চৰী নৃত্য (ইংৰাজী: Chari Dance) ভাৰতৰাজস্থান ৰাজ্যৰ এক পৰম্পৰাগত লোকনৃত্য।[1] ৰাজস্থানৰ বাঞ্জাৰা জনগোষ্ঠীৰ মাজত এই নৃত্য প্ৰচলিত। চৰী নৃত্য একপ্ৰকাৰৰ মহিলাসকলৰ দলীয় নৃত্য। এই নৃত্য ঘাইকৈ ৰাজস্থানৰ আজমেৰ আৰু কিষাণগড়ৰ অঞ্চলত অধিক প্ৰচলিত।[2] কিষাণগড় আৰু আজমেৰৰ গুজ্জৰ আৰু চাইনী সম্প্ৰদায় সকলৰ চৰী নৃত্য সমগ্ৰ ৰাজস্থানত জনাজাত। এই নৃত্য সাধাৰণতে বিবাহ উদযাপন, পুত্ৰ সন্তানৰ জন্ম আৰু মঙ্গলময় উৎসৱত পৰিৱেশন কৰা হয়। ফালকু বাঈ চৰী নৃত্যৰ এগৰাকী বিখ্যাত নৃত্যশিল্পী।

চৰী নৃত্য

চৰী নৃত্যৰত যুৱতী
শৈলী লোকনৃত্য
বাদ্যযন্ত্ৰ
  • ঢোলক
  • নাগাৰা
  • হাৰমনিয়াম
  • বাংকীয়া
  • থালি
উৎপত্তিমূল ৰাজস্থান, ভাৰত

উৎপত্তি সম্পাদনা কৰক

ৰাজস্থানৰ এক বৃহৎ অংশ থৰ মৰুভূমিৰে আৱৰা। মৰুভূমি অঞ্চলৰ বাবে ইয়াত পানীৰ নাটনি দেখা যায়। প্ৰত্যেকদিনা মহিলাসকলে তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰিবলৈ বহু মাইল খোজ কাঢ়ে। তেওঁলোকে তেওঁলোকৰ দৈনিক পানী চৰী নামৰ এক গধুৰ পাত্ৰত সংগ্ৰহ কৰে। চৰী নৃত্যৱে পানী সংগ্ৰহৰ এই জীৱনজোৰা ৰীতি-নীতি উদযাপন কৰে। প্ৰথমতে এই নৃত্য কেৱল অঘৰী বাঞ্জাৰা জনগোষ্ঠীৰ মাজত প্ৰচলিত আছিল।

পোছাক আৰু অলংকাৰ সম্পাদনা কৰক

চৰী নৃত্যত মহিলা সকলে পৰম্পৰাগত সাজ-পৰা আৰু অলংকাৰ পৰিধান কৰে। সাধাৰণতে উজ্জ্বল ৰং যেনে ৰঙা, কমলা, হালধীয়া, নীলা আদি ৰঙৰ ব্লাউজ, ঘাগ্ৰা বা লেহেংগা আৰু ওৰণি বা চুৰ্ণী ইয়াৰ মুখ্য সাজ। ইয়াৰ লগতে পোছাকৰ কাপোৰত পৰম্পৰাগত এম্ব্ৰইডাৰী দেখা যায়। এম্ব্ৰইডাৰী সমূহত বিভিন্ন প্ৰকাৰৰ মণি, শামুকৰ খোলা আৰু আইনা ব্যৱহাৰ কৰা হয়। নৃত্যশিল্পীসকলে হান্সলি, টিমনিয়া, মগৰী, পুঞ্চি, বাংদি, গজৰা, বাজুবন্ধ, কাৰ্লি, কংকা আৰু নৱৰ নামৰ পৰম্পৰাগত ৰাজস্থানী অলংকাৰ পিন্ধে।[3]

বাদ্যযন্ত্ৰ সম্পাদনা কৰক

নাগাৰা, ঢোলক, ঢোল, হাৰমনিয়াম, থালি আৰু বাংকীয়া সাধাৰণতে চৰী নৃত্যৰ সময়ত বজোৱা হয়। বাংকীয়া চাৰী নৃত্যৰ মূল বাদ্য। ই নিপুণ হাতত এক শক্তিশালী, ভয়ংকৰ শব্দ প্ৰস্তুত কৰে।[3]

 
চাৰী নৃত্য

প্ৰদৰ্শন সম্পাদনা কৰক

চৰী নৃত্যৰ সময়ত ৰঙীন পোছাক পিন্ধা আৰু অলংকাৰেৰে আভুষিত মহিলাসকলে মাটিৰ বা পিতলৰ চাৰী নামৰ পাত্ৰ মূৰত ধৰি ৰাখে। প্ৰায়ে চৰী নামৰ পাত্ৰটোৰ মুখত তেলৰ চাকি বা তেলত নিমজ্জিত কপাহৰ গুটিৰে জুই জ্বলোৱা হয়। নৃত্যশিল্পীসকলে হাত-ভৰিৰ সুন্দৰ ভংগীমাৰে চলাচল আৰু আঁঠুৰ গভীৰ ঘূৰ্ণী প্ৰদৰ্শন কৰাৰ সময়ত ইয়াক স্পৰ্শ নকৰাকৈ তেওঁলোকৰ মূৰত জ্বলন্ত পাত্ৰটো কঢ়িয়াই ৰাখে।[4] ইয়াৰ বাবে শৈশৱৰ পৰা কঠিন অনুশীলনৰ প্ৰয়োজন। এই নৃত্য নিশাৰ অন্ধকাৰত অতি সুন্দৰ দৃশ্য হিচাপে দেখা যায় কৰে। নৃত্য মঞ্চৰ চাৰিওফালে শাৰীবদ্ধ লাইটবোৰে ইয়াক অধিক আকৰ্ষণীয় কৰি তোলে। নৃত্যক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ নৃত্যশিল্পীসকলে মজিয়াৰ চাৰিওফালে ঘূৰি ফুৰাৰ লগে লগে জুইৰ পোহৰৰ আৰ্হিৰ ৰেখা সৃষ্টি কৰা হয়।

তথ্য উৎস সম্পাদনা কৰক

  1. "Art and culture of Rajasthan". Rajasthan.gov.in. Archived from the original on 30 April 2015. https://web.archive.org/web/20150430060526/http://rajasthan.gov.in/StateProfile/ArtandCulture/Pages/FolkDanceMusic.aspx। আহৰণ কৰা হৈছে: 14 April 2015. 
  2. "Dance Forms of Rajasthan". Pinkcity.com. http://www.pinkcity.com/citizenblogger/dance-forms-of-rajasthan/। আহৰণ কৰা হৈছে: 14 April 2015. 
  3. 3.0 3.1 "Dances of India". Dancesofindia.co.in. Archived from the original on 11 April 2015. https://archive.today/20150411213140/http://www.dancesofindia.co.in/folk-dances-india/rajasthan/chari.html। আহৰণ কৰা হৈছে: 14 April 2015. 
  4. "Dance festivals in Udaipur". Hotelsatudaipur. Archived from the original on 17 September 2014. https://web.archive.org/web/20140917172232/http://www.hotelsatudaipur.com/dance-festivals-in-udaipur.html। আহৰণ কৰা হৈছে: 14 April 2015.