জইণ্ট এডমিছন টেষ্ট (জেম) (JAM) হৈছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহ আৰু অন্যান্য প্ৰতিষ্ঠানসমূহত স্নাতকোত্তৰ আৰু অন্য স্নাতকোত্তৰ ডিগ্ৰী সম্বন্ধীয় পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰিবলৈ অনুষ্ঠিত কৰা এক পৰীক্ষা। আই আই টি সমূহে ২০০৪-০৫ চনৰ পৰা এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছিল। এই পৰীক্ষাৰ মুখ্য উদ্দেশ্য হৈছে বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী, স্নাতকোত্তৰ আৰু ডক্টৰেটৰ যুগ্ম ডিগ্ৰী আৰু অন্যান্য তেনেধৰণৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে শিক্ষাৰ্থীৰ নামভৰ্তিকৰণ। ২০১৪ চনত আই আই এছ চি বাংগালোৰেও জেমৰ নম্বৰৰ ভিত্তিত অখণ্ড ডক্টৰেট ডিগ্ৰী পাঠ্যক্ৰম (Integrated PhD programme) আৰু আই আই টিত দুবছৰীয়া বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম, স্নাতকোত্তৰ আৰু ডক্টেৰটৰ যুগ্ম ডিগ্ৰী,M.Sc.-M.Tech ইত্যাদিৰ বাবে নামভৰ্তিকৰণৰ কথা ঘোষণা হয়।

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰ: ১) বায়’লজীকেল ছায়েন্স ২)ৰসায়ন বিজ্ঞান ৩) গণিত বিজ্ঞান ৪)পদাৰ্থ বিজ্ঞান
আই আই টি ভুৱনেশ্বৰ: ১) ৰসায়ন বিজ্ঞান, ২) ভূ বিজ্ঞান ৩)গণিত বিজ্ঞান ৪)পদাৰ্থ বিজ্ঞান
আই আই টি বম্বে: দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বিষয়সমূহ ১) প্ৰায়োগিক ভূতত্ত্ববিজ্ঞান ২)প্ৰায়োগিক ভূতত্ত্ব পদাৰ্থবিজ্ঞান ৩) প্ৰায়োগিক পৰিসংখ্যা বিজ্ঞান আৰু ইনফৰমেটিকছ ৪) বায়’টেকন’লজী ৫)ৰসায়ন বিজ্ঞান ৬)গণিত বিজ্ঞান আৰু ৭) পদাৰ্থ বিজ্ঞান
চাৰি বছৰীয়া যুগ্ম ডিগ্ৰীৰ পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু এম টেক ডিগ্ৰী, য’ত নেন বিজ্ঞান আৰু প্ৰযুক্তিক বিশেষ গুৰুত্ব দিয়া হয়।
এম এছ চি- পি এইচ ডি ডুৱেল ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়োৱা বিষয়সমূহ: ১)প্ৰায়োগিক ভূতত্ত্ব পদাৰ্থবিজ্ঞান ২)প্ৰায়োগিক ভূতত্ত্ববিজ্ঞান ৩)বায়’টেকন’লজী ৪)ৰসায়ন বিজ্ঞান, ৫) শক্তি ৬) পৰিৱেশ বিজ্ঞান আৰু ইঞ্জিনিয়াৰিং, ৭) অপাৰেচন ৰিছাৰ্চ ৮)পদাৰ্থ বিজ্ঞান
আই আই টি দিল্লী: দুবছৰীয়া এম এছ চি পাঠ্যক্ৰমৰ বিষয়সমূহ ১)ৰসায়ন বিজ্ঞান ২) গণিত বিজ্ঞান ৩)পদাৰ্থ বিজ্ঞান
আই আই টি গান্ধীনগৰ: দুবছৰীয়া এম এছ চি পাঠ্যক্ৰমৰ বিষয়সমূহ ১)ৰসায়ন বিজ্ঞান ২) গণিত বিজ্ঞান ৩)পদাৰ্থ বিজ্ঞান
আই আই টি গুৱাহাটী: দুবছৰীয়া এম এছ চি পাঠ্যক্ৰমৰ বিষয়সমূহ ১)ৰসায়ন বিজ্ঞান ২) গণিত বিজ্ঞান আৰু কম্পিউটাৰ ৩)পদাৰ্থ বিজ্ঞান
আই আই টি হায়দৰাবাদ: দুবছৰীয়া এম এছ চি পাঠ্যক্ৰমৰ বিষয়সমূহ ১)ৰসায়ন বিজ্ঞান ২) গণিত বিজ্ঞান ৩)পদাৰ্থ বিজ্ঞান
আই আই টি ইন্দোৰ: দুবছৰীয়া এম এছ চি পাঠ্যক্ৰমৰ বিষয়সমূহ ১)ৰসায়ন বিজ্ঞান ২)পদাৰ্থ বিজ্ঞান
আই আই টি কাণপুৰ: দুবছৰীয়া এম এছ চি পাঠ্যক্ৰমৰ বিষয়সমূহ ১)ৰসায়ন বিজ্ঞান ২) গণিত বিজ্ঞান ৩)পদাৰ্থ বিজ্ঞান ৪) পৰিসংখ্যা বিজ্ঞান
আই আই টি খড়গপুৰ: দুবছৰীয়া এম এছ চি পাঠ্যক্ৰমৰ বিষয়সমূহ ১)ৰসায়ন বিজ্ঞান ২) গণিত বিজ্ঞান ৩)পদাৰ্থ বিজ্ঞান ৪) ভূতত্ত্ববিজ্ঞান
আই আই টি মাদ্ৰাজ: দুবছৰীয়া এম এছ চি পাঠ্যক্ৰমৰ বিষয়সমূহ ১)ৰসায়ন বিজ্ঞান ২) গণিত বিজ্ঞান ৩)পদাৰ্থ বিজ্ঞান
আই আই টি ৰুৰকী: দুবছৰীয়া এম এছ চি পাঠ্যক্ৰমৰ বিষয়সমূহ ১)ৰসায়ন বিজ্ঞান ২) গণিত বিজ্ঞান ৩)পদাৰ্থ বিজ্ঞান ৪) প্ৰায়োগিক ভূতত্ত্ববিজ্ঞান ৫)বায়’টেকনলজী ৬)ইণ্ডাষ্ট্ৰিয়েল মেথমেটিকছ আৰু ইনফৰমেটিকছ

তলৰ প্ৰতিষ্ঠানসমূহেও জেমৰ নম্বৰ ব্যৱহাৰ কৰি নামভৰ্তিৰ সুযোগ প্ৰদান কৰে:

  • মতিলাল নেহৰু নেছনেল ইনষ্টিটিউট অৱ টেকনলজী হায়দৰাবাদ
  • নেছনেল ইনষ্টিটিউট অৱ ছায়েন্স এজুকেশ্বন এণ্ড ৰিছাৰ্ছ, পুনে
  • নেছনেল ইনষ্টিটিউট অৱ ছায়েন্স এজুকেশ্বন এণ্ড ৰিছাৰ্ছ, ভূপাল
  • নেছনেল ইনষ্টিটিউট অৱ ছায়েন্স এজুকেশ্বন এণ্ড ৰিছাৰ্ছ, কলকাতা

গাঁথনি সম্পাদনা কৰক

জেমৰ মাধ্যম কেৱল ইংৰাজী আৰু অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন হয়। সাতখন প্ৰশ্ন কাকতৰ বিষয়সমূহ তলত দিয়াধৰণৰ-

প্ৰত্যেকখন কাকতৰ তিনিটা ভাগ থাকে, তাৰে এটা ভাগত ৩০ টা বহুধা নিৰ্বাচনী প্ৰশ্ন, ১০টা বহু উত্তৰ বিশিষ্ট প্ৰশ্ন আৰু ২০টা অংকবিশিষ্ট প্ৰশ্ন। পৰীক্ষাৰ সময় ৩ ঘণ্টা।