চি এছ এছ

কাচকেডিং ষ্টাইল চীটচ্

কাচকেডিং ষ্টাইল চীটচ্ (ইংৰাজী: Cascading Style Sheets) হৈছে এক ষ্টাইল চীটচ্ লেংগুৱেজ, যাক এইচ টি এম এলৰ দৰে মাৰ্কআপ লেংগুৱেজত লিখিত ডকুমেণ্টসমূহক কেনেধৰণে উপস্থাপন কৰিব সেইয়া বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়।[1] এইচ টি এম এল আৰু জাভাস্ক্ৰীপ্টৰ লগতে চিএছএছ হ’ল ৱৰ্ল্ড ৱাইড ৱেবৰ ভিত্তিক এক প্ৰযুক্তি।[2]

কাচকেডিং ষ্টাইল চীটচ্
ফাইলনেইম এক্সটেনছন
.css
Internet media type
text/css
ইউনিফৰ্ম টাইপ আইডেণ্টিফায়াৰ (UTI) public.css
বিকাশকৰ্তা World Wide Web Consortium (W3C)
প্ৰাৰম্ভিক মুকলি ১৭ ডিচেম্বৰ ১৯৯৬; ২৭ বছৰ আগত (1996-12-17)
শেহতীয়া মুকলি
CSS 2.1 : Level 2 Revision 1
(১২ এপ্ৰিল ২০১৬; ৭ বছৰ আগত (2016-04-12))
ফৰমেটৰ প্ৰকাৰ ষ্টাইল চীটচ্ লেংগুৱেজ
Container for Style rules for HTML elements (tags)
Contained by এইচ টি এম এল ডকুমেণ্ট
Open format? হয়
ৱেবছাইট www.w3.org/TR/CSS/#css

চি এছ এছক এনেধৰণে তৈয়াৰ কৰিছে, যাতে ৱেবৰ মূল বিষয়বস্তুৰ পৰা বিন্যাস, ৰং, ফণ্ট ইত্যাদি পৃথকভাৱে নিৰ্ধাৰণ কৰিব পাৰি।[3] এই পৃথককৰণে ৱেব ডেভলপাৰক বহুতো সুবিধা প্ৰদান কৰি আহিছে। কাৰণ বহুতো ৱেবপেজৰ বিন্যাস, ৰং ইত্যাদি পৃথক .css ফাইলৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰি। ইয়ে জটিলতা কমাই দিয়ে লগতে ইয়াত একেটা বিষয়ক পুনৰাবৃত্তি কৰিবলগীয়া নহয়৷

চি এছ এছ ব্যৱহাৰ কৰি একেখন মাৰ্কআপ পেজক বিভিন্ন ডিভাইচ আৰু ব্ৰাউজাৰত বিভিন্নভাৱে উপস্থাপন কৰিব পাৰি।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "CSS developer guide". Mozilla Developer Network. https://developer.mozilla.org/en-US/docs/Web/Guide/CSS। আহৰণ কৰা হৈছে: 2015-09-24. 
  2. Flanagan, David. JavaScript – The definitive guide (6 সম্পাদনা). পৃষ্ঠা. 1. "JavaScript is part of the triad of technologies that all Web developers must learn: HTML to specify the content of web pages, CSS to specify the presentation of web pages, and JavaScript to specify the behaviour of web pages." 
  3. "What is CSS?". World Wide Web Consortium. http://www.w3.org/standards/webdesign/htmlcss#whatcss। আহৰণ কৰা হৈছে: 2010-12-01.