জল্লিকট্টু

তামিল জাতিৰ প্ৰাচীন পৰম্পৰাগত ক্ৰীড়া

জল্লিকট্টু বা চল্লিকট্টু (ইংৰাজী: Jallikattu; তামিল: சல்லிகட்டு) হ'ল তামিল জাতিৰ প্ৰাচীন পৰম্পৰাগত ক্ৰীড়া। য'ত এটি ষাঁড় গৰুক তাৰ শিঙত ধৰি পৰাস্ত কৰিব লাগে। এই খেল তামিলনাডুৰ এক প্ৰাচীন উৎসৱ পোঙ্গাল উৎসৱ উপলক্ষে আয়োজন কৰা হয়। জল্লিকট্টু শব্দটো আহিছে চল্লি ক্চু (মুদ্ৰা) আৰু কট্টু (উপহাৰ)ৰ পৰা। ই এবিধ প্ৰাচীন খেল যি আজি প্ৰচলিত। জল্লিকট্টু খেলত যিবিলাক ষাঁড়গৰু ব্যৱহাৰ কৰা হয় সেইবিলাক ষাঁড়গৰুক সৰুৰে পৰাই বিশেষভাবে লালন-পালন কৰা হয়। এই খেলক তামিলনাডুৰ গৌৰৱ তথা সংস্কৃতিৰ প্ৰতীক বুলি কোৱা হয়। এই খেল ২০০০ বছৰ পুৰণি খেল যিটো তামিল সংস্কৃতিৰ সৈতে জড়িত।

জলিকট্টু

জলিকট্টুত এজন যুৱকে এটা ষাঁড় গৰুক নিয়ন্ত্ৰণাধীন কৰিবলৈ চেষ্টা কৰি থকা মুহূৰ্তত
অন্য নাম এৰু থাঝুবুথল, মঞ্জু বিৰাট্টু
প্ৰথমবাৰ খেলা হয় 400-100 BC[1]
বৈশিষ্ট্য
মিশ্ৰিত লিঙ্গৰ খেল নহয়
খেলৰ স্থান মুক্ত পথাৰ
অলিম্পিক নহয়
পেৰালিম্পিক নহয়

নিষেধাজ্ঞা আৰু বিবাদ সম্পাদনা কৰক

২০১০ চনৰ পৰা ২০১৪ চনলৈকে এই খেলত ১,১০০জন আহত আৰু ১৭ জনৰ মৃত্যু হৈছিল। বিগত দশকত দুশৰো অধিক মানুহে এই খেলত অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰিছিলে। ২০০৪ চনৰ পৰা পশু সুৰক্ষা সংস্থা পেটাই জল্লিকট্টু খেলত জীৱজন্তুৰ ওপৰত অত্যাচাৰ দৰ্শাই বিৰোধ প্ৰদৰ্শন কৰি আছিলে। আৰু পিছলৈ পেটাই এই বিষয়টো ছুপ্ৰিম কোৰ্টলৈ লৈ যায়। আদালতে ২০১৪ চনত এই খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্ণয় শুনায়। ২০১৪ চনত জল্লিকট্টুৰ বিৰোধিতা কৰি বহু পশু কাৰ্য্যকৰ্তাই ইয়াৰ ওপৰত প্ৰতিবন্ধকতা লগাবলৈ ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিল। পশু ক্ৰুৰতা নিবাৰণ আইন-১৯৬০ক এই খেলে বিৰুদ্ধাচৰণ কৰাৰ বাবে ছুপ্ৰিমকোৰ্টে এক মামলাত জল্লিকট্টুক নিষিদ্ধ কৰিবলৈ ৰায়দান কৰিছিল। ২০১৬ চনৰ ৭ জানুৱাৰী তাৰিখে কেন্দ্ৰ চৰকাৰে এই খেলত ষাঁড়গৰু ব্যৱহাৰক লৈ সেউজ সঙ্কেত দি অধিসূচনা জাৰি কৰিছিল। পৰম্পৰা অনুসৰি জল্লিকট্টু খেলত ষাঁড়গৰু ব্যৱহাৰ কৰিব পাৰিব বুলি চৰকাৰে মতামত দিছিল। ইয়াকেলৈ কোৰ্টে চৰকাৰৰ পৰা উত্তৰ বিচৰাৰ লগতে ২০১৪ চনত সৰ্বোচ্চ ন্যায়ালয়ে জল্লিকট্টুৰ ওপৰত লগোৱা প্ৰতিবন্ধকতাক উলঙ্ঘন কৰা নাযাব বুলি কৈছিল। ২০১৭ চনৰ ১৪ জানুৱাৰী তাৰিখে[2] জল্লিকট্টুৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই এই খেল প্ৰদৰ্শন কৰিবলৈ চেন্নাইৰ মাৰিনা বিচত সপক্ষবাদী বিক্ষোভকাৰীসকলে একত্ৰিতহৈ মানৱ শৃঙ্খল গঠন কৰিছিল। ইয়াত বিভিন্ন দলৰ নেতাৰ লগতে তামিল ছবিৰ বহু অভিনেতাও যোগদান কৰিছিল। ইহঁতে কেন্দ্ৰ চৰকাৰ আৰু পিপুল ফৰ দি এথিকাল ট্ৰিটমেণ্ট অফ আনিমলস (পেটা) সংগঠনৰ বিৰোধিতা কৰি শ্ল'গান দিছিল।[3][4]

চিত্ৰ বিথিকা সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

  •   ৱিকিমিডিয়া কমন্সত জল্লিকট্টু সম্পৰ্কীয় মিডিয়া ফাইল।