জখলাবন্ধা হৈছে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এখন গুৰুত্বপূৰ্ণ ঠাই। নগাঁও জিলাৰ পূৱ প্ৰান্তত এই ঠাইখন অৱস্থিত।

নামৰ উৎপত্তিসম্পাদনা কৰক

১৪৮০ শক ইং ১৫৬৫ চনত স্বৰ্গদেউ চুখামফা বা খোৰা ৰজাৰ ৰাজত্ব কালত বৰ্তমান জখলাবন্ধা সত্ৰ নামে যিখনি সত্ৰ স্থাপন কৰা হৈছিল সেই সত্ৰৰে অধিকাৰ শ্ৰীশ্ৰীকৃষ্ণানন্দ গোস্বামীৰ এটি ১৫/১৬ বছৰীয়া আলধৰা ল'ৰাই কলঙৰ পৰা পানী আনিবলৈ গৈ মৃত্যুমুখত পৰে । এই কথা ৰজাৰ কাণত পৰাত ৰজাই কলঙৰ গড়াত যাতায়তৰ সুবিধা হোৱাকৈ শিলেৰে খটখটি বা জখলা নিৰ্মাণ কৰোৱাইছিল। এই জখলাৰ পৰাই ঠাইডোখৰৰ নাম হয়গৈ জখলাবন্ধা আৰু সত্ৰখনি জখলাবন্ধা সত্ৰ ৰূপে পৰিচিত হয়।[1]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. সোণালী সৌৰভ (স্মৃতিগ্ৰন্থ - সোণালী জয়ন্তী বৰ্ষ, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়) ২০১৪, পৃষ্ঠা নং ১, লেখক- মাণিক চন্দ্ৰ খাউণ্ড