শ্ৰীকৃষ্ণৰ জন্মাষ্টমী শাস্ত্ৰীয়ভাৱে উদযাপিত হোৱাৰ বাহিৰেও নাটকীয় সমলযুক্ত বিভিন্ন আচৰণৰ সৈতেও পালন কৰা দেখা যায়। কোনো কোনো নামঘৰ বা গোসাঁই ঘৰত বিশেষকৈ লাউপাৰাৰ শ্ৰীশ্ৰীশ্যামৰায়।গোসাঁই ঘৰত ভকত-ভকতনীসকলে শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালনৰ উদ্দেশ্যে ৰং-বিৰঙৰ কাপোৰেৰে শিশু কৃষ্ণৰ এটি পুতলা নিৰ্মাণ কৰে। প্ৰাৰ্থনাদি শেষ হোৱাৰ পিছত এজন পুৰুষ বা এজনী নাৰীয়ে দৈৱকীৰ ভাও লয়। তেওঁৰ যেন প্ৰসৱ বেদনা আৰম্ভ হৈছে। তাত উপস্থিত থকা পুৰুষ এগৰাকীয়ে চিকিৎসকৰ ভাও লৈ দৈৱকীৰ চিকিৎসাৰ বাবে আগবাঢ়ে।কিন্তু তেওঁৰ চিকিৎসাৰ কোনো কাম নহ'ল।কিন্তু তেওঁৰ অৰিহণা ফেৰা কল-তামোল-পাণ আদি ৰূপে নিবলৈও নাপাহৰিলে।তেওঁৰ দৰে আৰু দুজন চিকিৎসকে দৈৱকীৰ বিষ উপশম কৰিবলৈ চেষ্টা কৰিলে,যদিও কোনো ফল নহ'ল।মাজ নিশা আন এজন ভকতে চিকিৎসকৰ ভাওলৈ আগবাঢ়ি আহিল।তেওঁৰ উপস্থিতি আছিল ফলপ্ৰসূ-অৰ্থাৎ দৈৱকীয়ে বাল গোপালক জন্ম দিলে।সেই মূহুৰ্ততে পুৰোহিতজনে মণিকূটৰ পৰা কৃষ্ণৰ পুতলাটি দুয়ো হাতত তুলি লৈ-কৃষ্ণ জন্মিলে ,কৃষ্ণ জন্মিলে বুলি চিঞৰি দিয়ে,লগে লগে নৃত্যভংগীও প্ৰদৰ্শন কৰে।

           বৰপেটা সত্ৰত জন্মাষ্টমীৰ প্ৰসংগত ব্ৰাহ্মণ পুৰোহিতে কীৰ্ত্তন ঘৰত কলীয়া ঠাকুৰ আৰু দৌল গোবিন্দক পূজা কৰে।পূজা কৰা ঠাইখিনিক দৈৱকীৰ প্ৰৱস গৃহ বুলি ধৰি লোৱা হয়।তাত যেন কৃষ্ণৰ জন্ম হৈছিল।এই ঠাইখণ্ড আঠুৱা এখনেৰে ঢাকি ৰখা হয়।মাজনিশাৰ পূৰ্বেই পূজা উপাসনাৰ অন্ত পৰে।বিহান পুৱাতেই শ্ৰীকৃষ্ণৰ জন্ম হোৱা বুলি কোৱা হয়।পুৰোহিতে কৃষ্ণৰ জন্মৰ লগে লগে শংখ,ঘণ্টা আদি বজায়।মহিলাসকলে উৰুলি দিয়ে।পূজাৰীয়ে কলীয়া ঠাকুৰ আৰু দৌল গোবিন্দৰ পূৰ্বৰ স্থানত স্থাপন কৰাৰ লগে লগে কৃষ্ণ জন্মাষ্টমীৰ অন্ত পৰে।ইফালে সেইদিনা বৰপেটাৰ আশে পাশে থকা অবিবাহিতা গাভৰুসকলে ব্ৰত পালন কৰে।তেওঁলোকে দিনৰ দিনটো আৰু ৰাতিৰ নিৰ্জন উপবাস দিয়ে।তেওঁলোকে পুতলাৰ সৈতে বিয়া পতাৰ ভাও কৰি বিয়া গীত পদ গায়।এইদৰে দিনটো পাৰ কৰি দিয়ে।গধূলিৰ ফালে তেওঁলোকে শোভাযাত্ৰা কৰে।এই যাত্ৰাত ৭-১০বছৰীয়া ল'ৰা। এজনক দৰা স্বৰূপে সজাই লোৱা হয়।দৰাৰ ভাও লোৱা ল'ৰাজনে গাভৰুসকলৰ শোভাযাত্ৰাৰ আগত থাকি আগবঢ়াই লৈ যায়।কীৰ্ত্তন ঘৰত সেৱা কৰি উঠি দলটো পুনৰ আগৰ ঠাইলৈ ঘূৰি আহে।আকাশত জোন নুঠালৈকে ছোৱালীহঁতে গীত পদ গাই,নাচি-বাগি সময় কটায়।পুতলাৰ সৈতে গাভৰুসকলৰ বিবাহৰ প্ৰসংগত আগবঢ়োৱা নৈবেদ‍্যৰাজি অংশগ্ৰহণকাৰীসকলৰ মাজত বিতৰণ কৰা হয়।পিছদিনা ঘিউ আৰু ভাত খাই গাভৰুহঁতে ব্ৰত ভংগ কৰে।

                জন্মাষ্টমীৰ প্ৰসংগত অনুষ্ঠিত মহিলাৰ নামত নাৰীসকলে বসুদেৱ, দৈৱকী,কংস,পুতূনা আদিৰ ভাও লৈ অভিনয়ো কৰে।দৰং অঞ্চলত প্ৰচলিত জন্মাষ্টমী নামৰ নমুনা এটি তলত দিয়া হ'ল।যেনে:

দিহা:

     গিৰ গিৰ শবদে     মেঘে বৰষিলা

                নুশুনি প্ৰজাৰে মাত।

   পালি-পহৰীয়া       সবে নিদ্ৰা গৈলা

                উপজিলে জগন্নাথ।।

পদ:

        ভাদৰে মাহৰে ৰোহিণী নক্ষত্ৰে

          কৃষ্ণ অষ্টমীৰে ৰাতি।

       ঘোৰ বন্দী শালে কৃষ্ণ ওপজিলা

          দেখিলা দৈৱকী সতীহে।।

       কৃষ্ণৰ সুন্দৰ বদন নিৰিখি

           দৈৱকী বিস্ময় ভৈলা।

       কংসৰ নিৰ্ব্বন্ধ সুমৰি সুমৰি

            দৈৱকী কান্দিবে লৈলাহ।।


প্ৰসংগ পুথি:ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা

ড০ নবীন চন্দ্ৰ শৰ্মা