চোলা৷ ই আদিতে পুৰুষে পিন্ধা বস্ত্ৰ আছিল৷ বৰ্তমান ইয়াৰ আকাৰ আকৃতি সলনি হৈ নাৰী পুৰুষ উভয়েই পিন্ধিব পৰা হৈছে৷ হেমকোষ অভিধানত চোলাৰ অৰ্থ এনেকৈ দিয়া আছে, বেজীৰে সী গা আৰু হাত ঢাকিবলৈ ব্যৱহাৰ কৰা এবিধ কাপোৰ৷ ই সংস্কৃত শব্দ “চুল’’ৰ পৰা আহিছে৷ সংস্কৃতত চোল বা চোলক মানে বক্ষবন্ধনী ৷ অসমত আহোম ৰাজশাসন কালত “চোলাধৰা’’ বুলি এটা বিষয়বাবৰ সৃষ্টি কৰা হৈছিল, তেওঁৰ কাম আছিল ৰজাৰ চোলা যোগাৰ কৰা বা সাজ-সজ্জা কৰোৱা৷[1] অসমীয়া পুৰুষৰ সাজ বুলি চুৰীয়া, খনীয়া কাপোৰ বা চেলেং আৰু কপাহী কাপোৰৰ পাগুৰীৰ লগতে কোনো কোনোৱে চোলা পিন্ধিছিল৷[2] চোলা মানুহৰ গা আৰু হাতদুখন আবৃত কৰি ৰাখিব পৰা এবিধ বস্ত্ৰ যদিও ইয়াৰ আকৃতি বেলেগ বেলেগ৷ চোলাৰ সমাৰ্থক ইংৰাজী শব্দ ’ছাৰ্ট’ আৰু ই ইউৰোপ আমেৰিকাৰ লোকসকলৰ পৰিধেয় বস্ত্ৰ৷ ইংৰাজী ভাষাত ইয়াক চাৰ্ট, টি-চাৰ্ট আদি নামে জনা যায়৷ আদিতে ই নাৰীসকলে পিন্ধা চেমিজৰ দৰে পুৰুষসকলে কাপোৰৰ তলত পিন্ধা বস্ত্ৰ আছিল৷ পিছলৈ ইয়াক নাৰী-পুৰুষ উভয়েই পিন্ধিবলৈ লয়৷ সময়ৰ লগে লগে এইবিধ বস্ত্ৰৰ আকৃতি সলনি হৈ আহিছে৷ নামো সলনি হৈছে৷ ইউৰোপ আমেৰিকাৰ লোকসকলে ছাৰ্টৰ ওপৰত ডিঙিত টাই বান্ধি লয়৷

অসমৰ নানাবিধ চোলাসম্পাদনা কৰক

চোলা কপাহী, চিল্ক, এড়ী আদি বিভিন্ন কাপোৰৰ পৰা তৈয়াৰ কৰিব পাৰি৷ পৃথিৱীৰ প্ৰায় সকলো জাতি-জনজাতিৰ লোকে চোলা ব্যৱহাৰ কৰে যদিও প্ৰত্যেকৰে প্ৰস্তুতি বিধি আৰু নাম বেলেগ বেলেগ৷ অসমতো বহু পুৰণি কালৰ পৰাই চোলাৰ ব্যৱহাৰ হৈ আহিছে৷ আহোম শাসনৰ সময়ৰ পৰাই পুৰুষ-মহিলা উভয়েই চোলা পিন্ধাৰ কথা ’হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থত অংকিত চিত্ৰৰ পৰা ধৰিব পাৰি৷ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতেই অসমীয়া বস্ত্ৰলৈ আমূল পৰিৱৰ্তন আহিছিল৷ সেইসময়ত মহিলাসকলে ফুলবছা চোলা, পিঠিৰ ফালে বন্ধা কাঞ্চুলি চোলা, পাৰি থকা হাতচুটি চোলা আৰু কুঁৱৰীসকলে পাটৰ চিত্ৰ-বিচিত্ৰ কাৰচিপ কৰা চোলা পিন্ধিছিল৷ পুৰুষসকলেও বিভিন্ন চোলা ব্যৱহাৰ কৰিছিল৷[3] চোলাবোৰ কেইবাটাও নামেৰে পৰিচিত৷ নৰা চোলা, এঙা চোলা, হলৌ চোলা, বুকু চোলা, মিৰ্জাই চোলা, ফুটৱৈ চোলা, মোগলাই চোলা, ঘাগৰা, গোমচেং, চাটন, বুটাদাৰ চাটন, জালি চোলা, চাপকণ চোলা আদি অনেক প্ৰকাৰৰ চোলা আছে৷ পাদুৰী চাহাবসকলে পিন্ধাৰ দৰে চোলা আঁৰণি চাপকণৰ ওপৰত পৰিধান কৰিছিল৷ দৰাই জামা চোলা আৰু ৰজাই ৰূপৰ বেৰী দিয়া চোলা পিন্ধিছিল৷ ৰজাৰ চোলাত ৰূপালী সূতাৰ পাৰি লগোৱা আছিল৷ অসমৰ মানুহে চোলাত বুতাম ব্যৱহাৰ নকৰিছিল৷ হাড় আৰু কপাহৰ ক্ষুদ্ৰ বাটিকা ব্যৱহাৰ কৰিছিল৷ এই বাটিকাবোৰক গাঁথি বোলা হয়৷ সাধাৰণতে গাঁথিবোৰ কপাহী সূতাৰে তৈয়াৰ কৰি লৈছিল৷ চোলাবোৰ বিভিন্ন আকৃতিত চিলাই কৰি লৈছিল৷

জনজাতীয় লোকৰ চোলাসম্পাদনা কৰক

অসমৰ বহু জনজাতীয় পুৰুষে চোলা পিন্ধা দেখা যায়৷ সকলোবোৰ চোলা বেলেগ বেলেগ নাম আৰু আৰ্হিৰ৷ এইবোৰৰ দ্বাৰা একোটা জাতিৰ পৰিচয় পাব পাৰি৷ অঁকা পুৰুষে বুকুখোলা চোলা পিন্ধে৷ কাৰ্বিসকলে হাত চুটি আৰু তললৈ দীঘল দহি ওলমি থকা চোলা পিন্ধে৷ চিংফৌ ৰজাই চীনা ভেলভেট কাপোৰেৰে তৈয়াৰী বুতাম লগোৱা চোলা পিন্ধে৷ এওঁলোকৰ চোলাৰ বুতামত জাংফাই বা সোণ খটোৱা থাকে৷ টাগিন পুৰুষ মহিলা উভয়েই ৰঙা বৰণৰ দীঘল চোলা পিন্ধে৷ ফাকেয়াল আৰু মিচিমিয়ে আঁঠুৰ ওপৰলৈ পৰা দীঘল চোলা ব্যৱহাৰ কৰে৷ মনপা পুৰুষে চোলাৰ ঠাইত দীঘল কোট পিন্ধে৷ চোলাসমূহত ৰঙ-বিৰঙৰ সূতাৰে কাৰুকাৰ্য কৰা থাকে৷[4]

==তথ্য সংগ্ৰহ== 

  1. হেমকোষ অভিধান৷ ২০১৫
  2. আগৰ দিন এতিয়াৰ দিন, আসাম বন্ধু, মাঘ-ফাগুন, ১৮৮৬ চন, অসম প্ৰকাশন পৰিষদৰ দ্বাৰা সংকলিত, সংকলক: ড° নগেন শইকীয়া
  3. অসমীয়া সাজ-পাৰ বৈচিত্ৰ্য আৰু বৈশিষ্ট্য, ড° মন্দিৰা বৰঠাকুৰ শইকীয়া, সাতসৰী, ছেপ্তেম্বৰ, ২০১০
  4. সাজ-পাৰ, অসমৰ লোকসংস্কৃতি, চাও লোকেশ্বৰ গগৈ