413 |
MeSH | D013587 |
কাৰণসম্পাদনা কৰক
চিফিলিছৰ ঘাঁ আন ব্যক্তিক স্পৰ্শৰ যোগেৰে বিয়পে। এই ঘাঁ, পুৰুষৰ লিংগ, মহিলাৰ যোনী, মলদ্বাৰ বা মলভাণ্ডাৰত হয়। এই ঘাঁ ওঠ বা মুখৰ ভিতৰতো হ’ব পাৰে। গৰ্ভৱতী মহিলাৰ চিফিলিছ হ’লে গৰ্ভস্থ শিশুটিৰো এই ৰোগ হ’ব পাৰে। শৌচাগাৰ, কম’ডৰ চিট, দৰ্জাৰ হেণ্ডেল, চুইমিংপুল, গৰম পানীৰ বাথটাব, একেই সাজ-পোছাক পিন্ধিলে বা বাচন ব্যৱহাৰ কৰিলে চিফিলছ নিবিয়পে।
লক্ষণসম্পাদনা কৰক
চিফিলিছত আক্ৰান্ত বহু লোকৰ বহু বছৰলৈকে কোনো লক্ষণেই দেখা নিদিয়ে। প্ৰাথমিক অৱস্থা:এটা বা বহুত ঘাঁৰ সৃষ্টি হ’লে চিফিলিছৰ প্ৰাথমিক অৱস্থাৰ উমান পোৱা যায়। চিফিলিছৰ সংক্ৰমণ হোৱাৰপৰা ১০-৯০ দিনৰ ভিতৰত প্ৰথম উপসৰ্গ আৰম্ভ হয়(ইয়াৰ গড় দিন ২১)। ঘাঁডোখৰ সাধাৰণতে টান, গোল, সৰু আৰু বেদনাহীন হয়। যি ঠাইৰে চিফিলছ শৰীৰত প্ৰৱেশ কৰে-সেই ঠাইতে সাধাৰণতে ঘাঁ হয়। ঘাঁটো ৩ৰ পৰা ৬ সপ্তাহলৈ থাকে আৰু নিজে নিজে ভাল হৈ যায়। তথাপিও প্ৰাথমিক অৱস্থাত চিকিৎসা নকৰিলে সংক্ৰমণ দ্বিতীয় অৱস্থালৈ গতি কৰে।
দ্বিতীয় অৱস্থা:ছালত গুটি গুটি ওলোৱা আৰু আৱৰণত ঘাঁ সৃষ্টি হ’লে চিফিলিছৰ দ্বিতীয় অৱস্থাৰ আৰম্ভ হয়। এই গুটিবোৰ নখজুৱায়। এই গুটিবোৰ হাতৰ তলুৱা আৰু ভৰিৰ পতাত একেলগে ঠাহ খাই হ’ব পাৰে। এইবোৰ ৰঙচুৱা বা ৰঙচুৱা খৈৰী ৰঙৰ হব পাৰে। শৰীৰত আন ঠাইত আন আঁকাৰতো এই গুটিবোৰ হ’ব পাৰে। এনে গুটি হোৱাৰ উপৰিও জ্বৰ, লিম্ফ গ্ৰন্থি উখহি উঠা, ডিঙি চেৰচেৰাই থকা, চুলি সৰা, মূৰৰ বিষ, শৰীৰৰ ওজন কমি যোৱা, মাংসপেশী টান মাৰি ধৰা, ভাগৰ লগা আদি উপসৰ্গও দেখা যাব পাৰে।
শেষ অৱস্থা:দ্বিতীয় অৱস্থাৰ উপসৰ্গবোৰ নোহোৱা হ’লেই শেষ অৱস্থা (পলম অৱ্স্থা)আৰম্ভ হয়। সঠিক সময়টো ধৰিব পৰা নাযায়। চিফিলিছৰ এই দেৰীকৈ হোৱা পৰ্য্যায়ত শৰীৰৰ ভিতৰৰ অংগ বিশেষকৈ মগজু, স্নায়ু, চকু, হৃদপিণ্ড, তেজ, ধমনী, যকৃত, হাড় আদি লাহে লাহে ক্ষতি হ’বলৈ ধৰে। এই ক্ষতি বহু বছৰৰ পাছতহে বুজিব পৰা যায়। চিফিলিছৰ এই শেষ পৰ্য্যায়ৰ ক্ষতিৰ ফলত মাংস পেশীৰ সঞ্চালনত অসুবিধা, অসাৰ ভাব, অৱশতা, লাহে লাহে দৃষ্টি শক্তি কমি যোৱা আৰু স্মৃতি বিভ্ৰমৰ দৰে উপসৰ্গও দেখা যায়। এই ক্ষতিৰ ফলত আক্ৰান্ত ব্যক্তিৰ মৃত্যুও হ’ব পাৰে।
সংক্ৰমণসম্পাদনা কৰক
এগৰাকী গৰ্ভৱতী মহিলা কিমান দিন আগৰপৰা চিফিলিছ ৰোগত ভুগিছে তাৰ ওপৰত নিৰ্ভৰ কৰি মৃত শিশু প্ৰসৱ কৰিব নে প্ৰসৱৰ পিছতেই শিশুটিৰ মৃত্যু হ’ব সেইটো ক’ব পৰা যায়। কোনো ধৰণৰ লক্ষণ বা উপসৰ্গ দেখা নিদিয়াকৈয়ো সংক্ৰমিত শিশুৰ জন্ম হ’ব পাৰে। জন্মৰ লগে লগে চিকিৎসা নকৰিলে কেইসপ্তাহমানৰ ভিতৰতে অতি জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে। চিকিৎসা নকৰিলে শিশুটিৰ বৃদ্ধিত পলম হোৱা, মৃগীৰোগ বা শিশুটিৰ মৃত্যুও হ’ব পাৰে।
চিফিলিছ আৰু এইচ আই ভি ৰ মাজত সম্পৰ্কসম্পাদনা কৰক
যৌনাংগত চিফিলিছৰ ঘাঁ থাকিলে, সংগমৰ সময়ত এইচ আই ভিৰ সংক্ৰমণ অতি সহজে হয়। চিফিলিছ থকা ৰোগীৰ এইচ আই ভি সংক্ৰমণৰ সম্ভাৱনা ২ৰ পৰা ৫ গুণ বাঢ়ি যায়।
প্ৰতিৰোধসম্পাদনা কৰক
এবাৰ চিফিলিছ হোৱাৰ পাছত দ্বিতীয় বাৰ নহ’বৰ বাবে শৰীৰে প্ৰতিৰোধৰ সৃষ্টি নকৰে। সফল চিকিৎসাৰ পাছতো পুনৰ সংক্ৰমণৰ সম্ভাৱনা থাকে। চিফিলিছ নহ’বৰ বাবে অতি সহজ উত্তম উপায় হ’ল যৌন সম্পৰ্ক নকৰা। মদ বা ড্ৰাগছ নোখোৱাটোও চিফিলিছ ৰোধৰ এক উপায়। কিয়নো মাদক দ্ৰব্যৰ ৰাগীতে ক্ষতিকাৰক যৌন কাৰ্য্য সংঘটিত কৰা হয়।
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
Syphilis প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
চিত্ৰ আৰু মিডিয়া কমন্সত | |
মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
বা-বাতৰি ৱিকিসংবাদত | |
উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
কিতাপ, লিখনি আদি ৱিকিউৎসত | |
পাঠ্যপুথি ৱিকিগ্ৰন্থত |
- "Syphilis - CDC Fact Sheet" Centers for Disease Control and Prevention (CDC)
- UCSF HIV InSite Knowledge Base Chapter: Syphilis and HIV
আইএনডিজি দল।