চিমৰন শৰ্মা

ভাৰতীয় পেৰা-এথলীট আৰু পেৰালিম্পিক পদক বিজয়ী

চিমৰন শৰ্মা (ইংৰাজী: Simran Sharma; জন্ম: ৯ নৱেম্বৰ ১৯৯৯) এগৰাকী ভাৰতীয় দৃষ্টিশক্তিহীন পেৰা-এথলীট।[1] তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰে।[2] এই প্ৰতিযোগিতাত তেওঁ মহিলাৰ ২০০ মিটাৰ টি ১২ শাখাৰ ফাইনেলত ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ মহিলাৰ ১০০ মিটাৰ টি১২ শাখাত ছিজনৰ শ্ৰেষ্ঠ সময় ১২.৩৩ ছেকেণ্ডৰ সৈতে নিজৰ হিটত প্ৰথম যোগ্যতা অৰ্জন কৰিছিল যদিও ১২.৩১ ছেকেণ্ডৰ উন্নত সময় সত্ত্বেও ফাইনেলত মাত্ৰ ৪ৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়।[3][4]

চিমৰন শৰ্মা
ব্যক্তিগত তথ্যাৱলী
জন্ম গাজিয়াবাদ, উত্তৰ প্ৰদেশ, ভাৰত
ক্ৰীড়া
দেশ  ভাৰত
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
পেৰালিম্পিক ফাইনেল ২০২৪ পেৰিছ 3

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৯৯৯ চনৰ ৯ নৱেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত চিমৰন শৰ্মাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মনোজ শৰ্মা আৰু মাতৃ সবিতা শৰ্মা। গৰ্ভধাৰণৰ চাৰে ছমাহত অপৰিপক্ব ৰূপত তেওঁৰ জন্ম হৈছিল আৰু জন্মৰে পৰা তেওঁ দৃষ্টিহীন আছিল। জন্মৰ পিছৰ ছমাহ তেওঁক ইনকিউবেটৰত ৰখা হৈছিল। তেওঁৰ পিতৃ মনোজ শৰ্মাই তেওঁক এই ক্ৰীড়াৰ সৈতে জড়িত হবলৈ সহায় কৰিছিল। তেওঁ নতুন দিল্লীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অন্তৰ্গত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ক্ৰীড়াৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। বৰ্তমান তেওঁ গাজিয়াবাদৰ মদীনগৰৰ ৰুক্মিণী মোদী মহিলা ইণ্টাৰ কলেজত স্নাতক ডিগ্ৰী লাভ কৰি আছে।[5]

২০২৩ চনৰ ১৭ নৱেম্বৰ তাৰিখে তেওঁৰ প্ৰশিক্ষক নাইক গজেন্দ্ৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়। গজেন্দ্ৰ সিং নতুন দিল্লীৰ আৰ্মি চাৰ্ভিচ কৰ্পছৰ ২২৭ কোম্পানীৰ পদবীত অধিষ্ঠিত।[1]

খেলুৱৈ জীৱন

সম্পাদনা কৰক

চিমৰনে ২০২১ চনত ডুবাইত অনুষ্ঠিত হোৱা বিশ্ব পেৰা গ্ৰেণ্ড প্ৰিস্ক আৰু চীন গ্ৰেণ্ড প্ৰিস্কত অংশগ্ৰহণ কৰিছিল। ২০২১ চনত তেওঁ টকিঅ' পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় পেৰা এথলীট হিচাপে পৰিগণিত হয়। ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হয়। এই প্ৰতিযোগিতাত তেওঁ ১০০ মিটাৰ আৰু ২০০ মিটাৰ টি ১২ ইভেণ্টত দুটা ৰূপৰ পদক লাভ কৰে।[6] এছিয়ান গেমছত ২০২৩ চনৰ ২৪ অক্টোবৰত তেওঁ ১০০ মিটাৰ দৌৰত ১২.৬৮ ছেকেণ্ড আৰু ২০২৩ চনৰ ২৬ অক্টোবৰত ২০০ মিটাৰ দৌৰত ২৬.১২ ছেকেণ্ড সময়ত সম্পূৰ্ণ কৰিছিল।[7][8]

২০২৪ চনৰ মে' মাহত জাপানৰ কোবেত অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে।[5] ২০২৪ চনৰ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ২০০ মিটাৰ টি১২ শাখাত তেওঁ ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

  1. 1.0 1.1 "With two medals at Para Asiads, Simran sees a silver lining". The Times of India. 2023-10-29. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/lucknow/with-two-medals-at-para-asiads-simran-sees-a-silver-lining/articleshow/104792463.cms. 
  2. Kavthale, Sumeet; News, India TV (2024-09-07). "Simran Sharma wins Bronze in women's 200m to bring India's 28th medal at Paris Paralympics 2024" (en ভাষাত). www.indiatvnews.com. https://www.indiatvnews.com/sports/other/simran-sharma-wins-bronze-in-women-s-200m-to-bring-india-s-28th-medal-at-paris-paralympics-2024-2024-09-07-950983। আহৰণ কৰা হৈছে: 2024-09-08. 
  3. "Simran enters final of women's 200m T12 race at Paris Paralympics". The Times of India. 2024-09-07. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/paris-paralympics/simran-enters-final-of-womens-200m-t12-race-at-paris-paralympics/articleshow/113136665.cms. 
  4. "Meet Simran Sharma: Delhi Girl Who Defied All Odd to Clinch a Paralympic Bronze in Paris" (en ভাষাত). News18. 2024-09-07. https://www.news18.com/sports/meet-simran-sharma-delhi-girl-who-defied-all-odd-to-clinch-a-paralympic-bronze-in-paris-9040146.html। আহৰণ কৰা হৈছে: 2024-09-08. 
  5. 5.0 5.1 "A sweet and brave love story that culminated in Simran Sharma becoming 200m para world champion" (en ভাষাত). The Indian Express. 2024-05-25. https://indianexpress.com/article/sports/sport-others/simran-sharma-para-world-champion-200m-t12-9351981/। আহৰণ কৰা হৈছে: 2024-09-08. 
  6. Sportstar, Team (2023-10-21). "India at Asian Para Games 2023: Full list of Indian athletes" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/asian-games/india-at-asian-para-games-2023-complete-list-of-indian-athletes-china-hangzhou-2022-news/article67445414.ece। আহৰণ কৰা হৈছে: 2024-01-05. 
  7. "Army jawan's wife wins two silver medals at Para Asian Games". The Times of India. 2023-10-28. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/asian-games-2023/india-asian-games/army-jawans-wife-wins-two-silver-medals-at-para-asian-games/articleshow/104785986.cms. 
  8. Sportstar, Team (2024-08-14). "India at Paris Paralympics 2024: Complete list of 84 athletes at Paralympic Games" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/olympics/paris-paralympics-2024/news/paris-2024-india-paralympics-contingent-full-list-of-84-indian-athletes-qualified-sports-ministry-paralympic-games-news/article68512627.ece। আহৰণ কৰা হৈছে: 2024-08-27.