ছাবা আজিজ
ছাবা আজিজ ( ইংৰাজী : Saba Aziz)ৰ জন্ম ১৯৮৮ চনৰ ২৬ নৱেম্বৰত। তেওঁ পাকিস্তানৰ এগৰাকী প্ৰাক্তন এক নম্বৰ মহিলা টেনিছ খেলুৱৈ।[1] ছাবা আজিজে ২০১১-২০১৩ চনত ফেড কাপত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল।
দেশ | পাকিস্তান |
---|---|
জন্ম | ২৬ নৱেম্বৰ, ১৯৮৮ লাহোৰ, পাকিস্তান |
পেচা গ্ৰহণ | ২০০৮ |
হস্তশৈলী | সোঁহতীয়া (Double Handed Backhand) |
এক দশকৰ অনুপস্থিতিৰ পিছত ২০১১ চনত চাৰা মনছুৰ, চাৰা মাহবুব খান আৰু উষণা চুহেইলৰ সৈতে ছাবা আজিজে পাকিস্তানৰ হৈ ফেড কাপ প্ৰতিযোগিতাত পুনৰ প্ৰৱেশ কৰি এক ইতিহাসৰ সৃষ্টি কৰিছিল।[2]
ছাবা আজিজ হ'ল প্ৰথমগৰাকী পাকিস্তানী মহিলা টেনিছ খেলুৱৈ যিগৰাকী আইটিএফৰ ফিচাৰৰ মূল ড্ৰ' মেচত জয়ী হয়[3] আৰু ২০০৮ চনত ৰেংকিং পইণ্ট লাভ কৰে। আইটিএফৰ জুনিয়ৰ ৰেংকিঙত ছাবাই বিশ্বৰ ৪৫৭ নম্বৰ স্থান লাভ কৰিছিল।
ছাবাই কিউটিএফ-আন্তৰ্মহাদেশীয় টেনিছ অ’পেন (ডোহা, কাটাৰ ১২ নৱেম্বৰ)ত একক খিতাপ লাভ কৰাৰ লগতে স্মাছ টেনিছ একাডেমী চেম্পিয়নশ্বিপ (ডোহা, কাটাৰ ১৫ মে’)ত ডাবলছৰ খিতাপ দখল কৰিবলৈ সমৰ্থ হৈছিল।
২০১২ চনত নিউজউইক পাকিস্তানৰ ১০০ গৰাকী গুৰুত্বপূৰ্ণ মহিলাৰ তালিকাত ছাবাৰ নাম অন্তৰ্ভুক্ত হৈছিল।[4] ২০১৮ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ ১৫০ গৰাকী নিৰ্বাচিত আগশাৰীৰ মহিলাৰ ভিতৰত ছাবা আজিজো আছিল এগৰাকী অন্যতম মহিলা যগিৰাকীয়ে ব্ৰিটেইনত উচ্চ শিক্ষাৰ সুবিধা লাভ কৰিছিল। সেই তালিকাত ছাবাই আছিল একমাত্ৰ পাকিস্তানী মহিলা।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Khan trio holds top three national ranking spots". http://www.thenews.com.pk/Todays-News-10-100327-Khan-trio-holds-top-three-national-ranking-spots। আহৰণ কৰা হৈছে: 19 November 2024.
- ↑ "Sara, Saba, Ushna and Sara Bring Pakistan Women Tennis Back in the Game". https://pakistaniat.com/2011/01/28/pakistan-women-tennis/। আহৰণ কৰা হৈছে: 19 November 2024.
- ↑ "Ushna, Saba win first round matches". https://www.dawn.com/news/331638/ushna-saba-win-first-round-matches। আহৰণ কৰা হৈছে: 19 November 2024.
- ↑ "Pakistani 100 Women Who Matter". https://abubakarumer.wordpress.com/2012/04/27/pakistani-100-women-who-matter/। আহৰণ কৰা হৈছে: 19 November 2024.