জনা গাভৰুৰ গীত এটি প্ৰাচীন মালিতা। গীতটিৰ কাহিনীটো যিমান প্ৰাচীন লক্ষণাক্ৰান্ত,তাৰ ৰচনা-ৰীতি সিমান অৰ্বাচীন। গীতত ব্যবহাৰ হোৱা গোটাচেৰেক শব্দলৈ চাই মান আৰু চিংফৌ ৰণৰ পিছত ৰচিত বুলি ধাৰণা হয়। কলিধন নটে গোপীচন কোঁৱৰক কৈছে[1]
মানৰো ৰণলৈ গ'লে সখিদেউ
হ'ব তোমাৰেই জয়,
চিংফৌ ৰণলৈ যদি তুমি যোৱা
হ'ব তোমাৰেই জয়।

জনা গাভৰু গৰুচৰ ৰাজ্যৰ কন্যা। গোপীচন কোঁৱৰক জনাই বঙালী-কছাৰী বুলি গালি পাৰিছে। কলিধন নটেও জনা গাভৰুক "কছাৰী ল'ৰাকে তামোল দিওঁ বুলি মাতিছ ঠানুৱা" বুলি ইতিকিং কৰিছে। গৰুচৰ ৰাজ্য যদি গৌড়েশ্বৰ ৰাজ্য হয় আৰু গোপীচন যদি কছাৰী কোঁৱৰ হয়, তেনেহ'লে কছাৰী ৰজা আৰু গৌড় দেশৰ কুঁৱৰী গড়মা ওৰফে সুশুদ্ধিৰ চাঞ্চল্যকৰ প্ৰণয়-কাহিনীয়েও গীতৰ গাঁথনিৰ প্ৰেৰণা যোগাব পাৰে। প্ৰশ্ন বা সাঁথৰৰ জাল মাৰি ৰজাৰ জীয়েকে কোঁৱৰক বন্দী কৰি থোৱাৰ সাধুকথা প্ৰায় সকলো ভাষাতে পোৱা যায়। এনেকুৱা পুৰণি সাধুকথাৰ জুমুঠিত বুৰঞ্জীৰ যুগৰ ৰহণ সানি গীতটো ৰচনা কৰা যেন লাগে।[2]
জনা গাভৰুৰ গীতটি কেইবাটাও দৃষ্টিকোণৰ পৰা বৈশিষ্ট্যপূৰ্ণ । লোক-সাহিত্য সাধাৰণতে লোক বিশ্বাসৰ পটভূমিত সৃষ্টি হয়। গোপীচনৰ মাকে জনাক কু-লক্ষণী বুলি গালি দিয়া বৰ্ণনাত লোক-বিশ্বাস ফুটি ওলাইছে ৷ [3] জনাৰ চুলিটাৰ জেঠী নেগুৰীয়া
তাইৰ মান শাখিনী নাই,
হিয়া ভাঙি ভাঙি খোজক বুলে তাই
তাইৰ মান কুলক্ষণী নাই।
জনাৰ ভৰিযোৰ খৰমযুৰীয়া
তাইৰ মান গজমূৰী নাই,
পাছক মানুহ চাই খোজক বুলে তাই
তাইৰ মান খাইমুৰী নাই।
এপুৰা চাউলক জনা গাভৰুৱে
কোঁচত লৈ গলিয়াই খায়,
জনাৰ দাঁত দুপাৰি সখা এফুলা
হাঁহিলে আপচু দেখি ।

জনা গাভৰুৰ গীতত বুৰঞ্জীৰ যুগৰ সাজ-পাৰ, কাপোৰ-কানিৰো এটি চিনাকি পোৱা যায়। গোপীচনৰ সাজ-পাৰ এই—[4] জোকাৰি পিন্ধিলে গোমচেঙ্গৰ চোলাটি
মাজত বাখমাৰি কৰা,
কঁকালত মাৰিলে জৰদৰ টঙালি
দেখিলে জিলমিল কৰা।
থুৰিয়াই পিন্ধি গ'ল ধলপাটৰ চুৰিয়া
মূৰত দাউকীয়া পাগ।

জনাৰ সাজ-পাৰত আছে—[5] ভৰিত পিন্ধিলে হেজাৰী সোণৰ জোতা
কাণত গজ-মুকুতাৰ লং
গাতে পিন্ধিলে দুহেজাৰ সুণীয়া
মূৰত বালিচৰি চং।

জনা গাভৰুৰ গীতত অনেক পুৰণি ইতিহাস খুঁচৰিবলৈ সমল পোৱা যায়। পুৰণি সাধুকথাৰ জঁকা এটাত যুগৰ ৰহণ সানি জনা গাভৰুক কবিয়ে সজাই-পৰাই উলিয়াইছিল আৰু এই গীতটি সেইবাবেই অসমীয়া লোক-সাহিত্যৰ এটি লেখত ল'বলগীয়া সম্পত্তি।[6]

  1. অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা ২০১১, পৃষ্ঠা নং-১৬৪
  2. অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা ২০১১,পৃষ্ঠা নং-১৬৪
  3. অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা ২০১১, পৃষ্ঠা নং-১৬৫
  4. অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা ২০১১, পৃষ্ঠা নং-১৬৬
  5. অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা ২০১১, পৃষ্ঠা নং-১৬৬
  6. অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা ২০১১, পৃষ্ঠা নং-১৬৬