জ'মাট'
জ'মাট' (/zoʊmɑːtoʊ/) এটি ভাৰতীয় বহুজাতিক কোম্পানী। জ'মাট'ই চহৰে চহৰে বিভিন্ন ৰেষ্টুৰাক অনলাইন একত্ৰিত কৰে আৰু খাদ্য ডেলিভাৰী কৰে। কোম্পানীটো দীপিন্দৰ গোয়ল আৰু পংকজ চদ্দাই ২০০৮ চনত আৰম্ভ কৰিছিল।[1][2] জ'মাট'ৰ এপ্লিকেছনৰ দ্বাৰা কোনো ৰেষ্টুৰাৰ বিষয়ে তথ্য, মেন্যু আৰু খাদ্য ক্ৰেতাই দিয়া মন্তব্য চাব পৰা যায়। সেই ৰেষ্টুৰাৰ পৰা খাদ্য মগাই খোৱাৰো সেৱা উপলব্ধ, কোনো কোনো চহৰত।[3] ২০১৯ চনত জ'মাট'ৰ সেৱা ২৪ খন দেশৰ ১০,০০০ৰো অধিক চহৰত উপলব্ধ আছিল।[4]
বিনিয়োগ
সম্পাদনা কৰক২০১০ৰ পৰা ২০১৩ৰ ভিতৰত জ'মাট'ই ইনফ' এজৰ পৰা প্ৰায় ১৬.৭ নিযুত ইউ এছ ডলাৰ লাভ কৰিলে বিনিয়োগৰ ৰূপত।[5] ২০১৩ চনত ই চেকিয়া কেপিটেলৰ পৰা অতিৰিক্ত ৩৭ নিযুত ইউ এছ ডলাৰ গ্ৰহণ কৰিলে।[6]
২০১৪ চনৰ নৱেম্বৰত জ'মাট'ই আন এক ৰাউণ্ড সমাপ্ত কৰিলে, আৰু টকা লাভৰ পাছৰ মূল্যায়ণ আছিল প্ৰায় ৬৬০ নিযুত ইউ এছ ডলাৰ।[7] ইনফ' এজ আৰু ভাই কেপিটেলে আগভাগ লোৱা এই ৰাউণ্ডত চেকিয়া কেপিটেলেও অংশগ্ৰহণ কৰিছিল।[8]
২০১৫ৰ এপ্ৰিলত ইনফ' এজ, ভাই কেপিটেল আৰু চেকিয়া কেপিটেলে অতিৰিক্ত ৫০ নিযুত ইউ এছ ডলাৰৰ এটা ৰাউণ্ড সমাপ্ত কৰিলে।[9] তাৰ ঠিক পাছতেই, চিংগাপুৰ চৰকাৰৰ টেমাচেক আৰু ভাই কেপিটেলে ৬০ নিযুত ইউ এছ ডলাৰ বিনিয়োগ কৰিলে কোম্পানীটোত।[10]
২০১৮ৰ অক্টোবৰত ই ২১০ নিযুত ইউ এছ ডলাৰ বিনিয়োগ লভিলে আলিবাবাৰ সৈতে সম্বন্ধ থকা এণ্ট ফাইনেঞ্চিয়াৰ পৰা, যিয়ে ১০% মালিকী হস্তান্তৰ কৰিলে। জ'মাট'ৰ মূল্যায়ন ২ নিখৰ্ব ইউ এছ ডলাৰ হ'লগৈ ইয়াৰ ফলস্বৰূপে। একে বছৰেই, তাৰ আগতেও জ'মাট'ই এণ্ট ফাইনেঞ্চিয়াৰ পৰা ১৫০ নিযুত ইউ এছ ডলাৰৰ বিনিয়োগ লাভ কৰিছিল।[11]
এণ্ট ফাইনেঞ্চিয়াই পূৰ্বতে দিবলগীয়া ধন আহি নোপোৱাত, ২০২০ চনৰ চেপ্টেম্বৰত জ'মাট'ই ৬২ নিযুত ইউ এছ ডলাৰৰ বিনিয়োগ লাভ কৰিলে টেমাচেকৰ পৰা।[12]
২০২০ চনৰ অক্টোবৰত, চিৰিজ জেত, জ'মাট'ই ৫২ নিযুত ইউ এছ ডলাৰ বিনিয়োগ লভিলে আমেৰিকী প্ৰতিষ্ঠান ক'ৰাৰ পৰা।[13][14]
২০২১ চনৰ ফেব্ৰুৱাৰীত টাইগাৰ গল'বেল মেনেজমেণ্ট আৰু আন চাৰি বিনিয়োগকাৰীৰ পৰা জ'মাট'ই ২৫০ নিযুত ইউ এছ ডলাৰ বিনিয়োগ লাভ কৰিলে।[15][16]
বিত্তীয় তথ্য
সম্পাদনা কৰকবৰ্ষ | ৰাজহ (কোটিত) | লাভ/ লোকচান (কোটিত) | মুঠ সম্পত্তি (কোটিত) |
---|---|---|---|
বিত্তীয় বৰ্ষ ২০১১ | 0 | -1.09 | গোপন |
বিত্তীয় বৰ্ষ ২০১২ | 2 | -7.6 | |
বিত্তীয় বৰ্ষ ২০১৩ | 12 | -10 | |
বিত্তীয় বৰ্ষ ২০১৪ | 36 | -37 | |
বিত্তীয় বৰ্ষ ২০১৫ | 96.7 | -136 | |
বিত্তীয় বৰ্ষ ২০১৬ | 185 | -492 | |
বিত্তীয় বৰ্ষ ২০১৭ | 399 | -389 | |
বিত্তীয় বৰ্ষ ২০১৮ | 466 | -103.68 | 1,374 |
বিত্তীয় বৰ্ষ ২০১৯ | 1313 | -965.23 | 3,413 |
বিত্তীয় বৰ্ষ ২০২০ | 2605 | -2367.16 | 2,900 |
বিত্তীয় বৰ্ষ ২০২১ | 1994 | -812.82 | 8,704 |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Zomato co-founder Pankaj Chaddah quits as it shuffles top management". Economic Times. https://economictimes.indiatimes.com/small-biz/startups/newsbuzz/zomato-co-founder-pankaj-chaddah-quits-as-it-shuffles-top-management/articleshow/63129470.cms। আহৰণ কৰা হৈছে: 2020-04-09.
- ↑ "Deepinder Goyal, Founder & CEO, Zomato" (en ভাষাত). www.indiainfoline.com. https://www.indiainfoline.com/article/research-leader-speak/deepinder-goyal-founder-ceo-zomato-113111404451_1.html। আহৰণ কৰা হৈছে: 2020-03-05.
- ↑ "Deepinder Goyal, Founder & CEO, Zomato" (en ভাষাত). www.indiainfoline.com. https://www.indiainfoline.com/article/research-leader-speak/deepinder-goyal-founder-ceo-zomato-113111404451_1.html। আহৰণ কৰা হৈছে: 2020-03-05.
- ↑ "About Zomato". zomato.com. https://www.zomato.com/about.
- ↑ "Zomato to start its own delivery" (en ভাষাত). www.nuffoodsspectrum.in. Archived from the original on 2021-10-23. https://web.archive.org/web/20211023024828/https://www.nuffoodsspectrum.in/news/27/1867/zomato-to-start-its-own-delivery.html। আহৰণ কৰা হৈছে: 2020-02-21.
- ↑ "Sequoia leads $37M funding round in Zomato". Vccircle.com. 6 November 2013. Archived from the original on 2 March 2016. https://web.archive.org/web/20160302143912/http://www.vccircle.com/news/technology/2013/11/06/sequoia-leads-37m-funding-round-zomato। আহৰণ কৰা হৈছে: 15 November 2016.
- ↑ Shahi, Twishy. "Zomato raises US$60M from Vy Capital, Info Edge and Sequoia" (en ভাষাত). e27. https://e27.co/zomato-raises-us60m-from-vy-capital-info-edge-and-sequoia-20141119/। আহৰণ কৰা হৈছে: 2020-07-31.
- ↑ "Zomato raises $60 million from Vy Capital, Info Edge & Sequoia - timesofindia-economictimes". 2016-03-05. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305122754/http://articles.economictimes.indiatimes.com/2014-11-19/news/56265854_1_pankaj-chaddah-zomato-deepinder-goyal। আহৰণ কৰা হৈছে: 2020-02-21.
- ↑ "Zomato raises Rs 311 crore from existing investors - timesofindia-economictimes". 2015-12-08. Archived from the original on 2015-12-08. https://web.archive.org/web/20151208144742/http://articles.economictimes.indiatimes.com/2015-04-11/news/61041493_1_info-edge-300-crore-zomato-media। আহৰণ কৰা হৈছে: 2020-02-21.
- ↑ "Zomato raises $60 mn from Temasek and Vy Capital". Business Standard India. 8 September 2015. http://www.business-standard.com/article/companies/zomato-raises-60-mn-in-fresh-round-of-funding-115090700966_1.html.
- ↑ "Ant Financial puts another $210 million in Zomato". The Economic Times. 2018-10-13. https://economictimes.indiatimes.com/small-biz/startups/newsbuzz/ant-financial-puts-another-210-million-in-zomato/articleshow/66191992.cms.
- ↑ "India's Zomato raises $62 million from Temasek". TechCrunch. 2020-09-03. https://techcrunch.com/2020/09/02/indias-zomato-raises-62-million-from-temasek/.
- ↑ "India's Zomato raises $62 million from Temasek". TechCrunch. 2020-09-03. https://techcrunch.com/2020/09/02/indias-zomato-raises-62-million-from-temasek/.
- ↑ Tyagi, Gaurav; Upadhyay, Harsh (14 October 2020). "Exclusive: Zomato bags $52 Mn from Kora Investments". Entrackr. https://entrackr.com/2020/10/exclusive-zomato-bags-52-mn-from-kora-investments/.
- ↑ (en-IN ভাষাত). 23 February 2021. https://www.thehindu.com/business/zomato-raises-250-million-in-funding-from-tiger-global-kora-and-others/article33910204.ece.
- ↑ Choudhury, Saheli Roy (2021-07-23). "Shares of Indian food delivery start-up Zomato jump over 80% in market debut" (en ভাষাত). CNBC. https://www.cnbc.com/2021/07/23/zomato-ipo-indian-food-delivery-start-up.html। আহৰণ কৰা হৈছে: 2021-08-17.