জমাৎ-উল-বিদা (আৰবী: جمعة الوداع বিদায়ৰ শুক্ৰবাৰ, বা al-Jumu'ah al-Yateemah আৰবী: الجمعة اليتيمة বা the orphaned Friday উৰ্দু: الوداع جمعہ‎ বা অল-বিদা জুম্মা) হৈছে ঈদুল ফিতৰ পূৰ্বে ৰমজান (পঞ্জিকা মাহ) মাহৰ শেষ শুক্ৰবাৰ।

জমাৎ-উল-বিদা
প্ৰকাৰ উৎসৱ
তাৰিখ ঈদুল ফিতৰৰ পূৰ্বে ৰমজান মাহৰ শেষ শুক্ৰবাৰ।
অৱধি এদিন
সংঘটন বাৰ্ষিক

ব্যুৎপত্তি সম্পাদনা কৰক

উৰ্দু ভাষাৰ 'জুমা' বা 'জুম্মা' শব্দটোৰ অৰ্থ হৈছে শুক্ৰবাৰ[1]আৰু 'বিদা' মানে বিদায়।

ঐতিহ্য সম্পাদনা কৰক

শুক্ৰবাৰ (জুম্মাবাৰ )এনে এটি দিন, যিদিনা মুছলমান সম্প্ৰদায়ৰ পুৰুষ সকলে দিনটোৰ মধ্য ভাগত প্ৰাৰ্থনাৰ বাবে ধৰ্মীয় অনুষ্ঠান মছজিদ নাইবা কোনো এক বিশেষ স্থানত একত্ৰিত হয়। মহিলা সকলেও এই প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিব পাৰে কিন্তু তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই। পবিত্ৰ কোৰানত (পাঠ নং ৬২, অধ্যায় নং ৯ ত) স্পষ্টকৈ কৈছে যে- তোমালোক যিয়ে বিশ্বাস কৰা! যেতিয়া আল্লাহক স্মৰণ কৰি শুক্ৰবাৰৰ প্ৰাৰ্থনাৰ আহ্বান (আজান ) দিয়া হয়, সকলো কাম তথা ব্যৱসায় পেলায় ততাতৈয়াকৈ যোৱাহঁক, সেইটোৱেই হৈছে তোমালোকৰ অত্যোত্তম।[2]

ইছলাম ধৰ্মত শুক্ৰবাৰ দিনক বিশেষ দিন বুলি ঘোষণা কৰা নাই যদিও ইছলাম ধৰ্মীয় লোক সকলে ৰমজান মাহৰ শুক্ৰবাৰক দ্বিতীয় পবিত্ৰতম দিন আৰু বছৰৰ অন্যতম গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচনা কৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Urdupoint.com". https://www.urdupoint.com/dictionary/roman-urdu-to-english/jumma-roman-urdu-meaning-in-english/40980.html. 
  2. "62:9". http://quran.com/62/9.  Quran Surah Al-Jumu'a ( Verse 9 ) Archived 2018-01-29 at the Wayback Machine