জসীমউদ্দিনৰ জন্ম হয় ১৯০৪ চনৰ ১ জানুৱাৰীত বাংলাদেশৰ ফৰিদপুৰ জিলাৰ অম্বিকাপুৰ গাঁঁৱত। তেওঁৰ পিতা মৌলভি আনসাৰ উদ্দিন আছিল এজন স্কুল শিক্ষক। তেওঁৰ লিখনীৰে বাংলা লোক সাহিত্যৰ ভাণ্ডাৰ সমৃদ্ধশালী কৰাৰ বাবে তেওঁক পল্লীকবি বুলিও কোৱা হয়। ১৯৩১ চনত জসীমউদ্দিনে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ পাছ কৰে। ১৯৩৮ চনত ঢাকা বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত প্ৰভাষক হিচাপে যোগদান কৰি আনুষ্ঠানিকভাৱে কৰ্ম জীৱনৰ আৰম্ভণি ঘটে। ১৯৪৭ চনৰ শেষৰ পিনে পাকিস্তান চৰকাৰৰ অতিৰিক্ত লোকসংগীত প্ৰচাৰ হিচাপে যোগ দিয়ে। তেওঁৰ লিখা কবিতা সংকলনৰ মাজত অন্যতম "নক্সা কাঁথাৰ মাঠ", "বালুচৰ", "ধানখেত" অন্যতম। ১৯৫১ চনত তেওঁৰ লিখা "মাটিৰ কান্না" ৰুছ ভাষাত অনূদিত হয়। ১৯৭৬ চনত জসীমউদ্দিনৰ স্বতন্ত্ৰ বাংলাদেশৰ সৰ্বোচ্চ নাগৰিক সন্মান "২১শে পদক"ত ভূষিত কৰা হয়। ১৯৭৬ চনত ১৩ মাৰ্চ চনত পল্লীকবিৰ দেহাৱসান ঘটে।