চেৰা-বিহু
চেৰা বিহু বুলিলে সপ্তম আৰু অন্তিম বিহুক বুজায়৷ চেৰা শব্দৰ অৰ্থ হ’ল অৱসান বা ত্যাগ৷ সেইদিনা উজনি অসমত কোনো কোনোৱে হাঁচতি আগবঢ়াই বৰগছৰ গুৰিত বিহু উৰাই আহে৷ সেইদিনা উজনি-নামনি উভয়তে সাতশাকী খোৱাৰ নিয়ম আছে৷ সেই নিয়ম আজিও প্ৰচলিত হৈ আছে৷ কমলাবাৰী সত্ৰৰ বাবে চেৰা বিহুৰ এক বিশেষ গুৰুত্ব আছে৷ সাত বিহুৰ দিনা মহাপুৰুষ মাধৱদেৱে বদলা আতাক ধৰ্মাধিকাৰ পাতি তাল-মালা আগবঢ়াই উজনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আদেশ দিছিল৷ গুৰুজনাৰ আদেশ শিৰত লৈ আতাই পিছ দিনাই উজনিলৈ যাত্ৰা কৰিছিল৷ সাত বিহুৰ দিনা আজিও পুৱা-প্ৰসংগ শেষ হোৱাৰ পিছত গায়ন-বায়নৰ সমস্ত প্ৰসংগই বন্ধ থকাটো উল্লেখযোগ্য৷ সেইদিনা তাত সৰ্বসাধাৰণ উপবাসে থাকে৷ সেইদিনা খেতিয়কসকল পথাৰলৈ নাযায়৷[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ড° নাৰায়ন দাস,ড° পৰমানন্দ ৰাজবংশী (১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশন গোট, স্নাতকোত্তৰ অসমীয়া অধ্যয়ন কেন্দ্ৰ,, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়৷.