চৰিত তোলা

একশৰণ নামধৰ্মৰ সৈতে জড়িত এক প্ৰথা

চৰিত তোলা (ইংৰাজী: Charit Tola) অসমৰ কোনো কোনো সত্ৰত প্ৰচলিত মহাপুৰুষীয়া নাম-ধৰ্মৰ এক আধ্যাত্মিক প্ৰথা৷ এই প্ৰথাত শংকৰদেৱ-মাধবদেৱ আৰু আন আন আতা-আতৈ-সন্ত-মহন্তসকলৰ জীৱনী কথাৰ মাজেৰে স্মৰণ কৰা হয়৷ “কোনো কোনো সম্প্ৰদায়ৰ মূল গুৰুৰ তিৰোধানৰ অন্তত সেই সম্প্ৰদায়ৰ নৱ-নিয়োজিত গুৰুৱে প্ৰাত্যহিক কৃত্য সম্পন্ন কৰাৰ অন্তত নিজ গুৰুৰ সোঁৱৰণত তেওঁৰ(গুৰুৰ) জীৱন-বৃত্ত অতিমানৱীয় সমল সম্পৃক্ত কৰি বৰ্ণনা কৰিছিল৷ এইদৰে বিভিন্ন ধৰ্মীয় গোষ্ঠীৰ মাজত নিজ নিজ গুৰুৰ সোঁৱৰণত চৰিত-বৰ্ণন পৰম্পৰাৰ নামেই চৰিত-তোলা৷’’[1] অসমৰ কোনো কোনো সত্ৰত “সত্ৰাধিকাৰৰ বাহা’’ত দুজনা গুৰু আৰু বদুলা আতাৰ চৰিত পাঠ কৰাৰ ব্যৱস্থা আছে৷ চৰিত তুলিবৰ বাবে বক্তা বুঢ়া ভকতজনে চৰিতৰ এটা অংশ মুখস্থ কৰি লয় আৰু প্ৰায় ১০-১৫ মিনিটমান সময় চৰিত তোলে৷[2] সুন্দৰীদিয়া সত্ৰত মাঘ মাহৰ প্ৰথম দিনা “ঘাট সেৱা’’ নামে এটি উৎসৱ পালন কৰে৷ সেইদিনা সত্ৰৰ আইসকলে মূল কীৰ্তনঘৰৰ পৰা ঘোষা-পদ গাই পদব্ৰজে কলয়া গংগাত হাত-মুখ পাখালি পাৰৰ মাটিৰে কপালত ফোঁট লৈ প্ৰসাদ বিতৰণ কৰে৷ এই ঘাট-সেৱা উৎসৱৰ দিনা ৰাতি গুৰুদুজনাৰ স্মৃতি সুঁৱৰি “চৰিত-তোলা’’ হয়৷[3] চৰিতপুথিবোৰৰ লিপিবদ্ধ ৰূপ এনে “চৰিত-তোলা’’ প্ৰথাৰ পৰাই উদ্ভূত৷ “গুৰু-বৰ্ণনা’’ নামৰ পদবন্ধে ৰচনা কৰা চৰিত-পুথিৰ ৰচয়িতা অনিৰুদ্ধ দাসে তেওঁৰ ৰচনাৰ অনুপ্ৰেৰণা এই চৰিত-তোলা প্ৰথাৰ পৰাই পাইছিল বুলি স্বীকাৰো কৰিছে;

“কথাৰূপে ভক্তসৱে চৰ্চ্চে ঠাই ঠাই৷
পদ-বন্ধে কৰিবাক মোৰ অভিপ্ৰায়৷’’[4]

শংকৰদেৱৰ সময়ত ভগৱন্ত চৰিত্ৰ-কীৰ্তন কৰা হৈছিল৷ পিছত শংকৰদেৱৰ প্ৰয়াণৰ পিছত মাধবদেৱে পোনতে গুৰুজনাৰ চৰিত-বৰ্ণন প্ৰথা আৰম্ভ কৰে৷ “তেহে শ্ৰীমাধদেএ গুৰুবাক্য শিৰে ধৰি গুৰুজনাৰ সদাসৰ্ব্বদা চৰিত্ৰ কীৰ্ত্তন কৰিচিল : আতৈসৱে শ্ৰৱণ কৰে৷’’[4]

সুন্দৰীদিয়া সত্ৰৰ চৰিত তোলা সম্পাদনা কৰক

সুন্দৰীদিয়া সত্ৰত মাঘৰ বৰ-দোমাহীৰ দিনা “চৰিত-তোলা’’ৰ আৰম্ভণি হয়; সেইদিনা আইসকলে কলয়া-গংগালৈ গৈ “ঘাটসেৱা’’ কৰে আৰু প্ৰসাদ বিতৰণ কৰি সন্ধিয়ালৈ ভকতসকলৰ দ্বাৰা চৰিত তোলা হয়৷ ইয়াৰ পিছত সত্ৰৰ “বুঢ়াভকত’’ৰ বাহাত ব’হাগ বিহুলৈ নিয়মীয়াকৈ চৰিত তোলা হয়৷ ব’হাগৰ পাঁচ-দোমাহীৰ দিনা বুঢ়াভকতৰ বাহাত চৰিত শুনাৰ পিছত বীৰনাম গাই সত্ৰৰ মূল কীৰ্তনঘৰত ৰাতিৰ প্ৰসঙ্গত ভাগ লয় আৰু তাৰ পিছত কলয়া গংগাৰ পাৰলৈ প্ৰথমে চৰিত তুলি তাৰপিছত নাম গাই চৰিত-তোলাৰ আনুষ্ঠানিকভাৱে বছৰটিলৈ সামৰণি মাৰে৷ মাধবদেৱে প্ৰৱৰ্তন কৰা এই প্ৰথা এতিয়াও সত্ৰত নিয়মীয়াকৈ হৈ আছে৷ এই চৰিত তোলা প্ৰথা সত্ৰ ভকতসকলৰ লগতে আইসকলেও ভাগ লয়৷ এই সত্ৰৰ চৰিত তোলা পৰ্বৰ বিশেষত্ব এয়ে যে ইয়াৰ আৰম্ভণি কলয়া গংগাৰ পাৰত আৰু সামৰণিও কলয়া গংগাৰ পাৰতে হয়৷[5]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. শৰ্মা, নবীনচন্দ্ৰ (১৯৯৭). "সত্ৰীয়া সংস্কৃতিৰ অৱদান চৰিত সাহিত্য". সত্ৰসূৰ্য: ১৪৬. 
  2. দেৱগোস্বামী, নাৰায়ণ চন্দ্ৰ (১৯৮৪). সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২১. 
  3. মেধি, ডিম্বেশ্বৰ (২০১৮). লোকসংস্কৃতিৰ লেছেৰী বোটলা. বিশ্বাম্ৱা প্ৰকাশন. পৃষ্ঠা. ৫৩. 
  4. 4.0 4.1 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৪৮. 
  5. তালুকদাৰ, গোবিন্দ (১৯৯৬). সুন্দৰীদিয়া সত্ৰৰ ইতিবৃত্ত. দিপান্বিতা তালুকদাৰ. পৃষ্ঠা. ৪৩.