চেভেৰাছ স্নেইপ (ইংৰাজী: Severus Snape) জে. কে. ৰাউলিঙৰ হেৰী পটাৰ কল্প-কাহিনী শৃংখলাৰ এক প্ৰধান চৰিত্ৰ। শৃংখলাটোত স্নেইপ হগৱাৰ্ট্ছ যাদু বিদ্যালয়ৰ (ইংৰাজী: Hogwarts School Of Witchcraft And Wizardry) যাদু ৰসায়নৰ শিক্ষক। ষষ্ঠ গ্ৰন্থখনত তেওঁ ক'লা যাদুৰ পৰা প্ৰতিৰক্ষা বিষয়ৰ শিক্ষক নিযুক্ত হৈছে। শেষৰ গ্ৰন্থখনত এলবাছ ডাম্বলডোৰৰ মৃত্যুৰ পিছত স্নেইপ প্ৰধান শিক্ষক হয়। প্ৰথমখন গ্ৰন্থ ফিল'ছফাৰ্ছ ষ্ট'নত এজন খলনায়কৰ ৰূপত চেভেৰাছ স্নেইপৰ আবিৰ্ভাৱ ঘটিছে।[1] শৃংখলাটোৰ শেষলৈকে লেখিকাই চৰিত্ৰটোৰ আনুগত্য সম্পৰ্কত পঢ়ুৱৈক সন্দিহান কৰি ৰাখিছে।

চেভেৰাছ স্নেইপ
হেৰী পটাৰৰ চৰিত্ৰ

হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফিনিক্স চলচ্চিত্ৰত
চেভেৰাছ স্নেইপৰ ৰূপত এলান ৰিকমেন
প্ৰথম আৱিৰ্ভাৱ হেৰী পটাৰ এণ্ড দা ফিল'ছফাৰ্চ ষ্ট'ন
অন্তিম আৱিৰ্ভাৱ হেৰী পটাৰ এণ্ড দা ডেথলী হেল'ছ
স্ৰষ্টা জে. কে. ৰাউলিঙ
ৰূপায়ণ এলান ৰিকমেন (প্ৰাপ্তবয়স্ক)
এলেক হপ্কিন্স (কিশোৰ)
বেনেডিক্ট ক্লাৰ্ক (শিশু)
হাউচ Slytherin

উপস্থাপন সম্পাদনা কৰক

শৃংখলাটোৰ সাতোখন গ্ৰন্থতে স্নেইপক গুৰুত্বপূৰ্ণ ৰূপত উপস্থাপন কৰা হৈছে। ফিল'ছফাৰ্চ ষ্ট'ন, চেম্বাৰ অব্ ছিক্ৰেট্ছ আৰু প্ৰিজনাৰ অব্ আজকাবানত চৰিত্ৰটোক নায়ক হেৰী পটাৰৰ আটাইতকৈ অপ্ৰিয় শিক্ষকৰ ৰূপত চিত্ৰিত কৰা হৈছে। সুবিধা পালেই তেওঁ হেৰীক শাস্তি দিছে, ঠাট্টা কৰিছে আৰু গ্ৰিফীন্দৰ হাউছৰ নম্বৰ কাটিছে। চতুৰ্থ গ্ৰন্থ গব্লেট অব্ ফায়াৰত ৰাউলিঙে চেভেৰাছ স্নেইপ ক'লা যাদুকৰ ভলডেম'ৰ্টৰ এজন প্ৰাক্তন অনুগামী অৰ্থাৎ ডেথ্ ইটাৰ হোৱাৰ কথা প্ৰকাশ কৰিছে।[2] পঞ্চম গ্ৰন্থ অৰ্ডাৰ অব্ ফিনিক্সত হেৰীয়ে জানিব পাৰিছে যে স্নেইপ ভলডেম'ৰ্ট বিৰোধী এক গোপন সংগঠন অৰ্ডাৰ অব্ ফিনিক্সৰো সদস্য। তাতেই স্নেইপে হেৰীক ভলডেম'ৰ্টৰ সৈতে থকা তাৰ বিপজ্জনক মনঃসংযোগ বিচ্ছিন্ন কৰিবলৈ অক্লোমেঞ্চিৰ শিক্ষা দিছে।[3] পৰৱৰ্ত্তী গ্ৰন্থ হাফ-ব্লাড প্ৰিন্সত চেভেৰাছ স্নেপ এজন 'হাফ-ব্লাড' যাদুকৰ বুলি পোহৰলৈ আহিছে আৰু গ্ৰন্থখনৰ শেষৰফালে তেওঁ মাৰণ মন্ত্ৰৰে (killing curse avada kedavra) হগৱাৰ্টছৰ প্ৰধান শিক্ষক এলবাছ ডাম্বলডোৰক হত্যা কৰিছে।[4] অন্তিমখন গ্ৰন্থ ডেথ্লী হেল'জত স্নেইপৰ প্ৰকৃত আনুগত্য যে ডাম্বলডোৰৰ প্ৰতিহে আছিল সেই কথা প্ৰকাশ পাইছে। ডাম্বলডোৰৰ অনুৰোধমৰ্মেহে ভলডেম'ৰ্টক আভুৱা ভাৰিবলৈ তেওঁক স্নেইপে হত্যা কৰাৰ কথা পোহৰলৈ আহিছে। পিছত ভলডেম'ৰ্টে পোহনীয়া সাপ নাগিনীৰ হতুৱাই চেভেৰাছক হত্যা কৰিছে। কিন্তু মৃত্যুৰ আগমুহূৰ্ত্তত তেওঁ দি যোৱা এপিয়লা স্মৃতিৰ পৰা হেৰীয়ে জানিব পাৰিছে যে স্নেইপ হেৰীৰ মাক লিলি পটাৰৰ আজীৱন প্ৰেমিক আছিল। লিলিক ভলডেম'ৰ্টে হত্যা কৰাৰ প্ৰতিশোধ ল'বলৈ তেওঁ নিজৰ জীৱন বিপন্ন কৰিয়ো ভলডেম'ৰ্টৰ প্ৰতি মিছাকৈ আনুগত্য দেখুৱাই তেওঁৰ পতনৰ পথ মুকলি কৰি দিছিল। সেইবাবেই পিছত হেৰীয়ে নিজ পুত্ৰৰ আগত চেভেৰাছ স্নেপক 'পৃথিৱীৰ আটাইতকৈ সাহসী মানুহজন' বুলি বৰ্ণাইছে।[5]

যাদুকৰী ক্ষমতা সম্পাদনা কৰক

শৃংখলাটোত লেখিকাই চেভেৰাছ স্নেইপক এজন সুদক্ষ আৰু শক্তিশালী যাদুকৰ হিচাপে বৰ্ণনা কৰিছে। যাদু ৰসায়নৰ শিক্ষক হিচাপে তেওঁ ৱ'ল্ফবেন প'শ্যনৰ (wolfban potion) দৰে অতিশয় কঠিন ঔষধি ৰসায়ন তৈয়াৰ কৰাতো পাৰদৰ্শী[6]। হাফ-ব্লাড প্ৰিন্সত ছাত্ৰ অৱস্থাতে তেওঁ বহুধৰণৰ ক'লা যাদুমন্ত্ৰ উদ্ভাৱন তথা ব্যৱহাৰ কৰাৰ উল্লেখ আছে। অন্যান্য ডেথ্ ইটাৰৰ দৰে স্নেইপো ঝাড়ু অবিহনেই উৰি এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ সক্ষম। অৰ্ডাৰ অব্ ফিনিক্সত বৰ্ণোৱা হৈছে যে তেওঁ আনৰ মনটো পঢ়িব পাৰে (legilimens) আৰু নিজৰ ভাবনাবোৰ আনৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে (occlumens) যি ক্ষমতা ভলডেম'ৰ্টকে আদি কৰি বৰ কমসংখ্যক যাদুকৰৰহে আছে। তেওঁ বহুপৰলৈকে সক্ৰিয় হৈ থকা পেট্ৰ'নাছ (patronus) অৰ্থাৎ বাৰ্তাবাহক তথা প্ৰাণৰক্ষক শক্তি সৃষ্টি কৰাতো সক্ষম[7]

চলচ্চিত্ৰ সম্পাদনা কৰক

গ্ৰন্থকেইখনক ডেভিড হেইমেন-এ দিয়া চলচ্চিত্ৰ ৰূপৰ আঠোখনতে প্ৰাপ্তবয়স্ক চেভেৰাছ স্নেইপৰ চৰিত্ৰ ৰূপায়ণত আছিল ব্ৰিটিছ অভিনেতা এলান ৰিকমেন। আনহাতে অৰ্ডাৰ অব্ ফিনিক্সত 'ফ্লেচবেক' অংশত কিশোৰ স্নেইপৰ ভূমিকাত আছিল এলেক হপ্কিন্স। অন্তিমখন চলচ্চিত্ৰত 'ফ্লেচবেক' অংশত আছিল বেনেডিক্ট ক্লাৰ্ক[8]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Harry Potter and The Philosopher's Stone-ebook-http://mobile9.com
  2. Harry Potter and The Goblet Of Fire-ebook-http://mobile9.com
  3. Harry Potter and The Order Of Phoenix-ebook-http://umnet.com
  4. Harry Potter and The Half-Blood Prince-ebook-http://mobile9.com
  5. Harry Potter and The Deathly Hallows-ebook-http://mobile9.com
  6. Harry Potter and The Prisonar Of Azkaban-ebook-http://mobile9.com
  7. "Harry Potter and The Deathly Hallows-ebook". http://mobile9.com। আহৰণ কৰা হৈছে: August 23, 2012. 
  8. Harry Potter Films-Produced by David Heyman, David Barron-Distributed by Warner Bros. Pictures