ছাগেলীকান্দা পুখুৰী
এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
চাগৈলীকান্দা পুখুৰী হৈছে অসমৰ ওডালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত শিলপোটা মৌজাৰ নাহৰবাৰী গাঁৱত অৱস্থিত এটা ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ পুখুৰী। এই পুখুৰীটো ভূঞা ৰজাৰ দিনত খন্দা বুলি অনুমান কৰিব পাৰি। বুৰঞ্জীমতে দৰঙত ১২০০ ৰ পৰা ১৪০৩ খ্ৰীষ্টাব্দলৈ ভূঞা বংশীয় ৰজাই ৰাজত্ব কৰিছিল। খেন বংশীয় ৰজাসকলৰ ক্ষমতা লোপ পাই অহাত ভূঞাসকলে অসমৰ বিভিন্ন ঠাইত সৰু সৰু ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। অসমৰ ভূঞাসকল আৰিমত্ত ৰজাৰেই বংশধৰ আছিল। ভূঞাৰজাই দৰঙৰ ৰৌতাত ৰাজধানী পাতি ৰাজকাৰ্য্য পৰিচালনা কৰিছিল আৰু তেওঁলোকৰ ৰাজত্বকালতে (খ্ৰী:১২০০-খ্ৰী:১৩০৪) দৰঙৰ বিভিন্ন ঠাইত বহুত পুখুৰী খন্দাইছিল। এই পুখুৰীবোৰৰ ভিতৰত অন্যতম আছিল চাগৈলীকান্দা পুখুৰী। অবিভক্ত দৰং জিলাত (বৰ্তমানৰ ওডালগুৰি আৰু দৰং জিলা ) সৰু-বৰ ৩৬১টা পুখুৰী আছে বুলি জনা যায়।