চীনৰ স্বাস্থ্য হৈছে এক জটিল আৰু বহুমুখী বিষয় যিয়ে জনস্বাস্থ্য নীতি, স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি, পৰিৱেশ-সংক্ৰান্তীয় কাৰক, জীৱনশৈলীৰ পছন্দ আৰু আৰ্থ-সামাজিক অৱস্থাকে ধৰি বহুতো দিশ সামৰি লৈছে।[1][2]

চীনত থকা জিওঝাও চিকিৎসালয়
জীৱন-প্ৰত্যাশাৰ উত্তৰণ

বিগত কেইটামান দশকত চীনে জনস্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ১৯৮১ চনত ৬৭.৮ বছৰৰ পৰা ২০১৯ চনত চীনত আয়ুস-প্ৰত্যাশা ৭৬.৭ বছৰলৈ বৃদ্ধি হৈছে। চীনা চৰকাৰে স্বাস্থ্য নীতি আৰু পদক্ষেপ ৰূপায়ণ কৰিছে; য’ত স্বাস্থ্যসন্মত চীন ২০৩০ কাৰ্যসূচীও আছে৷ ইয়াৰ লক্ষ্য হৈছে দীৰ্ঘদিনীয়া ৰোগ, সংক্ৰামক ৰোগ, আৰু পৰিৱেশ স্বাস্থ্যজনিত বিপদৰ দৰে মুখ্য স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি জনস্বাস্থ্যৰ ৰূপৰেখা উন্নত কৰা।[1][3][4]

কিন্তু চীন এতিয়াও উল্লেখযোগ্য স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে; য'ত বায়ু প্ৰদূষণ, খাদ্য সুৰক্ষাৰ চিন্তা, মধুমেহ আৰু হৃদযন্ত্ৰৰ ৰোগৰ দৰে অসংক্ৰামক ৰোগৰ ক্ৰমবৰ্ধমান বোজা আৰু বৃদ্ধ জনসংখ্যা আদি অন্তৰ্ভুক্ত।[1][5]

চীনৰ স্বাস্থ্যসেৱা ব্যৱস্থাটো ৰাজহুৱা আৰু ব্যক্তিগত প্ৰদানকাৰীৰ মিশ্ৰণ, য’ত চৰকাৰে জনসাধাৰণক মৌলিক স্বাস্থ্যসেৱা সেৱা প্ৰদানৰ দায়িত্ব লয়। কিন্তু চহৰ আৰু গ্ৰাম্য অঞ্চলৰ লগতে বিভিন্ন আৰ্থ-সামাজিক গোটৰ মাজত স্বাস্থ্যসেৱাৰ সুবিধাৰ ক্ষেত্ৰত যথেষ্ট বৈষম্য আছে।

শেহতীয়া বছৰবোৰত চীনে প্ৰাথমিক স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ উন্নয়ন আৰু স্বাস্থ্য বীমাৰ বিস্তাৰ তথা সম্প্ৰসাৰণত বিনিয়োগকে ধৰি স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰচেষ্টা চলাইছে। ইয়াৰ উপৰি চৰকাৰে ধূমপান আৰু মেদবহুলতা-বিৰোধী পদক্ষেপৰ দৰে কেইবাটাও জনস্বাস্থ্য অভিযান ৰূপায়ণ কৰিছে।[6][7]

এই প্ৰচেষ্টাসমূহৰ পিছতো চীনত স্বাস্থ্যৰ ফলাফল উন্নত কৰাৰ বাবে এতিয়াও বহু কাম কৰিবলগীয়া আছে। মানৱ অধিকাৰ জোখা পদক্ষেপ[8]য়ে বিচাৰি উলিয়াইছে যে চীনে স্বাস্থ্যৰ অধিকাৰৰ বাবে যিখিনি পূৰণ কৰিব লাগে তাৰ ৯৮.৪% আয়ৰ স্তৰত ভিত্তি কৰি পূৰণ কৰি আছে।[9] শিশুৰ ক্ষেত্ৰত স্বাস্থ্যৰ অধিকাৰৰ কথা মন কৰিলে চীনে বৰ্তমানৰ আয়ৰ ওপৰত ভিত্তি কৰি আশানুৰূপ ৯৮.৬% লাভ কৰে।[10] প্ৰাপ্তবয়স্ক জনসংখ্যাৰ মাজত স্বাস্থ্যৰ অধিকাৰৰ সন্দৰ্ভত দেশৰ আয়ৰ স্তৰৰ ওপৰত ভিত্তি কৰি আশানুৰূপ ৯৭% লাভ কৰে। প্ৰজনন স্বাস্থ্যৰ অধিকাৰৰ কথা বিবেচনা কৰিলে দেশখনে লাভ কৰা সম্পদ (আয়)ৰ ভিত্তিত যিখিনি লাভ কৰিব বুলি আশা কৰা হয় তাৰ ৯৯.৬% পূৰণ কৰি আছে। সামগ্ৰিকভাৱে স্বাস্থ্যৰ অধিকাৰৰ মূল্যায়ন কৰোঁতে চীন "ভাল" শ্ৰেণীতে পৰে।[11]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 "China Health Statistics Yearbook 2020". National Health Commission of the People's Republic of China. 
  2. Zhang, Daqing; Unschuld, Paul U (November 2008). "China's barefoot doctor: past, present, and future". The Lancet খণ্ড 372 (9653): 1865–1867. doi:10.1016/s0140-6736(08)61355-0. ISSN 0140-6736. PMID 18930539. 
  3. Nkengasong, John (2020-01-27). "China's response to a novel coronavirus stands in stark contrast to the 2002 SARS outbreak response" (en ভাষাত). Nature Medicine খণ্ড 26 (3): 310–311. doi:10.1038/s41591-020-0771-1. ISSN 1546-170X. PMID 31988464. 
  4. Healthy China 2030: A Vision for Healthier Populations. 
  5. "The State of Health in China". McKinsey & Company. 
  6. Qiu, Wuqi; Chu, Cordia; Mao, Ayan; Wu, Jing (2018-06-28). "The Impacts on Health, Society, and Economy of SARS and H7N9 Outbreaks in China: A Case Comparison Study". Journal of Environmental and Public Health খণ্ড 2018: 2710185. doi:10.1155/2018/2710185. ISSN 1687-9805. PMID 30050581. 
  7. "Healthcare System In China: How It Works". 
  8. "Human Rights Measurement Initiative". humanrightsmeasurement.org. https://humanrightsmeasurement.org/। আহৰণ কৰা হৈছে: 1 May 2023. 
  9. "China - Rights Tracker". rightstracker.org. https://rightstracker.org/en/country/CHN?as=core&tab=report-esr। আহৰণ কৰা হৈছে: 1 May 2023. 
  10. "China - Rights Tracker". rightstracker.org. https://rightstracker.org/en/country/CHN?as=core&tab=report-esr। আহৰণ কৰা হৈছে: 1 May 2023. 
  11. "China - Rights Tracker". rightstracker.org. https://rightstracker.org/en/country/CHN?as=core&tab=report-esr। আহৰণ কৰা হৈছে: 1 May 2023.